ETV Bharat / entertainment

উত্তৰত প্ৰদেশ আৰক্ষীত যোগদান কৰিব ছানী লিয়নীয়ে ! ভাইৰেল ছানীৰ এডমিট কাৰ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 3:58 PM IST

Will Sunny Leone quit acting and join the UP Police ? Admit card went viral, know the truth
আৰক্ষীত যোগদান কৰিব নেকি ছানী লিয়নী

Sunny Leone: ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে অভিনেত্ৰী ছানী লিয়নী ৷ কাৰণ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে তেওঁৰ নাম আৰু ফটো থকা পৰীক্ষাৰ এডমিট কাৰ্ড । এই এডমিট কাৰ্ডখন উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ, য’ত ছানীৰ ছবিও ছপা হৈছে । কিন্তু কিমান সত্য এই খবৰ সবিশেষ জানক এই প্ৰতিবেদনত ৷

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় বলীউডৰ অভিনেত্ৰী ছানী লিয়নী ৷ প্ৰায়ে নিজৰ গ্লেমাৰাছ আৰু ব’ল্ড ফটো শ্বেয়াৰ কৰি বাতৰিৰ শিৰোনাম দখল কৰে ছানী লিয়নীয়ে । এতিয়া আকৌ এবাৰ চৰ্চাত ছানী । অৱশ্যে এইবাৰ ছানীৰ চৰ্চাত থকাৰ কাৰণ তেওঁৰ ফটো নহয়, বৰঞ্চ ইণ্টাৰনেটত ভাইৰেল হ’ল তেওঁৰ পৰীক্ষাৰ এডমিট কাৰ্ডহে । হয়, ছানী লিয়নীৰ এখন এডমিট কাৰ্ড ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ইয়াৰ পিচতে এতিয়া কোৱা হৈছে যে, ছানী লিয়নীয়ে অভিনয় এৰি উত্তৰ প্ৰদেশ আৰক্ষীত যোগদান কৰিব ৷ কিন্তু কিমান দূৰ সঁচা এই খবৰ জানো আহক এই প্ৰতিবেদনত ।

উত্তৰ প্ৰদেশ আৰক্ষীত যোগদান কৰিব নেকি ছানী লিয়নীয়ে ?

আচলতে উত্তৰ প্ৰদেশত আৰক্ষীৰ নিযুক্তি পৰীক্ষা চলি আছে, এই পৰীক্ষাত ৪৮ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে । ইয়াৰে এটা নাম হ’ল অভিনেত্ৰী ছানী লিয়নীৰ নাম । আচলতে শেহতীয়াকৈ এখন এডমিট কাৰ্ড ভাইৰেল হৈ পৰিছে, যিটো এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় । এই এডমিট কাৰ্ডখন বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ নামত প্ৰদান কৰা হৈছে । এডমিট কাৰ্ডখনত ছানী লিয়নীৰ গ্লেমাৰাছ ফটোও দেখা গৈছে ।

এডমিট কাৰ্ডৰ সবিশেষ

উত্তৰ প্ৰদেশ আৰক্ষী বিভাগে প্ৰদান কৰিছে এই এডমিট কাৰ্ড । ইয়াত ৰঙা ৰঙৰ ড্ৰেছ পৰিধান কৰা ছানী লিয়নীৰ অতি গ্লেমাৰাছ ফটোও দেখা গৈছে । কাৰ্ডখনত ছানীৰ নামো লিখা আছে । ঠিকনা মুম্বাই আৰু আনটো ঠিকনা কাছগঞ্জ দিয়া আছে । পৰীক্ষা কেন্দ্ৰটো হৈছে মন্দিবজাৰ তিৰভা কন্নৌজৰ ছন শ্ৰী স্মাৰক বালিকা মহাবিদ্যালয়, য'ত অভিনেত্ৰীগৰাকীয়ে পৰীক্ষা দিব । পিতৃৰ নাম JORJGI আৰু মাতৃৰ নাম DARMI বুলি লিখা আছে । পিন কোড ২১০৪২৩ আৰু আধাৰ নম্বৰ ৩৫১৩৩৪৬৭৩৮৮৭ । অৱশ্যে লিংগ মহিলাৰ সলনি পুৰুষ বুলি দিয়া আছে । পৰীক্ষাৰ পঞ্জীয়ন নম্বৰ হৈছে ১২২৫৮৫৭৪ । পৰীক্ষাৰ ক’ড ৫১০১০ । এই এডমিট কাৰ্ডখন এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ।

তদন্তত নিয়োজিত আৰক্ষী

এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই এডমিট কাৰ্ডখন ভুৱা ৷ এডমিট কাৰ্ডখন আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ পিচতে তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী অমিত কুমাৰ আনন্দে । আৰক্ষী অধীক্ষক অমিত কুমাৰ আনন্দই কয় যে এয়া কাৰোবাৰ দুষ্টামি, যিয়ে ছানী লিয়নীৰ নামত আবেদন কৰিছিল, কিন্তু নাম আৰু ফটো নোচোৱাকৈ এডমিট কাৰ্ড প্ৰদান কৰাত আৰক্ষী বিভাগেও গাফিলতি কৰিছে । বিষয়টোৰ তথ্য উত্তৰ প্ৰদেশৰ নিযুক্তি আৰু প্ৰমোচন ব’ৰ্ড, লক্ষ্ণৌক দিয়া হৈছে । বিষয়টোৰ তদন্ত কৰি ছানী লিয়নীৰ নামত আবেদন কৰা ব্যক্তিজনৰ সন্ধান উলিওৱা হ’ব আৰু তেওঁ কিয় এই কাম কৰিলে সেয়া জানিব পৰা যাব ।

লগতে পঢ়ক: বিয়াৰ বাবে গোৱাত উপস্থিত ৰকুল প্ৰীত-জেকী ভগনানী, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.