ETV Bharat / bharat

আঙুঠি পিন্ধোৱাতে পৰিসমাপ্তি এটা সম্পৰ্কৰ... জঘন্য প্ৰতিশোধ প্ৰেমিকৰ - brutal murder case

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:42 PM IST

Murder case in Karnataka : বাগদান পৰ্বই কাল মাতিলে এগৰাকী কিশোৰীৰ জীৱনলৈ ৷ প্ৰেমিকে নৃশংসভাৱে হত্যা কৰিলে কিশোৰীক ৷ কটা মুণ্ড হাতত লৈ পলায়ন অভিযুক্তৰ ৷

Murder case in Karnataka
আঙুঠি পিন্ধোৱাতেই পৰিসমাপ্তি ঘটিল এটা সম্পৰ্কৰ, বাগদত্তাৰ জঘন্য প্ৰতিশোধ (ETV BHARAT)

নেশ্যনেল ডেস্ক, 10 মে’ : দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ বৰ্তমান সময়ত দেশৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে অপৰাধীয়ে ন ন কৌশলেৰে হত্যাকাণ্ড সংঘটিত কৰাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ কৰ্ণাটকৰ কড়াগু জিলাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷

এগৰাকী যুৱকে নিজৰ বাগদত্তাৰ শিৰচ্ছেদ কৰি ছিন্ন মুণ্ড লৈ পলায়ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে কৰ্ণাটকৰ কোড়াগুৰ সুৰলাব্বিত এজন ৩২ বছৰীয়া যুৱকে এগৰাকী দশম শ্ৰেণীৰ কিশোৰীক নিৰ্মমভাৱে হত্যা কৰে । অভিযুক্তটোক প্ৰকাশ (32) বুলি চিনাক্ত কৰা হৈছে ৷

দৰাচলতে দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীৰ প্ৰকাশৰ লগত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল ৷ কিন্তু কিশোৰীগৰাকীৰ বয়সৰ বাবে যোৱা 9 মে’ত মহিলা আৰু শিশু বিকাশ বিভাগৰ কেইগৰাকীমান বিষয়াৰ তত্বাৱধানত কিশোৰীগৰাকীৰ আঙুঠি পিন্ধোৱা কাৰ্যত বাধা প্ৰদান কৰে ৷ বিষয়াসকলে কিশোৰীগৰাকীৰ পিতৃ-মাতৃক এই বিয়াখন ভাঙি দিবলৈ মান্তি কৰাইছিল ৷

তাৰপিচতে এনেদিনাই বিয়লি প্ৰায় 5.30 বজাত প্ৰকাশে কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল ৷ তেওঁ কিশোৰীগৰাকীক ঘৰৰ পৰা বাহিৰলৈ টানি আনি পিতৃ-মাতৃৰ সন্মুখতে ডিঙি কাটি হত্যা কৰে ৷ যুৱকজনে কিশোৰীগৰাকীৰ শৰীৰটো উক্ত স্থানতে পেলাই থৈ ছিন্ন মুণ্ড হাতত লৈ ওলায় যায় ৷

লগে লগে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত সোমৱাৰপেট আৰক্ষী চকীত ৰুজু কৰে গোচৰ ৷ আৰক্ষী অধীক্ষক ৰামৰাজনে নিশ্চিত কৰিছিল যে পৰিয়ালটোৱে অভিযুক্তৰ সৈতে নাবালিকাগৰাকী বিবাহ ঠিক কৰিছিল ৷

উল্লেখ্য যে, ভুক্তভোগী গৰাকীয়ে শেহতীয়াকৈ সুৰলাব্বি উচ্চ বিদ্যালয়ৰ এছ এছ এল চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তেওঁ 52% নম্বৰেৰে পৰীক্ষাত উত্তীৰ্ণ হয় ৷ কিশোৰীগৰাকীৰ এই ফলাফলত গাঁৱৰ লোকসকলো যথেষ্ট সুখী হৈছিল ৷ সম্প্ৰতি কড়াগু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়ালৈ পলাতক হৈ আছে অভিযুক্ত ৷

লগতে পঢ়ক: প্ৰচণ্ড গৰমৰ ফলত আতচবাজী কাৰখানাত বিস্ফোৰণ, মহিলাসহ 8 গৰাকীৰ মৃত্যু - Sengamalapatti Fire Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.