ETV Bharat / bharat

ইডিৰ অষ্টম চমন প্ৰত্যাখ্যান কেজৰিৱালৰ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 12:54 PM IST

ED summons Kejriwal: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক সোমবাৰে সোধ-পোছৰ বাবে মাতিছিল । কিন্তু এইবাৰো ইডিৰ কাৰ্যালয়ত উপস্থিত নহ'ল কেজৰিৱাল । ইডিৰ চমনক অবৈধ আখ্যা কেজৰিৱালৰ ।

ED summons Kejriwal
ইডিৰ অষ্টম চমন প্ৰত্যাখ্যান কেজৰিৱালৰ

নেশ্যনেল ডেস্ক,৪ মাৰ্চ : পুনৰ এবাৰ ইডিৰ চমন প্ৰত্যাখ্যান কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত সোধ-পোছৰ বাবে ইডিৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল যদিও তেওঁ কাৰ্যালয়ত উপস্থিত হোৱা নাই । ইয়াৰ পৰিৱৰ্তে অৰবিন্দ কেজৰিৱালে ইডিলৈ এখন পত্ৰযোগে উত্তৰ প্ৰেৰণ কৰিছে । কেজৰিৱালে ১২ মাৰ্চৰ পিচত তাৰিখ বিচাৰিছে ।

শেহতীয়াকৈ, ইডিয়ে কেজৰিৱাললৈ চমন প্ৰেৰণ কৰিছিল আৰু সোমবাৰে তেওঁক মাতি পঠিয়াইছিল ।কিন্তু ইডিৰ কাৰ্যালয়ৰ পৰিৱৰ্তে মুখ্য়মন্ত্ৰীগৰাকী বিধানসভাত উপস্থিত থাকে । দিল্লী বিধানসভাৰ বাজেট অধিবেশন বৰ্তমান চলি আছে আৰু সোমবাৰে দিল্লীৰ বিত্ত মন্ত্ৰী আতিশীয়ে চৰকাৰৰ দশম বাজেট উত্থাপন কৰিব ।

ইফালে আম আদমি পাৰ্টীয়ে সুৰা নীতি কেলেংকাৰীত ইডিয়ে প্ৰেৰণ কৰা চমন সন্দৰ্ভত বহুবাৰ মন্তব্য কৰি কৈছে যে এতিয়া এই বিষয়টো আদালতৰ বিবেচনাধীন । ১৬ মাৰ্চত আদালতত এই সন্দৰ্ভত শুনানি হ'ব । সেয়ে ইডিয়ে প্ৰেৰণ কৰা চমনৰ কোনো অৰ্থ নাই । ফলস্বৰূপে অৰবিন্দ কেজৰিৱালে ইডিৰ দ্বাৰা প্ৰেৰণ কৰা চমনত হাজিৰ হোৱাৰ সম্ভাৱনা নাই ।

২৮ ফেব্ৰুৱাৰীত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অষ্টমটো চমন জাৰি কৰিছিল । ইয়াৰ পূৰ্বে ২১ ফেব্ৰুৱাৰীত চমন প্ৰেৰণ কৰা হৈছিল আৰু ২৬ ফেব্ৰুৱাৰীত তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল ।

উল্লেখ্য যে, ইডিয়ে অভিযোগ কৰা মতে দিল্লীৰ সুৰা নীতি কেলেংকাৰীত অৰবিন্দ কেজৰিৱাল জড়িত আছে । সুৰা নীতি সম্পৰ্কীয় খচৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহতে প্ৰস্তুত কৰা হৈছিল আৰু গোটেই বিষয়টো তেওঁৰ জ্ঞাত । দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰথম চমন প্ৰেৰণ কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে ইডিৰ সকলো চমনক অবৈধ বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক :নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পাৰ্টি ফাণ্ডলৈ 2,000 টকাৰ বৰঙণি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.