আজিৰে পৰা আৰম্ভ হ'ল ভাৰতৰ প্ৰথমটো অইল পাম প্ৰচেছিং ইউনিট
Oil palm processing unit: অৰুণাচল প্ৰদেশৰ ৰ'য়িংস্থিত অইল পাম প্ৰচেছিং ইউনিটোৰ ব্যৱসায়িকভাৱে উৎপাদন আৰম্ভ । অৰুণাচল প্ৰদেশত তৈলপাম খেতিৰ বাবে উপযোগী ১,৩০,০০০ হেক্টৰ মাটি চিনাক্ত ।

Published : March 16, 2024 at 7:19 PM IST
গুৱাহাটী, ১৬ মাৰ্চ: আজিৰে পৰা আৰম্ভ হ'ল ভাৰতৰ প্ৰথমটো অইল পাম প্ৰচেছিং ইউনিট । ভাৰতৰ অন্যতম বৃহৎ অইল পাম প্ৰস্তুতকাৰী কোম্পানী ৩এফ অইল পামে শনিবাৰে অৰুণাচল প্ৰদেশৰ ৰ'য়িঙত অৱস্থিত অইল পাম প্ৰচেছিং ইউনিটোৰ ব্যৱসায়িকভাৱে উৎপাদন আৰম্ভ কৰে । উল্লেখ্য় যে যোৱা ৯ মাৰ্চত অৰুণাচল প্ৰদেশৰ এই অইল পাম প্ৰচেছিং ইউনিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ।
ভাৰতত পাম অইলৰ সম্ভাৱনাৰ বিষয়ে ৩এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় গোৱেংকাই কয় ," খাদ্য তেলৰ চাহিদা নিত্য বৃদ্ধি পোৱাৰ লগে লগে পাম অইল খাদ্য নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদানত পৰিণত হৈছে ।" দেশৰ প্ৰথমটো তেল পাম প্ৰক্ৰিয়াকৰণ ইউনিটৰ কাম আৰম্ভ কৰাটো ঘৰুৱা তেলবীজ উৎপাদনক উৎসাহিত কৰাৰ সমান্তৰালকৈ কোটি কোটি টকাৰ বিনিয়োগ কৰি ২০৩০ চনৰ ভিতৰত অসম আৰু অৰুণাচল প্ৰদেশত ১১০০ কোটি বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে বুলি কয় ৩এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় গোৱেংকাই ।
৩এফ অইল পাম প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় গোৱেংকাই লগতে কয় যে অইল পাম প্ৰচেছিং ইউনিটোত ১৭০০ জন লোকক কৰ্ম সংস্থাপন দিয়া হৈছে । উল্লেখ্য যে অৰুণাচল প্ৰদেশত তৈলপাম খেতিৰ বাবে উপযোগী ১,৩০,০০০ হেক্টৰ মাটি চিনাক্ত কৰা হৈছে । কেৱল উত্তৰ-পূব অঞ্চলতে চৰকাৰে নিৰ্ধাৰিত অঞ্চলৰ ৩৩% (৯.৬ লাখ হেক্টৰ) খেতিৰ বাবে উপযুক্ত অঞ্চল আছে । উত্তৰ-পূবৰ এই সম্ভাৱনাৰ মাত্ৰ ৪%হে বৰ্তমান তেলপাম উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে ।
লগতে পঢ়ক:কোনো দুৰ্নীতিগ্ৰস্ত লোক পলাই যাব নোৱাৰে: তেলেংগানাত বিৰোধীক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

