ETV Bharat / bharat

বনজুই নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ নিয়োগ - Forest fire in Uttarakhand

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:50 AM IST

Forest fire in Uttarakhand : বৃহস্পতিবাৰে হালদ্বাণীস্থিত বন প্ৰশিক্ষণ একাডেমীত উপস্থিত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ৷ বনাঞ্চলৰ অগ্নিকাণ্ড প্ৰতিৰোধ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ ধামীৰ । বিভিন্ন বিভাগলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ধামীৰ ৷

IAF MI-17 Chopper In Action, NDRF Reaches Pauri Garhwal To Control Forest Fires
বনজুই নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ নিয়োগ (Etv bharat Uttarakhand)

নেশ্যনেল ডেস্ক, 10 মে’ : উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ শ্ৰীকোট গাঁৱত চলি থকা বনাঞ্চলৰ জুই নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰ সোমবাৰে নিয়োগ কৰা হয় । অগ্নিনিৰ্বাপক অভিযানত সহায় কৰিবলৈ এম-17 হেলিকপ্টাৰ নিয়োগ কৰা হয় ৷

হালদ্বাণীস্থিত বন প্ৰশিক্ষণ একাডেমীত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বনজুই ৰোধৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে । লগতে বন বিভাগৰ কৰ্মীসকলক গাঁওবাসীৰ সৈতে উন্নত সমন্বয় সৃষ্টি কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

বিশেষকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সতৰ্কবাণীৰ পাচতে বনাঞ্চলৰ তীব্ৰ জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপকৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাৰ পৌৰীত উপস্থিত হয় ।

পৌৰী গড়ৱালৰ জিলা দণ্ডাধীশ আশীষ চৌহানে কয়, "এন ডি আৰ এফৰ দলটোত বিষয়াসহ মুঠ 50 গৰাকী সদস্য আছে । যোৱা নিশা বৰষুণ হোৱাৰ পিছত বনজুই বন্ধ হৈছে যদিও অনাগত দিনত বতৰ ফৰকাল হৈ থাকিলে বনজুইৰ ঘটনা বৃদ্ধি পাব পাৰে । পুনৰ এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে এন ডি আৰ এফৰ দলটোৱে বনাঞ্চলৰ জুই নিয়ন্ত্ৰণ কৰিব ।"

বিষয়াগৰাকীয়ে কয় যে এন ডি আৰ এফৰ সহায়ত জনশক্তিৰ নাটনিৰ সন্মুখীন হোৱা বন বিভাগে এতিয়া বহু পৰিমাণে বনজুই নিয়ন্ত্ৰণ কৰিবলৈ সহায় লাভ কৰিব । তেওঁ পুনৰ কয়, "মাত্ৰ কালি বায়ুসেনাৰ এম আই-17 বিমানখনে বনাঞ্চলৰ জুই নিয়ন্ত্ৰণ কৰি জিলাখন এৰি থৈ গৈছিল, এতিয়া অথবা অনাগত দিনত বনজুইৰ ঘটনা বৃদ্ধি পালে এন ডি আৰ এফে দায়িত্ব ল’ব ।"

হালদ্বাণীস্থিত বন প্ৰশিক্ষণ একাডেমীত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উপস্থিত থাকি গাঁওবাসীৰ সৈতে উন্নত সমন্বয় সৃষ্টিৰ বাবেও বন বিভাগৰ কৰ্মীসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ধামীয়ে কয়, "যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত গাঁৱৰ ৰাইজে ভূমিকা গ্ৰহণ কৰিব । ইয়াৰ দ্বাৰা দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাত বহু পৰিমাণে সহায়ক হ'ব আৰু গাঁওবাসীয়েও নিজৰ বনাঞ্চলখনিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব ।"

মুখ্যমন্ত্রীগৰাকীয়ে কয়, "যদিও বনবিভাগে বনাঞ্চলৰ অগ্নিকাণ্ডৰ ঘটনাসমূহ সময়ৰ লগে লগে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে, তথাপিও এই দিশত বন বিভাগে ৰাজ্যখনৰ বাবে এক সৰ্বাংগীন আঁচনি প্ৰস্তুত কৰিব লাগে যাতে প্ৰতি বছৰে সংঘটিত হোৱা জুই ক্ৰমাৎ হ্ৰাস পায় ।"

পথ নিৰ্মাণৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গড়কাপ্তানী সংস্থাসমূহক নিৰ্দেশ দিয়ে । তেওঁ অঞ্চলটোৰ পৰিৱেশ আৰু পথ সুৰক্ষাৰ বাবে স্থাপন কৰা ক্ৰেচ বেৰিয়াৰ অনুসৰি এখন বাগিচাও বিচাৰে । লগতে খোৱাপানীৰ যোগান সুশৃংখলিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে গ্ৰীষ্মকালত খোৱাপানীৰ কোনো সমস্যাৰ সন্মুখীন নহয় ।

চৰকাৰী কাৰ্যালয়ত সৌৰ পেনেলৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত জিলা দণ্ডাধীশ বন্দনা সিঙে কয়, "2019 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা 2024 চনৰ মে' মাহলৈকে বনজুইৰ ঘটনাৰ তুলনাত এই বছৰ জিলাখনত অগ্নিকাণ্ডৰ ঘটনা কম হৈছে ।"

শেহতীয়াকৈ ৰাজ্যখনত বনজুইৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ ফলত পৰিৱেশ সুৰক্ষা আৰু স্থানীয় জনগোষ্ঠীসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে । খবৰ অনুসৰি বনাঞ্চলৰ জুই প্ৰত্যেক বছৰে হয় আৰু বতৰৰ পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত উষ্ণতাও আকাশলংঘী হৈছে ।

উত্তৰাখণ্ডত ফেব্ৰুৱাৰী মাহৰ মাজভাগত বনজুই আৰম্ভ হয় ৷ কিয়নো এই সময়ত গছবোৰৰ পৰা শুকান পাত সৰি পৰে আৰু উষ্ণতা বৃদ্ধিৰ বাবে মাটিয়ে আৰ্দ্ৰতা হেৰুৱাই পেলায় ৷ জুন মাহৰ মাজভাগলৈকে এই অগ্নিকাণ্ড চলি থাকে ।

লগতে পঢ়ক: সোমেশ্বৰৰ বনাঞ্চলত বনজুই; নিহত 2 শ্ৰমিক - Uttarakhand Forest Fire

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.