ETV Bharat / entertainment

বলীউডৰ ছবিত অসমক উপস্থাপন কৰা কিয় প্ৰয়োজন ? - bollywood film on assam

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 6:11 PM IST

Updated : Apr 6, 2024, 9:42 PM IST

a bollywood film will be made based on assam and its culture says actor sudesh berry
নতুন প্ৰজেক্ট

Actor Sudesh Berry : অসমৰ পটভূমিত নিৰ্মাণ হ'ব বলীউডৰ থ্ৰীলাৰ ছবি ৷ কিন্তু কিয় এই পদক্ষেপ ল’লে অভিনেতা সুদেশ বেৰীয়ে ?

সুদেশ বেৰীৰ ভাষ্য

গুৱাহাটী,৬ এপ্ৰিল : পূৰ্বৰে পৰাই নৰ্থ ইষ্টক বহু ক্ষেত্ৰত অৱমাননা কৰা হৈছে বুলি ক’লে ভুল কোৱা নহ’ব ৷ সেয়া লাগিলে চৰকাৰেই কৰক বা দেশৰ আন ৰাজ্যৰ মানুহে কৰক ৷ সময় বাগৰাৰ লগে লগে এতিয়াহে সলনি হৈছে ছবি ৷ মানুহে নৰ্থ ইষ্টৰ বিষয়ে জানিবলৈ বিচৰাৰ সমান্তৰালকৈ নৰ্থ ইষ্টৰ মানুহক ভাল পাবলৈয়ো শিকিছে ৷ বহু বলীউডৰ তাৰকা আজিকালি বিভিন্ন পৰিকল্পনাৰে নৰ্থ ইষ্টলৈ আহে ৷ বিশেষকৈ অসমলৈ ৷ বহুতে বিচাৰে অসম সমগ্ৰ দেশতে জিলিকি উঠক ৷ শেহতীয়াকৈ তেনে এক পৰিকল্পনা লৈ অসমত উপস্থিত হৈছে সুৰাগখ্যাত অভিনেতা সুদেশ বেৰী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমৰ পটভূমিত বলীউডত ছবি নিৰ্মাণ হ'ব বুলি মন্তব্য কৰে অভিনেতা সুদেশ বেৰীয়ে । অসমৰ সংস্কৃতি, পৰম্পৰাৰ আধাৰত নিৰ্মাণ হ'বলগীয়া বলীউডৰ এই থ্ৰীলাৰ ছবিখনৰ কথা শনিবাৰে এক সংবাদমেল যোগে ঘোষণা কৰে বলীউড অভিনেতা সুদেশ বেৰীয়ে । গুৱাহাটীত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘মোৰ মনত লাচিত বৰফুকনৰ কথা বহু দিনৰ পৰাই আছে । তদুপৰি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতিও আকৰ্ষিত । যাৰ বাবে অসমৰ পটভূমিত ছবি নিৰ্মাণৰ কথা ভাবিছো । বলীউডৰ চিনেমাত অসমৰ প্ৰাকৃতিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ।’

‘চিনেমাৰ মাধ্যমেৰে অসমখন কেনেকুৱা দেখুৱাবলৈ বিচাৰিছো । অসমৰ কোনবোৰ স্থানত দৃশ্যগ্ৰহণ কৰা হ'ব সেইবোৰ ঠাই চাবলৈ অসমলৈ আহিছো । দুমাহ ধৰি চিনেমাৰ প্ৰাৰম্ভিক কাম চলিব অসমত । চলিত বছৰৰ নৱেম্বৰৰ পৰা দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব । প্ৰায় ৫ কোটি টকা বাজেটৰ ছবিখনত অসমৰ অভিনেতা-অভিনেত্ৰীক সুযোগ দিয়া হ’ব ।’- এইদৰে সংবাদমেলত প্ৰকাশ কৰে অভিনেতা সুদেশ বেৰীয়ে ৷ আগন্তুক বছৰৰ প্ৰথম ভাগত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা আছে বুলি মন্তব্য কৰে তেওঁ । ছবিখন পৰৱৰ্তী সময়ত অসমীয়াত নিৰ্মাণ কৰা হ'ব নে ডাবিং কৰা হ'ব সেই সম্পৰ্কে বৰ্তমানে কৈ দিব নোৱাৰো বুলি প্ৰকাশ কৰে তেওঁ । সুযোগ পালে অসমীয়া ভাষাৰ চিনেমাত অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰে অভিনেতাজনে । সংবাদমেলত সাংবাদিকৰ সৈতে মত বিনিময় কৰি তেওঁ বিভিন্ন চৰিত্ৰত কৰা অভিনয় সম্পৰ্কতো বক্তব্য কৰে ।

লগতে পঢ়ক : বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে কন্ঠশিল্পী অভিশ্রুতি বেজবৰুৱা - Assam Singers Bihu Preparetion

Last Updated :Apr 6, 2024, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.