ETV Bharat / entertainment

কৰণ জোহৰে ঘোষণা কৰিলে তেওঁৰ পৰৱৰ্তী ছবি, নাম অৱশ্যে নক’লে - Kajol

Karan Johar Announced Next Film: শেহতীয়াকৈ কৰণ জোহৰে নিজৰ ইনষ্টাগ্ৰামত তেওঁৰ পৰৱৰ্তী ছবিৰ কথা ঘোষণা কৰিছে । কিন্তু তেওঁ ছবিখনৰ সবিশেষ শ্বেয়াৰ কৰা নাই ৷ অৱশ্যে অনুৰাগীক এই ছবিখনৰ বিষয়ে অনুমান কৰিবলৈ কৈছে জোহৰে ।

Karan Johar Teases Next Project, Netizens Decode Clues Pointing to Ibrahim Ali Khan's Debut
কৰণ জোহৰৰ পৰৱৰ্তী ছবি
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 6:00 PM IST

2 Min Read

চিটাৰা ডেস্ক, ২৮ জানুৱাৰী: বলীউড উদ্যোগৰ সুপৰিচিত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ পৰৱৰ্তী ছবিৰ কথা ঘোষণা কৰিছে ৷ কিন্তু এই পোষ্টটোৱে তেওঁৰ অনুৰাগীক কিছু বিভ্ৰান্তিত পেলাইছে । আচলতে শ্বেয়াৰ কৰা পোষ্টটোত কৰণে ছবিখনৰ সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ কৰা নাই ৷ আনকি ছবিখনৰ নাম আৰু ছবিখনৰ অভিনেতা-অভিনেত্ৰীৰো কোনো তথ্য শ্বেয়াৰ কৰা নাই ।

Karan Johar Teases Next Project, Netizens Decode Clues Pointing to Ibrahim Ali Khan's Debut
কৰণ জোহৰৰ পৰৱৰ্তী ছবি

এই ছবিখনৰ বিষয়ে তেওঁ এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে আৰু লগতে তেওঁৰ অনুৰাগীক এই ছবিখনৰ বিষয়ে অনুমান কৰিবলৈ কৈছে । দেওবাৰে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ নতুন প্ৰজেক্টৰ কথা ঘোষণা কৰাৰ সময়তে কৰণ জোহৰে এটা চৰ্ত ৰাখি অনুৰাগীক এই ছবিখনৰ বিষয়ে অনুমান কৰিবলৈ কয় । তেওঁৰ এই পোষ্টটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে, যাৰ ওপৰত অনুৰাগীয়েও মন্তব্য কৰি ছবিখনৰ নাম অনুমান কৰিবলৈ চেষ্টা কৰিছে ।

কৰণ জোহৰে পোষ্টটোৰ কেপচনত লিখিছে, ‘‘অনুমান কৰক !’’ এই পোষ্টটোত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "চৰজমিন, পৃথ্বীৰাজ, কাজল, ইব্ৰাহিম আলী খান"। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'চৰজমিন আগতে ইয়াৰ অন্যতম নাম আছিল, য'ত কাজল আৰু ইব্ৰাহিম আলী প্ৰভাস বা পৃথ্বীৰাজ খানৰ সৈতে ?’’ একাংশ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছে 'দোস্তানা ২'। আনহাতে, যদি আমি ‘চৰজমিন’ ছবিখনৰ কথা ক’বলৈ গ’লে, তেন্তে ইয়াৰ পৰিচালনা কৰি আছে বোমন ইৰাণীৰ পুত্ৰ কায়োজ ইৰাণীয়ে ।

এয়া ‘চৰজমিন’ হ’ব পাৰেনে ?

এই ছবিখন মালয়ালম ৰোমান্টিক কমেডী ‘হৃদয়ম’ৰ হিন্দী ৰিমেক হ’ব বুলি জানিব পৰা গৈছে । একে সময়তে বলীউড হাংগামাৰ সূত্ৰৰ মতে, ‘ইব্ৰাহিম আলী খানে যিখন ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিব সেই ছবিখন সৰ্বোত্তম প্ৰজেক্ট হ’ব পাৰে । কিছুদিন পূৰ্বে ইব্ৰাহিমৰ বলীউডত আত্মপ্ৰকাশৰ বাবে এখন ভাল ছবিৰ সন্ধান চলি আছিল, যাৰ বাবে ‘চৰজমিন’ এখন ডাঙৰ ছবি হ’ব পাৰে ।’’

লগতে পঢ়ক: এতিয়াহে আহিছে প্ৰকৃত এনিমেল; পুনৰ এক নতুন অৱতাৰত আহি আছে ববি দেউল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.