ETV Bharat / bharat

ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী বণ্ডৰ অজ্ঞাত উপাৰ্জন প্ৰায় ৮২ শতাংশ: এ ডি আৰৰ তথ্য

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 6:50 PM IST

ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী বণ্ডৰ অজ্ঞাত উপাৰ্জন প্ৰায় ৮২ শতাংশ
ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী বণ্ডৰ অজ্ঞাত উপাৰ্জন প্ৰায় ৮২ শতাংশ

ADR Report on Electoral Bond : এছ'চিয়েচন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) কৈছে যে অজ্ঞাত উৎসৰ পৰা উপাৰ্জন কৰা 1,832.88 কোটি টকাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ উপাৰ্জনৰ অংশ হৈছে 1,510 কোটি টকা বা 82.42 শতাংশ । 2022-23 বিত্তীয় বৰ্ষৰ বিত্তীয় প্ৰতিবেদনৰ বিশ্লেষণত এই তথ্য প্ৰকাশ ।

বিশেষ প্ৰতিবেদন : ২০২২-২৩ বৰ্ষত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে ঘোষণা কৰা অজ্ঞাত উৎসৰ পৰা মুঠ উপাৰ্জনৰ প্ৰায় ৮২ শতাংশ নিৰ্বাচনী বণ্ডৰ পৰা আহিছিল । এক নিৰ্বাচনী অধিকাৰ সংস্থাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

এছ'চিয়েচন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) নামৰ সংস্থাটোৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় দলসমূহৰ হিচাব প্ৰতিবেদন আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ (ইচি) ওচৰত দাখিল কৰা অনুদান বিবৃতিৰ বিশ্লেষণে দেখুৱায় যে উৎসবোৰ মুখ্যত অজ্ঞাত হৈ আছে ।

অজ্ঞাত উৎসৰ পৰা উপাৰ্জন হিচাপে লাভ কৰা 1,832.88 কোটি টকাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ পৰা উপাৰ্জনৰ অংশ আছিল 1,510 কোটি টকা বা 82.42 শতাংশ । নিৰ্বাচনী পেনেলত দাখিল কৰা 2022-23 বিত্তীয় বৰ্ষৰ বিত্তীয় প্ৰতিবেদনৰ বিশ্লেষণ অনুসৰি এই তথ্য লাভ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

এই অধ্যয়নৰ বাবে ছয়টা ৰাষ্ট্ৰীয় দল বিবেচনা কৰা হৈছিল । দলকেইটা হৈছে ভাৰতীয় জনতা পাৰ্টী (বিজেপি), কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চিপিআই-এম), বহুজন সমাজ পাৰ্টী (বিএছপি), আম আদমি পাৰ্টী (এএপি) আৰু নেচনেল পিপ'লছ পাৰ্টী (এনপিইপি) ।

ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত বিজেপিয়ে অজ্ঞাত উৎসৰ পৰা কৰা উপাৰ্জন সৰ্বাধিক ১,৪০০ কোটি টকা বা মুঠ পৰিমাণৰ ৭৬.৩৯ শতাংশ বুলি ঘোষণা কৰে । আনহাতে, কংগ্ৰেছে এই পৰিমাণ ৩১৫.১১ কোটি টকা (১৭.১৯ শতাংশ) বুলি ঘোষণা কৰিছে ।

ইফালে বিএছপিয়ে ঘোষণা কৰিছে যে তেওঁলোকে স্বেচ্ছামূলক অৱদানৰ পৰা কোনো পুঁজি লাভ কৰা নাই । এই ক্ষেত্ৰত 20,000 টকাৰ ওপৰত বা তলত, কুপন বা নিৰ্বাচনী বণ্ড বিক্ৰী বা উপাৰ্জনৰ অজ্ঞাত উৎস বুলি এডিআৰে কয় ।

যদিও ৰাষ্ট্ৰীয় দলসমূহৰ বাবে নিৰ্বাচনী বণ্ডৰ পৰা অনুদানৰ পৰিমাণ আলোকপাত কৰা হৈছে, ৰাজ্যিক দলবোৰেও নিৰ্বাচনী বণ্ডৰ পৰা যথেষ্ট পৰিমাণৰ ধন লাভ কৰে । সংস্থাটোৱে লগতে উল্লেখ কৰে ।

