ETV Bharat / bharat

বেংগালুৰু মেট্ৰ'ত কৃষকক প্ৰৱেশত বাধা; চৰকাৰ আৰু বিএমআৰচিএললৈ জাননী মানৱ অধিকাৰ আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:25 PM IST

বেংগালুৰু মেট্ৰ'ত কৃষকক প্ৰৱেশত বাধা, জাননী মানৱ অধিকাৰ আয়োগৰ
বেংগালুৰু মেট্ৰ'ত কৃষকক প্ৰৱেশত বাধা, জাননী মানৱ অধিকাৰ আয়োগৰ

Bengaluru Metro Farmer Case : ঘটনাটো যোৱা সোমবাৰে ৰাজাজীনগৰ মেট্ৰ' ষ্টেচনত সংঘটিত হয় । ভুক্তভোগী কৃষকজনে মেট্ৰ' ৰে'লত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু সেই সময়ত ৰে'লখনৰ নিৰাপত্তাৰক্ষীয়ে লক্ষ্য কৰে যে কৃষকজনে লেতেৰা কাপোৰ পিন্ধি আছে । যাৰ বাবে তেওঁক মেট্ৰ' ৰে'লত প্ৰৱেশ কৰাত বাধা দিয়ে ।

নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী : বেংগালুৰু মেট্ৰ' ৰে'ল কৰ্প'ৰেচন লিমিটেড (বিএমআৰচিএল) আৰু কৰ্ণাটক চৰকাৰক জাননী জাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) । শেহতীয়াকৈ লেতেৰা কাপোৰ পিন্ধা এজন কৃষকক ৰাজাজীনগৰ মেট্ৰ' ষ্টেচনত প্ৰৱেশ কৰাত বাধা আৰোপ কৰাৰ ঘটনাৰ বিষয়ে প্ৰতিবেদন দিবলৈ এই জাননী জাৰি কৰে ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মেট্ৰ' ষ্টেচনত কৃষকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰা ঘটনা সন্দৰ্ভত এক স্বতঃপ্ৰণোদিত অভিযোগ পঞ্জীয়ন কৰিছে । এনএইচআৰচিয়ে এই ক্ষেত্ৰত মানৱ অধিকাৰৰ স্পষ্ট উলংঘনৰ অভিযোগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু বিএমআৰচিএল মেনেজাৰক বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

উল্লেখ্য যে ঘটনাটো যোৱা সোমবাৰে (ফেব্ৰুৱাৰী ২৬) ৰাজাজীনগৰ মেট্ৰ' ষ্টেচনত সংঘটিত হয় । ভুক্তভোগী কৃষকজনে মেট্ৰ' ৰে'লত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু সেই সময়ত ৰে'লখনৰ নিৰাপত্তাৰক্ষীয়ে লক্ষ্য কৰে যে কৃষকজনে লেতেৰা কাপোৰ পিন্ধি আছে । যাৰ বাবে তেওঁক মেট্ৰ' ৰে'লত প্ৰৱেশ কৰাত বাধা দিয়ে । এই ঘটনাটোৱে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰে । আনহাতে, ঘটনাটোক লৈ সামাজিক মাধ্যমতো যথেষ্ট চৰ্চাৰ সৃষ্টি কৰে ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ঘটনাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মেট্ৰ' নিগমক জাননী জাৰি কৰে । লগতে ঘটনাটো সন্দৰ্ভত এক প্ৰতিবেদন চাৰি সপ্তাহৰ ভিতৰত দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হয় ।

আনহাতে, কৃষকক প্ৰৱেশ কৰিবলৈ দিয়াত অস্বীকাৰ কৰাৰ বাবে ব্যাপক সমালোচনা সৃষ্টি হোৱাৰ পিছত সংশ্লিষ্ট কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু মেট্ৰ' ব্যৱস্থাপনাই এটা কাৰিকৰী দলৰ দ্বাৰা তদন্ত ত্বৰান্বিত কৰে । ''বৰ্তমানৰ তথ্য অনুসৰি, কৃষকজনক প্ৰৱেশৰ পৰা বঞ্চিত কৰা হোৱা নাই । টিকট নোহোৱাৰ বাবেহে কৰ্মচাৰীসকলে টিকটটো আনিবলৈ নিৰ্দেশ দিছিল ।'' জ্যেষ্ঠ মেট্ৰ' বিষয়া শংকৰে সংবাদ মাধ্যমৰ আগত কয় । তেওঁ কয় যে চূড়ান্ত প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে । তাৰ পিছতহে বিষয়টো সন্দৰ্ভত সম্পূৰ্ণ তথ্য জানিব পৰা যাব ।

লগতে পঢ়ক :শ্বাহজাহান শ্বেখক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.