ETV Bharat / bharat

তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ

author img

By ANI

Published : Mar 19, 2024, 1:55 PM IST

Tamilisai Soundararajan resignation
তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ ৰাষ্ট্ৰপতিৰ

Tamilisai Soundararajan resignation: লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে তেলেংগানাৰ ৰাজ্যপাল তথা পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলিসাই সুন্দৰৰাজনে পদত্যাগ কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ পদত্যাগ গ্ৰহণ কৰে । ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক তেলেংগানা আৰু পুডুচেৰীৰ দায়িত্ব অৰ্পণ ।

নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ : অৱশেষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেলেংগানাৰ ৰাজ্যপাল তথা পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰে । আনহাতে ৰাষ্ট্ৰপতি মুৰ্মুয়ে তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যভাৰ অস্থায়ীভাৱে ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক প্ৰদান কৰে ৷

এই দায়িত্ব লাভ কৰি আনন্দিত ৰাজ্যপাল ৰাধাকৃষ্ণন । তেওঁ এক্সৰ এটা পোষ্টত লিখিছে যে তেওঁ তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে সেৱা আগবঢ়োৱাৰ অতিৰিক্ত দায়িত্ব লাভ কৰি ধন্য । ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো মাতৃভূমিৰ সেৱা কৰাৰ বাবে তেওঁ এই অতিৰিক্ত দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

তামিলনাডুৰ পৰা আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনাৰ খবৰৰ মাজতে সুন্দৰৰাজনে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল । সুন্দৰৰাজনে ২০১৯ চনৰ নৱেম্বৰত তেলেংগানাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল আৰু পিচত পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰিছিল ।

তেওঁ ২০০৭ চনৰ পৰা ২০১০ চনলৈ তামিলনাডু বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু দলৰ ভিতৰত বিভিন্ন সাংগঠনিক ভূমিকা গ্ৰহণ কৰিছিল । তামিলিসাই সুন্দৰৰাজনে ৰাজ্যপালৰ দৰে এক সন্মানীয় পদ ত্যাগ কৰি লোকসভা নিৰ্বাচন খেলাৰ মন মেলিছে বুলি খবৰ ওলোৱাৰ পিচতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অহা ১৩ মে'ত তেলেংগানাত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফলাফল ৪ জুনত ঘোষণা কৰা হ'ব । ২০১৯ৰ সাধাৰণ নিৰ্বাচনত তেলেংগানাত বিআৰএছ দলে ৯ খন আসন লাভ কৰিছিল । প্ৰতিদ্বন্দ্বী বিজেপিয়ে ৪ খন আসন লাভ কৰিছিল । আনহাতে কংগ্ৰেছে ৩ খন আসন লাভ কৰিছিল । আনহাতে এআইএমআইএম দলে এখন আসন লাভ কৰিছিল ।

লগতে পঢ়ক :সাংসদ হোৱাৰ সপোন ৰাজ্যপালৰ পদতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.