ETV Bharat / entertainment

এতিয়াহে আহিছে প্ৰকৃত এনিমেল; পুনৰ এক নতুন অৱতাৰত আহি আছে ববি দেউল

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 2:19 PM IST

Updated : Jan 27, 2024, 3:12 PM IST

Kanguva villain Bobby Deol first look poster out Suriya pan India film on his Birthday
এতিয়াহে আহিছে প্ৰকৃত এনিমেল; পুনৰ এক নতুন অৱতাৰত আহি আছে ববি দেউল

First Look of Bobby Deol from Kanguva: বলীউডৰ অভিনেতা ববি দেউলে আজি উদযাপন কৰিছে নিজৰ 55 সংখ্যক জন্মদিন । ববি দেউলৰ এই বিশেষ দিনটোক অধিক স্মৰণীয় কৰি তুলিবলৈ তেওঁ মুকলি কৰে ‘কাংগুভা’ৰ পৰা তেওঁৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ । ববী দেউলৰ এই লুক দেখাৰ পিছত সকলোৱে যেন কৈছে এতিয়াহে আহিছে প্ৰকৃত এনিমেল ।

চিটাৰা ডেস্ক, 27 জানুৱাৰী: বলীউডৰ অভিনেতা ববি দেউল নায়কৰ পৰা খলনায়ক হোৱাৰ লগে লগেই যেন ছ’চিয়েল মিডিয়াত তেওঁ অহৰহ চৰ্চিত হৈ আছে । আজি ববীয়ে নিজৰ 55 সংখ্যক জন্মদিন উদযাপন কৰিছে আৰু চাউথৰ নিৰ্মাতাসকলে তেওঁৰ অনুৰাগীসকলক বিশেষ উপহাৰ দিছে । দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যৰ বহু প্ৰত্যাশিত ছবি ‘কাংগুভা’ত ববি দেউলে যোগদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছৰে পৰা দৰ্শকে ছবিখনৰ পৰা তেওঁৰ প্ৰথম লুকৰ বাবে অপেক্ষা কৰি আছিল । অভিনেতা গৰাকীৰ জন্মদিনত দৰ্শকৰ এই ইচ্ছা পূৰণ কৰিছে নিৰ্মাতাসকলে ।

এনিমেলত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এতিয়া সকলোৱে ববিক খলনায়কৰ চৰিত্ৰত চাব বিচাৰে । দৰ্শকৰ এই ডিমাণ্ডৰ কথা মনত ৰাখি ববিক ‘কাংগুভা’ত খলনায়কৰ চৰিত্ৰই তেওঁক প্ৰদান কৰা হৈছে । বৰ্তমান ‘কাংগুভা’ ছবিখনৰ পৰা ববীৰ প্ৰথম আভাস পোহৰলৈ আহিছে । অভিনেতাগৰাকীৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰখনত সঁচাকৈ গাঁৰ নোম শিয়ঁৰি উঠা এই দৃশ্য দেখিবলৈ পোৱা গৈছে । এই পোষ্টাৰখনত ববিক সম্পূৰ্ণৰূপে দক্ষিণৰ ৰঙত ৰাঙলী হৈ পৰা দেখা গৈছে । দীঘল চুলি, এটা ভয়ংকৰ চকু, ডিঙিত হাড়ৰ মালা । এনে লুক হয়তো ববিয়ে পূৰ্বে কেতিয়াও দেখা নাছিল ।

এই পোষ্টটো প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কৈছে যে ‘কাংগুভা’ৰ খলনায়কৰ তুলনাত এনিমেলত অভিনয় কৰা খলনায়কৰ চৰিত্ৰটো ম্লান হ’বলৈ গৈ আছে । ববি দেউলে নিজেই তেওঁৰ জন্মদিনৰ দিনা এই পোষ্টাৰখন ছচিয়েল মিডিয়াত পোষ্ট কৰিছে । তেওঁ কেপচনত লিখিছে যে নিৰ্দয়, শক্তিশালী, অবিস্মৰণীয় । এই তিনিটা শব্দ দেখাৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে, এই চৰিত্ৰটো আশা কৰাতকৈ অধিক ভয়ংকৰ হ’বলৈ গৈ আছে ।

সূৰ্যৰ ‘কংগুভা’ ছবিখন পৰিচালনা কৰিছে শিৱই । ববী দেউলৰ উপৰিও দিশা পাটানীকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । অৱশ্যে সময় মতে প্ৰকাশ পাব বাকী তাৰকা অভিনেতাৰ লুক । ছবিখনৰ চিনেমেট’গ্ৰাফী ভেত্ৰী পালানিছামীৰ আৰু ইয়াৰ সংগীতৰ সুৰ কৰিছে ‘ৰকষ্টাৰ’ দেৱী শ্ৰীপ্ৰসাদে ।

লগতে পঢ়ক: পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে চিৰঞ্জীৱীয়ে

Last Updated :Jan 27, 2024, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.