ETV Bharat / bharat

দিল্লীৰ প্ৰাক্তন বিধায়কক খালিস্তানী উগ্ৰপন্থীৰ হত্যাৰ ভাবুকি - Shahdara ex MLA death threat

author img

By PTI

Published : Apr 30, 2024, 9:19 AM IST

Shahdara ex MLA death threat
দিল্লীৰ প্ৰাক্তন বিধায়কক খালিস্তানী উগ্ৰপন্থীৰ হত্যাৰ ভাবুকি

Shahdara ex MLA death threat : শ্বাহদাৰাৰ প্ৰাক্তন বিধায়কক পদ্মশ্ৰী জীতেন্দ্ৰ সিং শন্তীেয় অভিযোগ কৰা মতে খালিস্তানী উগ্ৰপন্থীয়ে তেওঁৰ লগতে পুত্ৰক হত্যাৰ ভাবুকি দিছে । আৰক্ষীলৈ এই সন্দৰ্ভত তেওঁ পত্ৰ প্ৰেৰণ কৰিছে ।

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : দিল্লীৰ প্ৰাক্তন বিধায়ক জীতেন্দ্ৰ সিং শন্তীক খালিস্তানী উগ্ৰপন্থীৰ হত্যাৰ ভাবুকি প্ৰদান । খালিস্তানৰ বিৰুদ্ধে মাত মাতিলে তেওঁৰ লগতে পুত্ৰই ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব বুলি ভাবুকি লাভ কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে । এই অভিযোগ উত্থাপন কৰি প্ৰাক্তন বিধায়ক তথা শ্বহীদ ভগত সিং সেৱা দলৰ সভাপতি শন্তীয়ে দিল্লী আৰক্ষীক সমগ্ৰ বিষয়টো অৱগত কৰিছে ।

পদ্মশ্ৰী সন্মানেৰে সন্মানিত শন্তীয়ে শ্বাহদাৰাৰ আৰক্ষী আয়ুক্ত আৰু বিবেক বিহাৰ আৰক্ষী থানালৈও এই সন্দৰ্ভত পত্ৰ লিখিছে । তেওঁ পত্ৰখনৰ জৰিয়তে অভিযোগ কৰিছে সোমবাৰে এটা হোৱাটছএপ কল লাভ কৰিছিল । ফোন কৰা লোকজনে তেওঁৰ সৈতে পঞ্জাবীত কথা পাতিছিল আৰু তেওঁৰ পুত্ৰৰ কথাও কৈছিল ।

প্ৰাক্তন বিধায়কগৰাকীৰ মতে খালিস্তানৰ বিৰুদ্ধে কথা কোৱাৰ বাবে তেওঁক আৰু তেওঁৰ পুত্ৰক মৃত্যুৰ ভাবুকি দিয়া হৈছে । সেয়ে তেওঁ এই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনৰ সহায় বিচাৰিছে । শন্তীৰ মতে তেওঁৰ পুত্ৰ জ্যোত জিৎ দিল্লীত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ আৰু খালিস্তানী সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুকলিকৈ নিজৰ মতামত ব্যক্ত কৰি আহিছে ।

জানিব পৰা মতে, আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে যোগাযোগ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তথ্য সংগ্ৰহ কৰিছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্তও আৰম্ভ কৰিছে ।

উল্লেখ্য যে, জীতেন্দ্ৰ সিং শন্তী ২০১৩ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা শ্বাহদাৰা বিধান সভা সমষ্টিত নিৰ্বাচিত হৈছিল । তেওঁ শ্বহীদ ভগত সিং সেৱা দল নামৰ এক বেচৰকাৰী সংগঠনৰ প্ৰতিষ্ঠাপক যি হিন্দু আৰু শিখ ধৰ্মৰ নিৰ্দিষ্ট ৰীতি-নীতি অনুসৰি গৰাকী বিহীন মৃতদেহবোৰ সৎকাৰ কৰাৰ সৈতে জড়িত ।

লগতে পঢ়ক : সুকমাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদী নিহত - Maoist Killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.