ETV Bharat / bharat

পুনৰ অশান্ত মণিপুৰ; 5 দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা

author img

By ANI

Published : Feb 16, 2024, 8:30 AM IST

Churachandpur SP office
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণ

Manipur violence : মণিপুৰৰ চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত 300-400 জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ চেষ্টা ৷ বৃহস্পতিবাৰৰ নিশা সংঘটিত হয় এই ঘটনা ৷ 5 দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা ৷

নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী: মণিপুৰত অব্যাহত হিংসা ৷ ৰাজ্যখনৰ চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বৃহস্পতিবাৰৰ নিশা প্ৰায় 300-400 জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণৰ চেষ্টা চলায় । মণিপুৰ আৰক্ষীয়ে X যোগে প্ৰদান কৰা এক বিবৃতিত প্রকাশ কৰে যে আৰক্ষী অধীক্ষকৰ কার্যালয় ভংগ কৰাৰ চেষ্টাৰে দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰাৰ লগতে অন্যান্য হিংসাত্মক কার্যকলাপত লিপ্ত হয় ৷

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰেপিড একচন ফৰ্চ (আৰ এ এফ)কে ধৰি নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি মণিপুৰ আৰক্ষীয়ে জনায় । পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে ।

X যোগে মণিপুৰ আৰক্ষীয়ে কয়, "আজি প্ৰায় 300-400 জন লোকে এছ পি চি চি পিৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা টলাই শিলগুটি নিক্ষেপ কৰে । আৰ এ এফ (ৰেপিড একচন ফৰ্চ) কে ধৰি এছ এফ (নিৰাপত্তা বাহিনী) য়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ ব্যৱহাৰ কৰিছে ৷ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে ।"

মণিপুৰ চৰকাৰে অঞ্চলটোত ভাৰতীয় দণ্ডবিধিৰ অধীনত অঞ্চলটোত 144 ধাৰা জাৰি কৰিছে ৷ লগতে চুৰাচান্দপুৰ জিলাত 16 ফেব্ৰুৱাৰীৰ মাজ নিশা 1.40 বজাৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 5 দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এক নিৰ্দেশনাযোগে কোৱা হৈছে, " কিছুমান অসামাজিক উপাদানে জনসাধাৰণৰ আবেগক প্ৰৰোচিত কৰা ছবি, পোষ্ট, ভিডিঅ' বাৰ্তা প্ৰেৰণৰ বাবে ছ'চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে ৷ যাৰ ফলত মণিপুৰ ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ প্ৰেৰণ/প্ৰচাৰ হ’ব পৰা প্ৰৰোচিত বাৰ্তা আৰু ভুৱা উৰাবাতৰিৰ ফলত জনসাধাৰণৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ব্যাপক অশান্তিৰ আশংকা বা ৰাজহুৱা/ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ আশংকা কৰিয়েই আগতীয়াকৈ মোবাইল সেৱা, এছএমএছ সেৱা, মেছেজিং আৰু ডংগল সেৱা বন্ধ কৰা হৈছে ।"

লগতে পঢ়ক: অসম ৰাইফলছৰ বাহনক লক্ষ্য কৰি কুকি উগ্ৰপন্থী গোটে সাজু কৰিছে অত্যাধুনিক মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.