ETV Bharat / bharat

হালদৱানী বনভুলপুৰাত শিথিল সান্ধ্য আইন: বন্ধ থাকিব ইণ্টাৰনেট সেৱা, বহিঃৰাজ্যৰে যাতায়ত নিষিদ্ধ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 8:29 AM IST

Updated : Feb 15, 2024, 12:09 PM IST

Haldwani Banbhulpura violence: উত্তৰাখণ্ডৰ হালদৱানী বনভুলপুৰা হিংসাৰ পাছত ক্ৰমান্বয়ে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে । নৈনিতালৰ ডি এম বন্দনা সিঙে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন শিথিল কৰাৰ নিৰ্দেশ দিছে । ডি এমৰ নিৰ্দেশৰ পিছত বনভুলপুৰাৰ বিভিন্ন অঞ্চলত দুঘণ্টাৰ পৰা সাত ঘন্টালৈ শিথিল কৰা হৈছে সান্ধ্য আইন ।

Haldwani Banbhulpura violence
হালদৱানী বনভুলপুৰাত শিথিল সান্ধ্য আইন

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ হালদৱানীৰ বনভুলপুৰাত চৰকাৰী ভূমিত নিৰ্মিত নৱাজ স্থল আৰু মাদ্ৰাছা উচ্ছেদক লৈ সংঘটিত হিংসাত্মক ঘটনাৰ পাচত সম্প্ৰতি বনভুলপুৰাৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত জিলা দণ্ডাধীশে সান্ধ্য আইন শিথিল কৰিছে । প্ৰশাসনে ইতিমধ্যে চহৰখনৰ বিভিন্নে প্ৰান্তৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বনভুলপুৰাৰ সান্ধ্য আইন বাহাল ৰাখিছিল । কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈনিতাল জিলা দণ্ডাধীশ বন্দনা সিঙে সান্ধ্য আইন শিথিল কৰাৰ নিৰ্দেশ দিয়ে ।

বনভুলপুৰাৰ বিভিন্ন অঞ্চলত দুঘণ্টাৰ পৰা সাত ঘন্টালৈ শিথিল কৰা হৈছে সান্ধ্য আইন । এই সময়চোৱাত বহিঃৰাজ্যৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব । দোকান-পোহাৰ খোলা হ’ব আৰু প্ৰশাসনৰ তৰফৰ পৰা দোকানলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ’ব, কিন্তু ইণ্টাৰনেট সম্পূৰ্ণ বন্ধ থাকিব । নৈনিতাল জিলা দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি বনভুলপুৰা থানা এলেকাৰ মণ্ডি গেট শনিবজাৰ পথৰ পৰা পশ্চিম দিশলৈ, ৰে’লৱে বজাৰ পথৰ পৰা পশ্চিম দিশৰ সমগ্ৰ অঞ্চল, গোলছা চৌহদত অৱস্থিত এফ চি আই এলেকাত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ সান্ধ্য আইন শিথিলতা কৰা হৈছে ।

আন আন অঞ্চলসমূহত পুৱা ৯ বজাৰ পৰা ১১ বজালৈ সান্ধ্য আইন শিথিলতা কৰা হৈছে আৰু এই স্থানসমূহত আৰক্ষী মোতায়েন কৰা হ’ব । এই সময়চোৱাত স্থানীয় লোকে অঞ্চলটোৰ যিকোনো ঠাইলৈ যাব পাৰে । জিলা দণ্ডাধীশ বন্দনা সিঙে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ কথা উল্লেখ কৰি পৰিস্থিতি অনুসৰি সময়ে সময়ে সান্ধ্য আইন আৰু শিথিল কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে এই হিংসাত্মক ঘটনাৰ পিচৰে পৰা হালদৱানী হিংসাৰ মূল অভিযুক্ত আব্দুল মালিকৰ লগতে আন প্ৰায় ৯ জন অভিযুক্ত পলাতক হৈ আছে । পলাতক অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।ইতিমধ্যে আদালতে আব্দুল মালিককে ধৰি ৯ জন অভিযুক্তৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, হালদৱানী বনভুলপুৰাত ৮ ফেব্ৰুৱাৰীত চৰকাৰী ভূমিত নিৰ্মিত নৱাজ স্থল আৰু মাদ্ৰাছা উচ্ছেদক লৈ সংঘটিত হিংসাত্মক ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছিল । পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰাত জিলা দণ্ডাধীশে ৮ ফেব্ৰুৱাৰীৰ নিশা সমগ্ৰ চহৰখনত সান্ধ্য আইন জাৰি কৰিছিল ৷

লগতে পঢ়ক: দেৱভূমিৰ শান্তি বিনষ্ট কৰাসকলক কোনো পধ্যেই ৰেহাই দিয়া নহ'ব: মুখ্যমন্ত্ৰী ধামীৰ সকীয়নি

Last Updated : Feb 15, 2024, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.