ETV Bharat / bharat

CAA ৰ জৰিয়তে নাগৰিকত্ব বিচৰা আবেদনকাৰীৰ সহায়ৰ বাবে মুকলি হেল্পলাইন - CAA HELPLINE

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:09 AM IST

MHA launches helpline : CAA ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদন কৰাত সহায়ক হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰিছে এটা বিশেষ হেল্পলাইন । ইয়াৰ দ্বাৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰাত সহায়ক হ’ব ।

CAA ৰ জৰিয়তে নাগৰিকত্ব বিচৰা আবেদনকাৰীৰ সহায়ৰ বাবে মুকলি হেল্পলাইন
CAA ৰ জৰিয়তে নাগৰিকত্ব বিচৰা আবেদনকাৰীৰ সহায়ৰ বাবে মুকলি হেল্পলাইন

নেশ্যনেল ডেস্ক, ২২ মাৰ্চ : বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচৰা লোকসকলক সহায় আৰু উপযুক্ত তথ্য প্ৰদানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰে ।

মন্ত্ৰালয়ৰ মতে, নাগৰিকত্বৰ আৱেদনৰ ক্ষেত্ৰত যিকোনো ব্যক্তিক সহায়ৰ প্ৰয়োজন হ’লে ভাৰতৰ যিকোনো ঠাইৰ পৰা পুৱা ৮ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত টোল ফ্ৰী ফোন নম্বৰ ‘১০৩২’ ত যোগাযোগ কৰিব পাৰিব ।

মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, ‘‘কা-২০১৯ ৰ হেল্পলাইন নম্বৰ ১০৩২ সক্ৰিয় কৰা হৈছে । আবেদনকাৰীয়ে ভাৰতৰ যিকোনো ঠাইৰ পৰা টোল ফ্ৰী ফোনৰ জৰিয়তে সহায় আৰু তথ্যৰ বাবে ফোন কৰিব পাৰিব । এই হেল্পলাইন নম্বৰৰ সেৱা পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ উপলব্ধ হ’ব’’ ।

লগতে পঢ়ক : ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

CAA ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাত সহায়ক হোৱাকৈ এটা ম’বাইল এপ্লিকেচন ১৫ মাৰ্চৰ পৰাই কাৰ্যক্ষম হৈ আছে । ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰালয়ে CAA ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব বিচৰা লোকৰ বাবে পৰ্টেলো মুকলি কৰিছিল ।

বিতৰ্কিত CAA, 2019 কাৰ্যকৰী কৰাৰ নিয়ম 11 মাৰ্চৰ দিনা অৱগত কৰা হৈছিল । পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নথি-পত্ৰবিহীন অ-মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

CAA নিয়ম জাৰি হোৱাৰ লগে লগে মোদী চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰে । এই আইনৰ অধীনত চুবুৰীয়া তিনিখন দেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে ।

লগতে পঢ়ক : CAA বিৰোধী আবেদন প্ৰত্যাহাৰ কৰিব ৰাজস্থান চৰকাৰে: ভজনলাল শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.