ETV Bharat / bharat

প্ৰচণ্ড গৰমৰ ফলত আতচবাজী কাৰখানাত বিস্ফোৰণ, মহিলাসহ 8 গৰাকীৰ মৃত্যু - Sengamalapatti Fire Accident

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 7:14 PM IST

Sivakasi fire accident: তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ শিৱকাশীৰ সমীপৰ চেংগামালাপট্টি গাঁৱৰ এটা ব্যক্তিগত আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত গৈছে ৷ এই বিস্ফোৰণত পাঁচগৰাকী মহিলাসহ আঠগৰাকী লোকৰ মৃত্যু হৈছে ৷

Sivakasi fire accident
আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, মহিলাসহ 8 গৰাকীৰ মৃত্যু (ETV Bharat Tamil Nadu)

নেশ্যনেল ডেস্ক, 9 মে’ : তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ শিৱকাশীৰ ওচৰৰ চেংগামালাপট্টি গাঁৱৰ এটা ব্যক্তিগত আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ সংঘটিত হয় ৷ এই ঘটনা খবৰ লাভ কৰাৰ লগে লগেই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

প্ৰাথমিক তথ্য অনুসৰি, এই ঘটনাত পাঁচগৰাকী মহিলাসহ আঠজন লোকৰ মৃত্যু হৈছে ৷ লগতে আন পাঁচজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷

উল্লেখ্য যে, যোৱা ভালেদিন ধৰি তামিলনাডুত গৰমৰ প্ৰকোপ ভয়ংকৰভাৱে বৃদ্ধি হৈছে ৷ প্ৰতিদিনাৰ দৰে দুপৰীয়াৰ আহাৰৰ বিৰতিৰ সময়তে উত্তাপ বৃদ্ধিৰ ফলত চাৰিটাকৈ অধিক প্লাণ্টত বিস্ফোৰণ ঘটে ৷ এই ঘটনাত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা লোকসকলক শিৱকাশী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বিভাগ ঘটনাস্থলীলৈ ততাতৈয়াকৈ উপস্থিত হৈছিল ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত জুই নুমুৱাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ তৰি তদন্ত আৰম্ভ কৰিছে ৷

এই ঘটনাৰ পিচতে এক বিবৃতিত তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে কয়, "আজি বিৰুধুনগৰ জিলাৰ শিৱকাশী তালুকৰ কিলাথিৰুংগল গাঁৱত ব্যক্তিগত আতচবাজী কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত 5 গৰাকী মহিলা আৰু 3 জন পুৰুষসহ 8 জন শ্ৰমিকৰ মৃত্যুৰ শোকাৱহ খবৰ লাভ কৰিছো ৷ মৃতকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে, মই লগে লগে জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশনা দিছিলো ৷ এই ঘটনাত 10 জনতকৈ অধিক লোক আহত হৈছে ৷ আহতসকলক প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷"

লগতে পঢ়ক: দুই ভগ্নীৰ আত্মহত্যা, উচটনি দিয়াৰ অভিযোগত অভিযুক্ত এটি পৰিয়াল - SUICIDE IN BAREILLY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.