২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় দলসমূহে অজ্ঞাত উৎসৰ পৰা ১৯,০৮৩ কোটি টকা সংগ্ৰহ কৰে বুলিও প্ৰতিবেদনত যোগ দিয়া হৈছে । 2022-23 বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ শেহতীয়া বিশ্লেষণত এডিআৰে কৈছে যে এই অজ্ঞাত উৎসবোৰৰ ভিতৰত মুখ্য অৱদানকাৰী হৈছে নিৰ্বাচনী বণ্ডৰ পৰা উপাৰ্জন, যিটো হৈছে 'অজ্ঞাত উৎসৰ পৰা মুঠ উপাৰ্জনৰ 82.42 শতাংশ' ।

আনহাতে, অধিক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে অজ্ঞাত উৎসৰ পৰা মুঠ উপাৰ্জনৰ ভিতৰত 1,510 কোটি টকা নিৰ্বাচনী বণ্ডৰ পৰা আহে বুলিও উল্লেখ কৰা হৈছে । ইয়াৰ উপৰি কংগ্ৰেছ আৰু চিপিআই(এম)-এ কুপন বিক্ৰীৰ পৰা 136.79 কোটি টকাৰ সন্মিলিত উপাৰ্জনৰ কথা ঘোষণা কৰিছে । যিটো অজ্ঞাত উৎসৰ পৰা উপাৰ্জনৰ 7.46 শতাংশ বুলি বিশ্লেষণে দেখুৱাইছে ।

বিএছপিয়ে উপাৰ্জনৰ অন্যান্য জ্ঞাত উৎসৰ পৰা ২৯.২৭ কোটি টকা লাভ কৰিছে । ইয়াৰ ভিতৰত আছে বেংকৰ সুত (১৫.০৫ কোটি টকা), সদস্য মাচুল (১৩.৭৩ কোটি টকা), স্থাৱৰ সম্পত্তি বিক্ৰীত লাভ (২৮.৪৯ লাখ টকা) আৰু ২০২১-২২ বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ন সুত (২০.৬৫ লাখ টকা) । সংগঠনটোৱে কয় ।

উল্লেখ্য, ২০২২-২৩ বিত্তীয় বৰ্ষত ছয়টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মুঠ উপাৰ্জন হৈছে ৩,০৭৬.৮৮ কোটি টকা । প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আনহাতে, 20,000 টকাৰ তলৰ স্বেচ্ছামূলক বৰঙণিৰ পৰা লাভ কৰা দানৰ অজ্ঞাত উৎসৰ পৰা উপাৰ্জন হৈছে 10 শতাংশ আৰু মুঠ 183.28 কোটি টকা । বৰ্তমান ৰাজনৈতিক দলবোৰে 20,000 টকাৰ কম দিয়া ব্যক্তি বা সংগঠনৰ নাম প্ৰকাশ কৰাৰ প্ৰয়োজন নাই ।

কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ

এডিআৰে ৰাজনৈতিক পুঁজিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধিৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে । ই তথ্যৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত সকলো দাতাৰ সম্পূৰ্ণ তথ্য প্ৰকাশৰ বাবেও আহ্বান জনাইছে আৰু প্ৰস্তাৱ দিছে যে পৰিমাণ নিৰ্বিশেষে সকলো অনুদানৰ বাবে পৰিশোধৰ পদ্ধতি আয়কৰ বিভাগ আৰু নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা অডিট প্ৰতিবেদনত ঘোষণা কৰিব লাগে ।

তদুপৰি, নিৰ্বাচন আয়োগে কেৱল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু আসন জয়লাভ কৰা দলসমূহক কৰ ৰেহাই দিয়াৰ পৰামৰ্শৰ লগতে 2,000 টকাৰ ওপৰত বৰঙণি আগবঢ়োৱা দাতাসকলৰ নাম প্ৰকাশৰ ক্ষেত্ৰত এডিআৰৰ পৰা সমৰ্থন লাভ কৰিছে ।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৱা মাহত প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বেনামী ৰাজনৈতিক পুঁজিৰ নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰে । লগতে ইয়াক 'অসাংবিধানিক' বুলি অভিহিত কৰে আৰু ক্ৰেতাসকলৰ নাম, বণ্ডৰ মূল্য আৰু তেওঁলোকৰ বণ্ড লাভ কৰাসকলৰ নাম প্ৰকাশ কৰাৰো নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :শীঘ্ৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.