ETV Bharat / bharat

দুই ভগ্নীৰ আত্মহত্যা, উচটনি দিয়াৰ অভিযোগত অভিযুক্ত এটি পৰিয়াল - SUICIDE IN BAREILLY

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:08 AM IST

Bareilly crime news : বৰেলীৰ ফতেহগঞ্জ পশ্চিম আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱত দুগৰাকী ভগ্নীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰথমাৱস্থাত দুয়োকে দেখি কোনোবাই হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও প্ৰাথমিক তদন্তৰ পিচত আৰক্ষীয়ে ঘটনাটোক আত্মহত্যা বুলি অভিহিত কৰিছে আৰু ইয়াৰ তদন্ত কৰি আছে ।

Two real sisters commit suicide in Bareilly family accused of instigating them
চাঞ্চল্যকৰ মৃত্যু (ETV BHARAT HINDI)

নেশ্যনেল ডেস্ক, 9 মে’ : বুধবাৰে ফতেহগঞ্জ পশ্চিম থানা এলেকাৰ চফৰী গাঁৱত সন্দেহজনক পৰিস্থিতিত দুগৰাকী ভগ্নীৰ মৃত্যু হয় । ঘৰৰ এটা কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ । একেলগে দুয়োগৰাকী ভগ্নীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁলোকক হত্যা কৰা হৈছে বুলি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ৷

অৱশ্যে পৰিয়ালৰ সদস্যৰ পৰা তথ্য লাভ কৰাৰ পাচত আৰক্ষী উপস্থিত হৈ তদন্তৰ অন্তত ইয়াক আত্মহত্যা বুলি ঘোষণা কৰে । ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পৰিয়ালৰ লোকে চুবুৰীয়া পৰিয়ালটোক আত্মহত্যা কৰিবলৈ উদগনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

তথ্য অনুসৰি, ফতেহগঞ্জ পশ্চিম আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱত নিজৰ ঘৰতে দুগৰাকী ভগ্নীৰ মৃতদেহ উদ্ধাৰ হৈছে । দ্বৈত মৃত্যুৰ খবৰে গোটেই গাওঁখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । খবৰ লাভ কৰি ঘটনাস্থলীত বহু সংখ্যক লোক উপস্থিত হয় । পৰিয়ালটোৰ তথ্যৰ ভিত্তিত, এছএছপি সুশীল ঘুলে চন্দ্ৰভানো আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ।

Two real sisters commit suicide in Bareilly family accused of instigating them
দুই ভগ্নীৰ আত্মহত্যা (ETV BHARAT HINDI)

ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিচত আৰু পৰিয়ালৰ সদস্যসকলক সোধ-পোচ কৰাৰ পাচত, এছ.এছ.পি. য়ে কৈছিল যে প্ৰাথমিকভাৱে ই আত্মহত্যাৰ ঘটনা যেন লাগিছে । মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিচত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব ।

এছ এছ পি সুশীল ঘুলে চন্দ্ৰভানে কয় যে দুয়োজনী ছোৱালীৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি তেওঁ পত্নীৰ সৈতে পথাৰত কাম কৰিবলৈ গৈছিল । দুয়োগৰাকী কন্যা তেতিয়া ঘৰতে আছিল । খেতিপথাৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাচতে তেওঁলোক অৱগত হয় যে কন্যা দুগৰাকীয়ে আত্মহত্যা কৰিছে ।

পিতৃৰ অভিযোগ যে চুবুৰীটোত বাস কৰা এগৰাকী মহিলা আৰু এজন যুৱক তেওঁৰ দুয়ো কন্যাৰ মৃত্যুৰ বাবে দায়ী । পিতৃৰ ভাষ্য, ‘‘মহিলাগৰাকীয়ে মোৰ ছোৱালীকেইজনীক গোপনে নিজৰ ঘৰলৈ ফোন কৰি মাতি নি যুৱকজনৰ লগত ফোনত কথা পাতিবলৈ বাধ্য কৰাইছিল । বহুবাৰ আমি ছোৱালীকেইজনী আৰু যুৱকজনৰ কথা পতাত বাধা দি ফোনটোও কাঢ়ি লৈছিলোঁ । এই মানুহবোৰৰ বাবেই মোৰ দুই কন্যাই আত্মহত্যা কৰিছে ।’’

অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে স্পষ্ট হ’ব । ঘটনাৰ প্ৰতিটো দিশৰ তদন্ত চলি আছে ।

লগতে পঢ়ক : তেলেংগানাত প্ৰচণ্ড বৰষুণ, শিশুসহ ১৬ জনৰ মৃত্যু - Heavy Rain Hit Telangana

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.