ETV Bharat / entertainment

দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী প্ৰদৰ্শনত নিষেধাজ্ঞা উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:40 PM IST

The Indrani Mukerjea Story: বম্বে উচ্চ ন্যায়ালয়ে বৰ্তমান ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে । এই গোচৰৰ চিবিআইৰ আবেদনৰ শুনানিৰ সময়ত আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

After CBI petition Bombay High Court bans screening of Netflix docu The Indrani Mukerjea Story
দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী প্ৰদৰ্শনত নিষেধাজ্ঞা উচ্চ ন্যায়ালয়ৰ

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: পুনৰ চৰ্চাত হাইপ্ৰফাইল গোচৰ শ্বীনা বৰা হত্যাকাণ্ড ৷ দৰাচলতে শেহতীয়াকৈ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে ঘোষণা কৰিছিল ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ৰ তথ্যচিত্ৰ ৷ কিন্তু এতিয়া এই তথ্যচিত্ৰক লৈ বম্বে উচ্চ ন্যায়ালয়ে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সক সকীয়নি প্ৰদান কৰিছে ৷

শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সক ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । উচ্চ ন্যায়ালয়, চিবিআইৰ বিষয়া আৰু অধিবক্তাৰ পৰা ধাৰাবাহিকখনৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে নেটফ্লিক্সক ।

চিবিআইয়ে দাখিল কৰিছিল আবেদন

২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ ওপৰত নেটফ্লিক্সৰ ‘‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী দ্য বাৰিড ট্ৰুথ’’ নামৰ তথ্যচিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিবলৈ চিবিআইয়ে দাখিল কৰা আবেদনৰ সন্দৰ্ভত বম্বে উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয় । ন্যায়াধীশ ৰেৱতী মোহিতে-দেৰে আৰু ন্যায়াধীশ মঞ্জুশ দেশপাণ্ডেৰ দ্বাৰা এই শুনানি অনুষ্ঠিত হয় । চিবিআইয়ে নিজৰ আবেদনত তথ্যচিত্ৰখনৰ ওপৰত আপত্তি প্ৰকাশ কৰি দাবী কৰিছিল যে এই গোচৰটো বৰ্তমান আদালতত বিচৰাধীন হৈ আছে, গতিকে এনে ক্ষেত্ৰত তথ্যচিত্ৰখনে সাক্ষীক প্ৰভাৱিত কৰিব পাৰে ।

আচলতে অ’টিটি প্লেটফৰ্মে প্ৰকাশ কৰা টিজাৰত এই গোচৰৰ সৈতে জড়িত বহু লোককো দেখা গৈছে । শুনানিৰ অন্তত বম্বে উচ্চ ন্যায়ালয়ে নেটফ্লিক্সক সকীয়নি দিয়াই নহয়, তথ্যচিত্ৰখনৰ প্ৰদৰ্শনতো নিষেধাজ্ঞা আৰোপ কৰে । ৱেব ছিৰিজখনত কোনো সাক্ষীৰ কথা উল্লেখ কৰা হোৱা নাই নেকি ? যাৰ সাক্ষ্য বাকী আছে, সেই বিষয়ে আদালতে জানিব বিচাৰিছে । এতিয়া এই বিষয়টোক লৈ অহা বৃহস্পতিবাৰে পুনৰ উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 'The Indrani Mukherjee Story: Buried Truth'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি নেটফ্লিক্স ইণ্ডিয়াই নিজৰ ইনষ্টাগ্ৰাম কেপচনত লিখিছিল, "সমগ্ৰ দেশক জোকাৰি যোৱা এটা চাঞ্চল্যকৰ কেলেংকাৰী, এই সকলোবোৰৰ কেন্দ্ৰবিন্দু আছিল এটা পৰিয়ালৰ আটাইতকৈ ক’লা গোপনীয়তা । দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী ব্ৰিড ট্ৰুথ, কেৱল 23 ফেব্ৰুৱাৰীত নেটফ্লিক্সলৈ আহিব !"

তথ্যচিত্ৰখনে শ্বীনা বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু তাৰ পিচত ২০১৫ চনত শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ, যিগৰাকী পূৰ্বে মিডিয়া টাইকুন পিটাৰ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । এই সকলোবোৰৰ আৰঁত লুকাই থকা সত্য এই তথ্যচিত্ৰৰ জৰিয়তে পোহৰলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল নেটফ্লিক্সে ৷ অৱশ্যে এতিয়া নেটফ্লিক্সৰ পেজৰ পৰা ইয়াৰ ট্ৰেইলাৰ ডিলিট কৰি দিয়া হৈছে ।

ইন্দ্ৰাণী মুখাৰ্জীৰ ২০২৩ চনৰ স্মৃতিগ্ৰন্থ আনব্ৰকেন: দ্য আনটল্ড ষ্ট’ৰীৰ কেইমাহমানৰ পিচতে নেটফ্লিক্সক মুক্তি পোৱাৰ কথা আছিল এই তথ্যচিত্ৰখন । ইন্দ্ৰানীয়ে নিজৰ গ্ৰন্থখনত জেইলত কটোৱা ছবছৰৰ লগতে মিডিয়া বিশেষজ্ঞ হোৱাৰ পৰা হত্যাৰ অভিযুক্ত হোৱালৈকে সমগ্ৰ জীৱনৰ কাহিনী বৰ্ণনা কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে ইন্দ্ৰানী বৰ্তমান জামিনত বাহিৰত আছে ।

লগতে পঢ়ক: ইন্দ্ৰাণী মুখাৰ্জীৰ তথ্যচিত্ৰ মুক্তিত চিবিআইৰ বাধা, নেটফ্লিক্সলৈ জাননী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.