ETV Bharat / bharat

অপহৃত লক্ষ্ণৌৰ অভিযন্তাক উদ্ধাৰ মেঘালয় আৰক্ষীৰ - Lucknow engineer kidnapped

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 2:22 PM IST

অপহৃত লক্ষ্ণৌৰ অভিযন্তাক উদ্ধাৰ মেঘালয় আৰক্ষীৰ
অপহৃত লক্ষ্ণৌৰ অভিযন্তাক উদ্ধাৰ মেঘালয় আৰক্ষীৰ

Engineer Kidnapped in Meghalaya : অপহৃত লক্ষ্ণৌৰ অভিযন্তা অখিলেশ সিঙক মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰে । ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি চলা অভিযানৰ অন্তত মেঘালয়ৰ বাগমাৰা জিলা আৰক্ষীয়ে অখিলেশক উদ্ধাৰ কৰে ।

নিউজ ডেস্ক, ২২ মাৰ্চ : মেঘালয়ৰ পৰা অপহৃত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ অখিলেশ সিং চৌহান নামৰ এগৰাকী অভিযন্তাক মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰে । ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি চলা অভিযানৰ অন্তত মেঘালয়ৰ বাগমাৰা জিলা আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে অখিলেশৰ অপহৰণৰ বিষয়ে আলোচনা কৰিছিল । ইয়াৰে কেইঘণ্টামানৰ পিছতে অখিলেশ সিঙক উদ্ধাৰ কৰা হয় । আনহাতে, এই খবৰ লাভ কৰাৰ পাচতে লক্ষ্ণৌৰ গুডাম্বাস্থিত অভিযন্তা অখিলেশৰ ঘৰত এক সুখৰ পৰিৱেশে বিৰাজ কৰে । মেঘালয়ৰ বাঘমাৰা আৰক্ষীৰ মতে, অখিলেশ সিং চৌহান বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ।

উল্লেখ্য যে, মঙলবাৰে পুৱানিশা প্ৰায় ২ বজাত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ-২১৭ৰ এখন নিৰ্মীয়মাণ দলঙৰ ওচৰত থকা তেওঁৰ শিবিৰৰ পৰা এদল লোকে তেওঁক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হয় । বাঘমাৰাৰ এছপিয়ে জনোৱা মতে, অখিলেশক এটা প্ৰাক্তন উগ্ৰপন্থী গোটে অপহৰণ কৰে । এই ক্ষেত্ৰত আৰভীৰ দলে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু আন দুজনৰ সন্ধান চলি আছে ।

তেওঁ লগতে কয় যে উগ্ৰপন্থী দলটোৱে অখিলেশৰ মুক্তিৰ বিনিময়ত নিৰ্মাণ কোম্পানীটোৰ পৰা মুক্তিপণ আদায় কৰিব বিচাৰিছিল । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা অখিলেশ সিং চৌহান এগৰাকী অসামৰিক ঠিকাদাৰ । তেওঁৰ পৰিয়ালটো ৰাজধানী লক্ষ্ণৌৰ গুডাম্বাত এটা ভাৰাঘৰত বাস কৰে । অখিলেশৰ পত্নী শীলা সিঙে কয় যে তেওঁৰ স্বামীয়ে বিগত ছয় মাহ ধৰি মেঘালয়ৰ ভাগমাৰাৰ খাৰোকালত দলং নিৰ্মাণ কৰি আছে ।

মঙলবাৰে মেঘালয়ৰ এজন ঠিকাদাৰে তেওঁৰ স্বামী অখিলেশৰ অপহৰণৰ খবৰ দিয়ে । ইয়াৰ পিচত শীলাই মুখ্যমন্ত্ৰী যোগীক সহায়ৰ বাবে অনুৰোধ কৰে। পিচত তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বিষয়টো সন্দৰ্ভত কথা পাতে ।

লগতে পঢ়ক : খহি পৰিল ভাৰতৰ দীৰ্ঘতম দলং, এজন শ্ৰমিকৰ মৃত্যু - Bakour Bridge Collapsed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.