ETV Bharat / bharat

পূজাথলীত মৌ-মাখিৰ আতংক, বিধায়ক-প্ৰাক্তন বিধায়কসহ কেইবাজনকো দংশিলে মৌৱে - Honey bee sting

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:39 AM IST

Honey bee sting
পূজাথলীত মৌ-মাখিৰ আতংক, প্ৰাক্তন বিধায়সহ কেইবাজনকো দংশিলে মৌৱে

Honey bee sting : যজ্ঞ-পূজা কৰোতে সাৱধান হওক ৷ পূজাথলীৰ পৰা ওলোৱা ধোঁৱাই মাতিলে কাল ৷ পূজাথলীত মৌ-মাখিৰ আক্ৰমণ, 25 জনতকৈও অধিক আহত ৷

নেশ্য়নেল ডেস্ক, 10 এপ্ৰিল : ছত্তীশগড়ৰ জশপুৰত ভয়ংকৰ আঘটন ৷ পূজাথলীত মৌ-মাখিৰ তাণ্ডৱ ৷ মৌ-মাখিৰ আক্ৰমণৰ পৰা বাচি নগ’ল প্ৰাক্তন বিধায়কো ৷

দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ছত্তীশগড়ৰ বেইগা জনজাতীয় লোকসকলেও মঙলবাৰে নতুন বৰ্ষক আদৰিবলৈ দীপু গাৰ্ডেনত সৰহুল ছাৰনা পূজাৰ আয়োজন কৰিছিল ৷ এই পূজাত জিলাখনৰ বিভিন্ন জনজাতীয় লোকসকলো একত্ৰিত হৈছিল । এই পূজাৰ পৰা ওলোৱা যজ্ঞ-ধূপ-ধূনাৰ ধোঁৱাই ওচৰৰ গছবোৰত থকা মৌ-মাখিৰ বাহত লগাৰ ফলত মৌ-মাখিয়ে পূজাথলীত উপস্থিত থকা ভক্তসকলক আক্ৰমণ কৰে । এই ঘটনাত 25 জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ লগে লগে তেওঁলোকক চিকিৎসাৰ বাবে জশপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

মৌ-মাখিৰ আক্ৰমণত কেইবাজনো আহত:

এই ঘটনাটো দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হয় । ঘটনাটোৰ সময়ত, বেইগা আৰু জিলাখনৰ ভিন্ন স্থানৰ পৰা সমবেত হোৱা জনজাতীয় সমাজৰ ভক্তসকলে দীপু বাগিচাত যজ্ঞ কৰিছিল । যজ্ঞৰ ধোঁৱাই চাৰিওফালৰ গছত বাস কৰা মৌ-মাখিবোৰ আমনি কৰাৰ ফলত মৌ-মাখিয়ে তাত উপস্থিত থকা ভক্তসকলক দংশন কৰে । এই ঘটনাটোত ২৫ জনতকৈও অধিক ভক্ত আহত হয়, যাৰ ভিতৰত আছে বৰ্তমানৰ বিধায়ক ৰাইমুনি ভগত আৰু প্ৰাক্তন বিধায়ক জগেশ্বৰ ৰাম । এই ঘটনাৰ লগে লগে সকলোকে হাস্পতালত ভৰ্তি কৰাৰ পিচতেই বৰ্তমান সকলোৰে পৰিস্থিতি স্বাভাৱিক বুলি জানিব পৰা গৈছে ।

এই ঘটনাটোৰ পিচত, সৰহুল পূজাৰ সময়সূচীৰ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত বনৱাসী কল্যাণ আশ্ৰমত সৰহুল পূজা সমিতিৰ এখন বৈঠক চলে ৷ পূজা সমিতিয়ে পূজাথলীৰ স্থান দীপু বাগিচাৰ পৰা বনৱাসী কল্যাণ আশ্ৰমলৈ সলনি কৰিব পাৰি নেকি তাৰ ক্ষেত্ৰত কথা-বতৰা চলাই আছে । ঘটনাটোৰ পিচত, মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাইৰ আগমনে পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছিল ৷

লগতে পঢ়ক: ছত্তীশগড়ত বাছ দুৰ্ঘটনাত ১২ জনৰ মৃত্যু, ১০ জনৰ অৱস্থা সংকটজনক - Chhattisgarh Bus Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.