ETV Bharat / entertainment

ইন্দ্ৰাণী মুখাৰ্জীৰ তথ্যচিত্ৰ মুক্তিত চিবিআইৰ বাধা, নেটফ্লিক্সলৈ জাননী জাৰি

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 3:51 PM IST

The Indrani Mukerjea Story: CBI moves Mumbai Special Court To Stop Broadcast of Docu Series
নেটফ্লিক্সত সম্প্ৰচাৰ নহয় ইন্দ্ৰাণী মুখাৰ্জীৰ তথ্যচিত্ৰ

The Indrani Mukerjea- Story The Buried Truth: নেটফ্লিক্সৰ তথ্যচিত্ৰ ধাৰাবাহিক ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী দ্য বাৰিড ট্ৰুথ’ মুক্তিৰ পূৰ্বেও কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)-এ ইয়াক মুক্তিত নিষেধাজ্ঞা জাৰি কৰিছে ।

চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: বহু বছৰৰ পিচত আকৌ এবাৰ বাতৰিৰ শিৰোনামা দখল কৰিছে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰ । শেহতীয়াকৈ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ইন্দ্ৰাণী মুখাৰ্জীৰ ওপৰত এখন তথ্যচিত্ৰৰ কথা ঘোষণা কৰিছিল, য’ত সমগ্ৰ হত্যাকাণ্ডৰ গোচৰৰ স্তৰসমূহ প্ৰকাশ পাব বুলি কোৱা হৈছিল । এই তথ্যচিত্ৰখনৰ নাম হৈছে -‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী দ্য বাৰিড ট্ৰুথ’ ৷ অৱশ্যে মুক্তিৰ পূৰ্বেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ছিৰিজখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

উল্লেখ্য যে, ইন্দ্ৰাণী মুখাৰ্জীৰ তথ্যচিত্ৰ কিছুদিনৰ পিচত OTT ত মুক্তি পোৱাৰ কথা আছিল । কিন্তু মুক্তিৰ পূৰ্বেই লাগিল কেনা ৷ কাৰণ, মুক্তিৰ পূৰ্বেই চিবিআইয়ে নেটফ্লিক্সক জাননী জাৰি কৰি মুক্তিত নিষেধ আৰোপ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

চিবিআইৰ দাবী কি ?

শনিবাৰে চিবিআইয়ে মুম্বাইৰ আদালতত এখন আবেদন দাখিল কৰিছে । পিটিআইৰ বাতৰি অনুসৰি, ৰাজহুৱা অধিবক্তা চিজে নন্দোদৰ জৰিয়তে দিয়া এই আবেদনত চিবিআইয়ে দাবী জনাইছে যে শ্বীনা বৰা হত্যাকাণ্ডৰ সৈতে জড়িত ইন্দ্ৰাণী মুখাৰ্জীকে ধৰি সকলো লোককে দেখুৱাব নালাগে । এই বিষয়টো সমাধান নোহোৱালৈকে যিকোনো প্লেটফৰ্মত তথ্যচিত্ৰখনৰ টেলিকাষ্ট তৎক্ষণাত নিষিদ্ধ কৰিব লাগে ।

তথ্যচিত্ৰখন মুক্তি পাবনে ?

চিবিআইৰ বিশেষ ন্যায়াধীশ এছ পি নায়ক আৰু নিম্বালকাৰে নেটফ্লিক্স এণ্টাৰটেইনমেণ্ট চাৰ্ভিচ ইণ্ডিয়াক জাননী জাৰি কৰিছে । ইয়াৰ লগতে আবেদনৰ উত্তৰ বিচৰা হৈছে । এই গোচৰৰ শুনানিৰ ২০ ফেব্ৰুৱাৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী দ্য বাৰিড ট্ৰুথ’ মুক্তিৰ কথা আছিল ।

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰ কি ?

এই হাই প্ৰফাইল হত্যাকাণ্ডৰ কথা ক’বলৈ ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ চালক শ্যামভাৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাৰ বিৰুদ্ধে ২৪ বছৰীয়া শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ । এই সমগ্ৰ বিষয়টো ২০১৫ চনত পোহৰলৈ আহিছিল, যেতিয়া ইন্দ্ৰাণী মুখাৰ্জীৰ চালকে এই হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰিছিল । ইন্দ্ৰাণী মুখাৰ্জীক ১৫ আগষ্টত জিম্মাত লোৱা হৈছিল । অৱশ্যে ২০২২ চনৰ মে’ মাহত জামিন লাভ কৰে ইন্দ্ৰাণীয়ে । ইন্দ্ৰানীৰ উপৰিও তেওঁৰ স্বামী পিটাৰ মুখাৰ্জী, প্ৰাক্তন স্বামী আৰু চালকো বৰ্তমান জামিনত বাহিৰত আছে ।

লগতে পঢ়ক: নেটফ্লিক্সত প্ৰকাশ পাব শ্বীনা বৰাৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.