ETV Bharat / bharat

বেংগালুৰু কাফে বিস্ফোৰণ: 7 খন ৰাজ্যৰ 17 স্থানত নিয়াৰ অভিযান

author img

By ANI

Published : Mar 5, 2024, 11:26 AM IST

Bengalurus prison radicalisation: বেংগালুৰু কাৰাগাৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উচটনি গোচৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই মঙলবাৰে সাতখন ৰাজ্যৰ 17 টা স্থানত অভিযান আৰম্ভ কৰিছে ৷ লস্কৰ-ই-তৈবাৰ (LeT) সন্ত্ৰাসবাদী টি নাছিৰে সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল ।

Rameswaram cafe blast case
7 খন ৰাজ্যৰ 17 স্থানত নিয়াৰ অভিযান

নেশ্যনেল ডেস্ক, 5 মাৰ্চ: আজীৱন কাৰাদণ্ডৰে দণ্ডিত তথা লস্কৰ-ই-তৈবাৰ (LeT) সন্ত্ৰাসবাদী টি নাছিৰে বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কেইবাজনো লোকক দেশত সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে । 2023 চনৰ জুলাই মাহত 7 টা পিষ্টল, 4 টা হেণ্ড গ্ৰেনেড, এটা মেগজিন আৰু 45 টা লাইভ ৰাউণ্ডকে ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জব্দ কৰাৰ পিছত বেংগালুৰু চহৰ আৰক্ষীয়ে প্ৰথমে গোচৰটো পঞ্জীয়ন কৰিছিল ।

2023 চনৰ 25 অক্টোবৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্তৰ দায়িত্ব লয় আৰু 2023 চনৰ 13 ডিচেম্বৰত এই গোচৰ সন্দৰ্ভত অভিযান চলাইছিল । এই গোচৰৰ সৈতে মঙলবাৰে এন আই এয়ে চলোৱা অভিযানৰ শুকুৰবাৰে বেংগালুৰুৰ এখন জনপ্ৰিয় কেফেত সংঘটিত হোৱা বিস্ফোৰণৰ কোনো সম্পৰ্ক আছে নে নাই সেয়া স্পষ্ট নহয় যদিও এই পৰিঘটনাৰ সৈতে জড়িত লোকসকলে তেওঁলোকে নিশ্চিতভাৱে সন্দেহযুক্ত সংযোগসমূহৰ ওপৰত চকু ৰাখিব বুলি উল্লেখ কৰে ।

সোমবাৰে সংস্থাটোৱে ৰামেশ্বৰম কেফে বিস্ফোৰণৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে । বেংগালুৰু কাৰাগাৰৰ ভিতৰৰ উক্ত ঘটনাটোৰ বাবে ইতিমধ্যে ফেডাৰেল সংস্থাটোৱে নাছিৰ আৰু দুজন পলাতককে ধৰি আঠজন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে ।

কেৰালাৰ কান্নুৰৰ পৰা অহা নাছিৰে 2013 চনৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকাৰ বিপৰীতে কাৰাগাৰত থকাৰ সময়তে বিদেশলৈ পলায়ন কৰা বুলি সন্দেহ কৰা জুনেইদ আহমেদ আৰু ছলমান খান কাৰাগাৰৰ ভিতৰতে উগ্ৰপন্থী হৈ পৰিছিল ৷ নাছিৰৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা আন কেইজনৰ ভিতৰত আছে চৈয়দ চুহেইল খান, মহম্মদ উমৰ, জাহিদ তাব্ৰেজ, চৈয়দ মুদাছিৰ পাছা আৰু মহম্মদ ফৈছাল ৰাব্বানী । ভাৰতীয় দণ্ডবিধি, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, বিস্ফোৰক পদাৰ্থ আইন আৰু অস্ত্ৰ আইন আদি বিভিন্ন ধাৰাত সংস্থাটোৱে এই পাঁচজন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে ।

এন আই এয়ে জানুৱাৰী মাহত এক বিবৃতিযোগে কয়, “নাছিৰে তেওঁলোকক মৌলবাদী হিচাপে গঢ়ি তুলি লস্কৰ-ই-তৈবাৰ (LeT)ত নিযুক্তি দিয়াৰ লক্ষ্যৰে সকলোকে তেওঁৰ বেৰেকলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছিল । তেওঁ প্ৰথমে জুনাইদ আৰু ছলমানক উগ্ৰপন্থী কৰি যুৱক-যুৱতীৰ কাৰ্যকলাপ আগুৱাই নিবলৈ নিযুক্তি দিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত তেওঁ জুনেইদৰ সৈতে ষড়যন্ত্ৰ কৰি আন অভিযুক্তসকলক উগ্ৰপন্থী ৰূপে গঢ়ি তুলিছিল ৷"

লগতে পঢ়ক: ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত, গৃহ বিভাগৰ বিষয়াৰে দুপৰীয়া মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.