ETV Bharat / bharat

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত হায়দৰাবাদৰ যুৱকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:32 AM IST

Russia Ukraine war
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত হায়দৰাবাদৰ যুৱকৰ মৃত্যু

Russia Ukraine war: ৰাছিয়াৰ সেনা বাহিনীৰ হৈ যুঁজ দিছিল হায়দৰাবাদৰ মহম্মদ আফছান নামৰ যুৱকজনে । মৃতদেহ স্বদেশলৈ অনাৰ বাবে চৰকাৰক দাবী যুৱকজনৰ পৰিয়ালৰ । মুম্বাইৰ এজেণ্টে প্ৰৱঞ্চনাৰে ৰাছিয়াৰ সেনা বাহিনীত নিযুক্তি দিছিল আফছানক ।

নেশ্যনেল ডেস্ক,৭ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ এতিয়াও অব্যাহত আছে । হাজাৰ হাজাৰ লোক নিহত হৈছে দুয়োখন দেশৰ মাজৰ সংঘৰ্ষত । সাধাৰণ নাগৰিকৰ উপৰিও দুয়োখন দেশৰ যথেষ্ট সংখ্যক সেনাও শ্বহীদ হৈছে । ৰাছিয়াৰ হৈ যুঁজ দি বিভিন্ন দেশৰ নাগৰিক শ্বহীদ হোৱাৰো খবৰ পোৱা গৈছে । জানিব পৰা মতে তাৰ ভিতৰত ভাৰতৰো নাগৰিক আছে ।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি হায়দৰাবাদৰ নামপল্লী অঞ্চলৰ বজাৰঘাটৰ মহম্মদ আফছান নামৰ এজন যুৱকে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত ৰাছিয়াৰ হৈ যুঁজ দি প্ৰাণ হেৰুৱাইছে । আফছানৰ ভাতৃ ইমৰানে এই কথা প্ৰকাশ কৰে । ভাতৃয়ে জনোৱা মতে ৰাছিয়াৰ ভাৰতীয় দূতাবাসৰ পৰা এটা ফোন পাইছিল য'ত এই কথা পৰিয়ালটোক অৱগত কৰা হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোৱা মতে চৰকাৰে প্ৰায় ২০ গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰি আছে । যিসকলে সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি আছে । তাৰ ভিতৰত ৩ গৰাকী হায়দৰাবাদৰ নাগৰিকো আছে ।

ইয়াৰ পূৰ্বে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ এই ৩ গৰাকী লোকক সুৰক্ষিতভাৱে ভাৰতলৈ আনিবলৈ পত্ৰ লিখিছিল । তাৰ মাজতে হায়দৰাবাদৰ যুৱকজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মস্কোত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলেও কথাটো নিশ্চিত কৰিছে । আনহাতে মহম্মদ আফছানৰ পৰিয়ালে মৃতদেহটো হায়দৰাবাদলৈ অনাত সহায়ৰ বাবে আছাদুদ্দিন ওৱেইচিৰ কাষ চাপিছিল ।

আফছানৰ ভাতৃ কোৱা মতে মুম্বাইৰ এজেণ্টসকলৰ সহায়ত আফছান প্ৰথমে ডুবাইলৈ গৈছিল আৰু তাৰ পৰা এজেণ্টসকলে তেওঁক মস্কোলৈ লৈ গৈছিল । য'ত আফছানে কিছুমান নথিপত্ৰত স্বাক্ষৰ কৰিছিল আৰু তেওঁক ৰাছিয়াৰ সেনাত নিযুক্তি দিয়া হৈছিল । ভাতৃয়ে দাবী কৰা মতে যিমান সম্ভৱ সোনকালে আফছানৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব লাগে । আনহাতে আফছানক বিপথে পৰিচালিত কৰি ৰাছিয়াৰ সেনাত নিযুক্তি দিয়া এজেণ্টসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও ভাতৃয়ে চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক :ইজৰাইল হামাছ যুদ্ধ আৰু ইয়াৰ পৰিণাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.