ETV Bharat / bharat

১৫ জুনৰ ভিতৰত খালী কৰিব লাগিব আপৰ দিল্লী কাৰ্যালয়: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:17 PM IST

Updated : Mar 4, 2024, 7:49 PM IST

১৫ জুনৰ ভিতৰত খালী কৰিব লাগিব আপৰ দিল্লী কাৰ্যালয়
১৫ জুনৰ ভিতৰত খালী কৰিব লাগিব আপৰ দিল্লী কাৰ্যালয়

SC on AAP Delhi Office : উচ্চতম ন্যায়ালয়ে ১৫ জুনৰ ভিতৰত দিল্লীৰ ৰাউজ এভিনিউৰ পৰা কাৰ্যালয় খালী কৰিবলৈ নিৰ্দেশ দিছে আম আদমি পাৰ্টীক । লগতে শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰিছে যে এই ভূমিখিনি ইয়াৰ ন্যায়িক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ক আৱণ্টন কৰা হৈছে ।

নিউজ ডেস্ক, ৪ মাৰ্চ : ১৫ জুনৰ ভিতৰত দিল্লীস্থিত কাৰ্যালয় খালী কৰিব লাগিব আম আদমি পাৰ্টীয়ে । সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে । ৰাষ্ট্ৰীয় ৰাজধানীত ন্যায়িক আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে নিৰ্ধাৰিত ভূমি বেদখল কৰাৰ এক আবেদনত এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে দেশৰ শীৰ্ষ আদালতে । উচ্চতম ন্যায়ালয়ে সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ক আপৰ কাৰ্যালয় থকা ৰাউজ এভিনিউৰ ভূমিখিনি আৱণ্টন কৰা বুলি উল্লেখ কৰি কাৰ্যালয়টো খালী কৰিবলৈ আপক ১৫ জুনলৈকে সময় প্ৰদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে উল্লেখ কৰে যে দিল্লী উচ্চ ন্যায়ালয়ক প্ৰতিনিধিত্ব কৰা অধিবক্তা কে পৰমেশ্বৰে দাখিল কৰিছে যে আপ দলটো বেদখলকাৰী বুলি পূৰ্বৰ আদেশত লিপিবদ্ধ কৰা বিবৃতিটো উচ্চ ন্যায়ালয়ৰ স্থিতিৰ প্ৰতিফলন নহয় ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠখনে উল্লেখ কৰে যে এইটো দাখিল কৰা হৈছে যে উচ্চ ন্যায়ালয়ে কেৱল দিল্লীৰ ৰাউজ এভিনিউ ভূমিত ইয়াৰ প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বিষয়তহে অধিক গুৰুত্ব প্ৰদান কৰিছে ।

"আসন্ন সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি চৌহদটো খালী কৰিবলৈ ১৫ জুনলৈকে সময় প্ৰদান কৰিছো । জিলা ন্যায়পালিকাৰ পৰিসৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে আৱণ্টন কৰা ভূমি দ্ৰুততাৰ ভিত্তিত যাতে যথাযথভাৱে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।" বিচাৰপীঠে নিৰ্দেশটোত কয় ।

"ইয়াৰ মাজতে আমি আপক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভি আৰু শ্বাদন ফাৰাছাটৰক তেওঁলোকে জনোৱা অনুৰোধত অনুমতি প্ৰদান কৰিছোঁ । তেওঁলোকৰ অনুৰোধ অনুসৰিয়ে ভূমি আৱণ্টনৰ বাবে ভূমি আৰু উন্নয়ন কাৰ্যালয় (এল এণ্ড ডিঅ') আইন অনুসৰি স্থানান্তৰিত কৰা হ'ব...।" বিচাৰপীঠে লগতে কয় । "আমি ভূমি আৰু উন্নয়ন কাৰ্যালয়ক আবেদনখনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ সিদ্ধান্ত জনোৱাৰ বাবেও অনুৰোধ কৰিম ।" ৰায়টোত লগতে যোগ দিয়া হৈছে ।

লগতে পঢ়ক :ইডিৰ অষ্টম চমন প্ৰত্যাখ্যান কেজৰিৱালৰ

Last Updated :Mar 4, 2024, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.