সংঘৰ্ষপীড়িত বনভুলপুৰা অঞ্চলত বৰ্তমানেও জাৰি সান্ধ্য আইন; ইণ্টাৰনেট সেৱা কৰ্তন
Madrasa demolition in Haldwani Uttarakhand: উত্তৰাখণ্ডৰ বাহিৰৰ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন ৷ অৱশ্যে সংঘৰ্ষপীড়িত বনভুলপুৰা অঞ্চলত বৰ্তমানেও ই জাৰি হৈ আছে ৷ চহৰখনৰ বাহিৰৰ অঞ্চলৰ দোকানসমূহ খোলা হয় যদিও বিদ্যালয়সমূহ বন্ধ হৈ আছে । উৰাবাতৰি যাতে বিয়পিব নোৱাৰে তাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ৷

By PTI
Published : February 10, 2024 at 1:11 PM IST
নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: মছজিদ আৰু মাদ্ৰাছা উচ্ছেদক লৈ উত্তৰাখণ্ডৰ হালদৱানীত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমান উত্তৰাখণ্ড চহৰৰ বাহিৰৰ অঞ্চলৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে ৷ অৱশ্যে সংঘৰ্ষপীড়িত বনভুলপুৰা অঞ্চলত বৰ্তমানেও ই জাৰি হৈ আছে ৷ বৃহস্পতিবাৰে অবৈধভাৱে নিৰ্মিত এখন মাদ্ৰাছা ভাঙি পেলোৱাৰ পিচতে সৃষ্টি হয় এই পৰিস্থিতিৰ ।
শনিবাৰে চহৰখনৰ বাহিৰৰ অঞ্চলৰ দোকানসমূহ খোলা হয় যদিও বিদ্যালয়সমূহ বন্ধ হৈ আছে । হালদৱানীত থকা আইন আৰু শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ পি অংশুমানে সংবাদ মাধ্যমৰ আগত ভিডিঅ’যোগে জনায়, "উত্তপ্ত অঞ্চলবোৰত ধাৰাবাহিকভাৱে টহল দি থকা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে । বৃহস্পতিবাৰৰ হিংসাৰ সৈতে জড়িত পাঁচজন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তিনিটা গোটৰ পঞ্জীয়ন কৰা হৈছে ।"
সামাজিক মাধ্যমৰ জৰিয়তে উৰাবাতৰি যাতে বিয়পিব নোৱাৰে তাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । বৰ্তমানেও সান্ধ্য আইন জাৰি হৈ থকা বনভুলপুৰা অঞ্চলৰ বাসিন্দাসকলক সময়ে সময়ে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ দিয়া হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
কাঠগুদামলৈকে ৰে’লৰ চলাচলৰ কামো পুনৰ আৰম্ভ কৰা হৈছে বুলিও তেওঁ লগতে কয় । নতুনকৈ কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা নাই বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । বৃহস্পতিবাৰৰ হিংসাত্মক পৰিস্থিতিত ছয়জন সংঘৰ্ষকাৰী নিহত হোৱা বুলি বিষয়াসকলে জনায় ।
বৃহস্পতিবাৰে স্থানীয় লোকে পৌৰসভাৰ কৰ্মী আৰু আৰক্ষীৰ ওপৰত শিলগুটি আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰাত 60 জনতকৈ অধিক লোক আহত হয়, যাৰ ফলত বহু আৰক্ষী জোৱানে থানাত আশ্ৰয় ল’বলগীয়া হয়, ইয়াৰ পিছতে স্থানীয় লোকে থানাত অগ্নিসংযোগ কৰে ।
এগৰাকী সাংবাদিকসহ 7 জন লোক শুকুৰবাৰে তিনিখন ভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বুলি আৰক্ষীয়ে জনায় । ইয়াৰে তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ

