ETV Bharat / bharat

মন কি বাত, নতুন ভোটাৰসকললৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ

Mann Ki Baat: সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত নতুন ভোটাৰসকলক অভিলেখ সংখ্যক ভোটদান কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় । বিশ্ব বন্যপ্ৰাণী দিৱস আৰু নাৰী দিৱস সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ ।

Mann Ki Baat
মন কি বাত, নতুন ভোটাৰসকললৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ
author img

By ANI

Published : February 25, 2024 at 5:50 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,২৫ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে যুৱ আৰু নতুন ভোটাৰসকলক আগন্তুক লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যাত ভোট দান কৰিবলৈ আহ্বান জনায় । দেওবাৰে তেওঁৰ 'মন কি বাত' কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়াসকলক অনুপ্ৰাণিত কৰিবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলকো আহ্বান জনায় । ভোটাৰসকলক ক্ৰীড়া, চলচ্চিত্ৰ উদ্যোগ, সাহিত্য, অন্যান্য পেছাদাৰী বা ইনষ্টাগ্ৰাম আৰু ইউটিউব প্ৰভাৱশালীসকলক অনুপ্ৰাণিত কৰিবলৈও তেওঁ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩ মাহৰ বাবে 'মন কি বাত' সম্প্ৰচাৰ কৰা নহ'ব । প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও 'মন কি বাত' তিনি মাহৰ বাবে বন্ধ হ'ব, তথাপিও দেশৰ সাফল্য বন্ধ নহ'ব, তথাপিও সমাজ আৰু দেশৰ সাফল্যসমূহ সামাজিক মাধ্যমত 'মন কি বাত' হেছটেগেৰে পোষ্ট কৰি থাকিব ।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা নিৰ্বাচনৰ সময়তো কৰা আদৰ্শ আচৰণ বিধি মাৰ্চ মাহত বলবৎ হোৱাৰ সম্ভাৱনা আছে । ৩ মাৰ্চত পালন কৰিবলগীয়া বিশ্ব বন্যপ্ৰাণী দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ অনুষ্ঠানটোৰ বিষয়বস্তু হিচাপে ডিজিটেল উদ্ভাৱনক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে যোৱা কেইবছৰমানত দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে । তেওঁ উল্লেখ কৰা মতে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বাঘৰ সংখ্যা ২৫০ অতিক্ৰম কৰিছে । তাত গাওঁ আৰু অৰণ্যৰ সীমান্তত কেমেৰা স্থাপন কৰা হৈছে । যেতিয়াই এটা বাঘ গাওঁখনৰ ওচৰলৈ আহে স্থানীয় লোকসকলে এআইৰ সহায়ত তেওঁলোকৰ মোবাইল ফোনত সতৰ্কবাণী লাভ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰাখণ্ডৰ ৰুৰকীত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সহযোগত 'ৰোটাৰ প্ৰিচিচন গ্ৰুপে' এটা ড্ৰোণ নিৰ্মাণ কৰিছে যি কেন নদীত ঘঁৰিয়ালৰ সন্ধানত সহায় কৰি আছে ।

বেংগালুৰুস্থিত এটা কোম্পানীয়ে প্ৰস্তুত কৰা মোবাইল এপ 'বাঘীৰা' আৰু 'গৰুড়'য়ে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত স্থান পাইছে । 'বাঘীৰা' এপৰ দ্বাৰা জংঘল চাফাৰীৰ সময়ত বাহনৰ গতি আৰু অন্যান্য কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে গৰু আৰু ম'হৰ দৰে ছাগলীও গুৰুত্বপূৰ্ণ পশুধন, যাৰ কথা বিশেষ আলোচনা কৰা নহয় । দেশৰ বিভিন্ন অঞ্চলৰ বহুলোক ছাগলী পালনৰ সৈতে জড়িত । ওড়িশাৰ কালাহাণ্ডিত ছাগলী পালন গাওঁবাসীৰ জীৱিকাৰ এক মুখ্য উৎস হৈ পৰিছে আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডও বৃদ্ধি কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশত মহিলা শক্তিয়ে প্ৰতিটো ক্ষেত্ৰতে প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰিছে । ৮ মাৰ্চত নাৰী দিৱস উদযাপন কৰা হ'ব । এই বিশেষ দিনটো দেশৰ উন্নয়নমূলক যাত্ৰাত নাৰী শক্তিৰ অৱদানক অভিবাদন জনোৱাৰ এক সুযোগ ।

লগতে পঢ়ক :1 জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন