ETV Bharat / entertainment

নেটফ্লিক্সত প্ৰকাশ পাব শ্বীনা বৰাৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:22 PM IST

The Indrani Mukerjea Story: মুক্তি লাভ কৰিছে তথ্যচিত্ৰ ছিৰিজ ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী: ব্ৰীড ট্ৰুথ’ৰ পোষ্টাৰ । ইয়াৰ লগতে নেটফ্লিক্সে ইয়াৰ প্ৰিমিয়াৰৰ তাৰিখো ঘোষণা কৰিছে ।

Netflix announces documentry series The Indrani Mukerjea Story Buried Truth
দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী: ব্ৰীড ট্ৰুথ’ৰ পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: ইন্দ্ৰাণী মুখাৰ্জীয়ে হত্যা কৰিছিল নেকি তেওঁৰ কন্যা শ্বীনা বৰাক ? শ্বীনা বৰাৰ হত্যাৰ আঁৰৰ কাহিনী কি ? এতিয়া এই প্ৰকৃত চাঞ্চল্যকৰ কাহিনী দেখুওৱা হ’ব অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত । আচলতে আজি মুকলি হ’ল তথ্যচিত্ৰ ছিৰিজ ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী: ব্ৰীড ট্ৰুথ’ৰ পোষ্টাৰ । অৰ্থাৎ নেটফ্লিক্সৰ এই ছিৰিজখনত শ্বীনা বৰা হত্যাকাণ্ডৰ কাহিনী দেখুওৱা হ’ব । সোমবাৰে নেটফ্লিক্স ইণ্ডিয়াই পোষ্টাৰ মুকলি কৰি ছিৰিজখনৰ প্ৰিমিয়াৰৰ তাৰিখ ঘোষণা কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০১২ চনত শ্বীনা বৰাৰ হত্যাকাণ্ডৰ অভিযোগত ২০১৫ চনত লাইমলাইটলৈ আহিছিল ইন্দ্ৰাণী মুখাৰ্জী ।

ইন্দ্ৰাণী মুখাৰ্জীৰ কাহিনীৰ লুকাই থকা সত্য প্ৰকাশ পাব তথ্যচিত্ৰত

'The Indrani Mukerjea Story: Buried Truth'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি নেটফ্লিক্স ইণ্ডিয়াই নিজৰ ইনষ্টাগ্ৰাম কেপচনত লিখিছে, ‘‘সমগ্ৰ দেশক জোকাৰি যোৱা এটা চাঞ্চল্যকৰ কেলেংকাৰী, এই সকলোবোৰৰ কেন্দ্ৰবিন্দু আছিল এটা পৰিয়ালৰ আটাইতকৈ ক’লা গোপনীয়তা । দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী ব্ৰিড ট্ৰুথ, কেৱল 23 ফেব্ৰুৱাৰীত নেটফ্লিক্সলৈ আহিব !" মনকৰিবলগীয়া যে এই তথ্যচিত্ৰখনত শ্বীনা বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু তাৰ পিচত ২০১৫ চনত শ্বীনাৰ কথিত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ গ্ৰেপ্তাৰৰ সকলো সঁচা তথ্য প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছে, যি পূৰ্বে মিডিয়া টাইকুন পিটাৰ মুখাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ।

ইন্দ্ৰাণী মুখাৰ্জীৰ ২০২৩ চনৰ স্মৃতিগ্ৰন্থ আনব্ৰকেন: দ্য আনটল্ড ষ্ট’ৰীৰ কেইমাহমানৰ পিচতে মুক্তি পাব নেটফ্লিক্সৰ ছিৰিজখন । ইন্দ্ৰানীয়ে নিজৰ গ্ৰন্থখনত সংবাদ মাধ্যমৰ বিশেষজ্ঞৰ পৰা হত্যাৰ অভিযুক্ত হিচাপে পৰিণত হোৱা ছবছৰ কাৰাগাৰত কটোৱা আৰু নিজৰ জীৱনৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰিছে । উল্লেখ্য যে, ইন্দ্ৰানী বৰ্তমান জামিনত আছে ।

শ্বানা লেভি আৰু উৰাজ বাহলে পৰিচালনা কৰিছে এই ছিৰিজখন

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি নেটফ্লিক্স ইণ্ডিয়াই এক বিবৃতিত কয় যে এই ধাৰাবাহিকখনত ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ সন্তান বিধি মুখাৰ্জী আৰু প্ৰবীণ সাংবাদিক তথা অধিবক্তা মিখাইল বৰাও আছে । এই ছিৰিজখন পৰিচালনা কৰিছে শ্বানা লেভি আৰু উৰাজ বাহলে । ইন্দ্ৰাণী, পিটাৰ আৰু ৰাহুল মুখাৰ্জীৰ মাজত হোৱা কল ৰেকৰ্ডিং আৰু পৰিয়ালটোৰ কিছু নেদেখা ফটোও প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ব, যিয়ে দৰ্শকক সত্যৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিব ।

লগতে পঢ়ক: কৰণ জোহৰে ঘোষণা কৰিলে তেওঁৰ পৰৱৰ্তী ছবি, নাম অৱশ্যে নক’লে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.