ETV Bharat / bharat

দেৱভূমিৰ শান্তি বিনষ্ট কৰাসকলক কোনো পধ্যেই ৰেহাই দিয়া নহ'ব: মুখ্যমন্ত্ৰী ধামীৰ সকীয়নি

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 3:39 PM IST

Haldwani Violence: উত্তৰাখণ্ডৰ বনভুলপুৰাত সংঘটিত হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে । এই ঘটনাৰ আঁৰত থকাসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে । ঘটনাটো সংঘটিত কৰা ব্যক্তিজন যিমানেই প্ৰভাৱশালী নহওক কিয় তেওঁক কঠোৰ শাস্তি দিয়া হ'ব । দুৰ্বৃত্তৰ পৰাই সংগ্ৰহ কৰা হ'ব ক্ষতিপূৰণ ।

Haldwani Violence
দেৱভূমিৰ শান্তি বিনষ্ট কৰাসকলক কোনো মূল্যত ৰেহাই দিয়া নহ'ব

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডৰ বনভুলপুৰাৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে । ইতিমধ্যে হালদৱানী চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ আৰম্ভ কৰিছে । ৰাজপথত যান-বাহনৰ চলাচলো আৰম্ভ হৈছে । কিন্তু জিলা প্ৰশাসনে এতিয়াও বনভুলপুৰা অঞ্চলত সান্ধ্য আইন জাৰি কৰি ৰাখিছে । জিলা প্ৰশাসনে উক্ত অঞ্চলবোৰত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ আৰম্ভ কৰিছে । হালদৱানী আৰু ইয়াৰ চাৰিওফালৰ এলেকাসমূহত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হৈছে । কিন্তু বনভুলপুৰা অঞ্চলত এতিয়াও ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে ।

বনভুলপুৰা আৰক্ষী থানাৰ অন্তৰ্গত মালিক বাগিচাত চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মিত মছজিদ আৰু মাদ্ৰাছা উচ্ছেদৰ সময়ত হোৱা হুলস্থূলৰ পিচতে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । হিংসাত্মক ঘটনাটোত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে দুৰ্বৃত্তৰ আক্ৰমণত ৩০০ ৰো অধিক লোক আহত হৈছে । আনহাতে ৮ কোটিতকৈ অধিক মূল্যৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে ।

এই ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইতিমধ্যে স্থানীয় প্ৰশাসনলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । তেওঁ সকীয়াই দিছে যে যিসকলে হালদৱানীৰ বনভুলপুৰাত উপদ্ৰৱ চলাইছিল তেওঁলোকক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব । তেওঁ দাবী কৰা মতে ক্ষতিপূৰণো দুৰ্বৃত্তই দিব লাগিব । দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । যি সকলে দেৱভূমি উত্তৰাখণ্ডৰ শান্তি আৰু সম্প্ৰীতি নষ্ট কৰিছে তেওঁলোকক কোনো মূল্যতে ৰেহাই দিয়া নহ'ব বুলিও সকীয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ।

দুৰ্বৃত্তৰ বিৰুদ্ধে ইমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যে এই কাৰ্য ভৱিষ্যতৰ বাবে এক উদাহৰণ হৈ পৰিব । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী শনিবাৰে আলমোৰা ভ্ৰমণলৈ যোৱাৰ সময়তে এখন জনসভাত ভাষণ দি এইদৰে কয় ।

জানিব পৰা মতে আৰক্ষীয়ে ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । সমান্তৰালকৈ বহু দুৰ্বৃত্তক চিনাক্ত কৰি আটক কৰা হৈছে আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । বাকীসকল দুৰ্বৃত্তকো আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে ভিডিঅ' আৰু চিচিটিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীৰ অভিযানৰ সময়ত পুনৰ বহু আঘাতপ্ৰাপ্ত লোকৰ তথ্য পোহৰলৈ আহিছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষী অধীক্ষক প্ৰহ্লাদ নাৰায়ণ মীনাই কোৱা মতে হিংসাজৰ্জৰ অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু অৰ্ধসামৰিক বাহিনীয়ে সমগ্ৰ অঞ্চলটো নিৰীক্ষণ কৰি আছে । দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । হালদৱানী কোতৱালী আৰু বনভুলপুৰা আৰক্ষী থানাত দুৰ্বৃত্তৰ বিৰুদ্ধে পৃথক গোচৰ ৰুজু কৰা হৈছে । দুৰ্বৃত্তসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলি আছে । বৃহস্পতিবাৰে গুলীচালনাৰ সময়ত ৫ জন লোকৰ মৃত্যু হৈছিল । সেই মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক :সংঘৰ্ষপীড়িত বনভুলপুৰা অঞ্চলত বৰ্তমানেও জাৰি সান্ধ্য আইন; ইণ্টাৰনেট সেৱা কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.