ETV Bharat / bharat

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি ঘোষণা কৰিব CAA ৰ নিয়মাৱলী !

author img

By ANI

Published : Mar 11, 2024, 6:02 PM IST

Updated : Mar 11, 2024, 6:10 PM IST

Citizenship Amendment Act 2019: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী অৱগত কৰাৰ সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক সম্বোধি ইয়াৰ বিষয়ে ঘোষণা কৰাৰ আশা কৰা হৈছে ।

Union Home Ministry likely to notify CAA rules
Union Home Ministry likely to notify CAA rules

নিউজ ডেস্ক, ১১ মাৰ্চ: ৰাজ্য তথা দেশবাসীৰ প্ৰতিবাদকো নেওচি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ ২০১৯ৰ নিয়মাৱলী ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি এই আইনৰ নিয়মাৱলীসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ আশা কৰা হৈছে ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত মাহত কৈছিল যে CAA আইন কোনেও ৰোধ কৰিব নোৱাৰে । তেওঁ এটা অনুষ্ঠানত কৈছিল, "নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰা হ'ব ৷ এয়া দেশৰ আইন, কোনেও ইয়াক বাধা দিব নোৱাৰে, এইটোৱেই হৈছে বাস্তৱ ।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদে কা গৃহীত কৰিছিল । এই আইনখন প্ৰৱৰ্তন কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । এই আইনখনৰ লক্ষ্য হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে "ধৰ্মীয় নিৰ্যাতন"ৰ বলি হৈ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান এৰি ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানকে ধৰি নিৰ্যাতিত অমুছলমান অনুপ্ৰৱেশকাৰীসকলক আশ্ৰয় প্ৰদান কৰা ।

২০১৯ চনৰ ৪ ডিচেম্বৰত সংসদত কা উত্থাপন হোৱাৰ পিছতে অসমত আৰম্ভ হৈছিল প্ৰতিবাদ । ২০১৯ চনৰ ১১ ডিচেম্বৰত এই আইনখন গৃহীত হোৱাৰ পিছত সমগ্ৰ দেশতে বিক্ষোভ তীব্ৰতৰ হৈ পৰে আৰু কিছু অঞ্চলতো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে কাক "বৈষম্যমূলক আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰে । প্ৰতিবাদৰ সময়ত বা আৰক্ষীৰ কাৰ্যকলাপৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছিল, আনহাতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বন্দী হৈছিল ।

লগতে পঢ়ক: CAA বিৰোধী আন্দোলন কৰি কোনো লাভ নাই : মুখ্যমন্ত্ৰী

Last Updated : Mar 11, 2024, 6:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.