ETV Bharat / bharat

আজি সমগ্ৰ দেশজুৰি মমবাতি সমদল; ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত দিল্লীৰ পদযাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:19 AM IST

Farmers Candle march : কৃষকৰ দিল্লী চলো কাৰ্যসূচী ২৯ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰখা হৈছে । আনহাতে, যুৱ কৃষক শুভকৰণৰ স্মৰণত শনিবাৰে দেশজুৰি মমবাতি সমদল উলিওৱা হ'ব ।

আজি সমগ্ৰ দেশজুৰি মমবাতি সমদল
আজি সমগ্ৰ দেশজুৰি মমবাতি সমদল

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : কৃষকৰ চলিত আন্দোলনে শনিবাৰে দ্বাদশ দিনত ভৰি দিলে । প্ৰতিবাদী কৃষকসকলে বিগত ১১ দিন ধৰি পঞ্জাব আৰু হাৰিয়ানাৰ সীমাত এমএছপিৰ দাবীত আন্দগোলন কৰি আছে । কিন্তু কৃষকসকলৰ যি দিল্লী অভিমুখী যাত্ৰাৰ সিদ্ধান্ত, সেয়া ২৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিছে । এই সন্দৰ্ভত কৃষক নেতা চাৰৱান পান্ধেৰে কয় যে দিল্লী অভিমুখে কোনটো ৰণনীতিত আগবাঢ়িব সেই সন্দৰ্ভত তেওঁ সিদিনাখনেই সিদ্ধান্ত ল'ব । কৃষক নেতাজনে কয় যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আলোচনাৰ বাবে কোনো নিমন্ত্ৰণ অহা নাই । তেওঁ লগতে কয় যে আমি দাবী কৰিছোঁ যে আলোচনাৰ আমন্ত্ৰণত এইটো স্পষ্টভাৱে লিখা উচিত যে এমএছপি গেৰাণ্টি আইন প্ৰস্তুত কৰাৰ ওপৰত আলোচনা হ'ব । কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত চকু ফুৰাই আছে ।

আনহাতে, যুৱ কৃষক শুভকৰণৰ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে কৃষকসকলে সমগ্ৰ দেশজুৰি মমবাতি সমদল উলিয়াব । ইয়াৰ উপৰি কৃষকসকলৰ সপক্ষে ২৬ ফেব্ৰুৱাৰীত জনজাতীয় সমাজে ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত ৰাষ্ট্ৰপতিৰ বাবে দাবীপত্ৰ দাখিল কৰিব ।

উল্লেখ্য যে খানৌৰী সীমান্তত শ্বহীদ হোৱা ভাটিণ্ডাৰ এগৰাকী যুৱ কৃষক শুভকৰণৰ অন্তিম সংস্কাৰ এতিয়াও সম্পন্ন কৰা হোৱা নাই । পঞ্জাব চৰকাৰে পৰিয়ালটোক ১ কোটি টকাৰ ক্ষতিপূৰণ আৰু ভগ্নীক চৰকাৰী চাকৰি ঘোষণা কৰিছে । কৃষক সংগঠন আৰু পৰিয়ালবোৰে দাবী কৰিছে যে পঞ্জাব আৰক্ষীয়ে এই ক্ষেত্ৰত হত্যাৰ এজাহাৰ পঞ্জীয়ন কৰক ।

সংযুক্ত কিষাণ মৰ্চা (অনা-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ আগন্তুক কাৰ্যসূচী

  • শ্বহীদ শুভকৰণ সিং আৰু আন তিনিগৰাকী শ্বহীদ কৃষকৰ স্মৃতিত ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া সমগ্ৰ দেশতে মমবাতি সমদল অনুষ্ঠিত হ'ব ।
  • ২৫ ফেব্ৰুৱাৰীত শম্ভু আৰু খানৌৰী সীমান্তৰ ওপৰত ডব্লিউটিঅ'ৰ সন্মিলনৰ দ্বাৰা সমগ্ৰ দেশৰ কৃষকসকলক সজাগ কৰা হ'ব ।
  • ২৬ ফেব্ৰুৱাৰীত পুৱা দেশৰ সকলো গাঁৱত ডব্লিউটিঅ'ৰ পুত্তলিকা দাহ আৰু পিছত আবেলি ৩ বজাত শম্ভু আৰু খানৌৰী সীমান্তত ডব্লিউটিঅ'ৰ ডাঙৰ পুত্তলিকা দাহ ।
  • ২৭ ফেব্ৰুৱাৰীত শম্ভু আৰু খানৌৰী সীমান্তত দুয়োটা মঞ্চৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ।
  • ২৮ ফেব্ৰুৱাৰীত দুয়োটা মঞ্চৰ যুটীয়া বৈঠক অনুষ্ঠিত হ'ব ।
  • ২৯ ফেব্ৰুৱাৰীত কৃষক আন্দোলনৰ আগন্তুক গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :খানৌৰী সীমান্তত নিহত কৃষকৰ পৰিয়াললৈ পাঞ্জাব চৰকাৰৰ বৃহৎ ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.