ETV Bharat / bharat

তিহাৰ কাৰাগাৰৰ আলহী হ'ল কে কবিতা - Delhi liquor case

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 6:32 PM IST

Delhi liquor case
তিহাৰ কাৰাগাৰৰ আলহী হ'ল কে কবিতা

Delhi liquor case: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা তেলেংগানাৰ এম এল চি কে কবিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ । ইডিৰ জিম্মা সমাপ্ত হোৱাৰ পিচত কবিতাক মঙলবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । আদালতত জয় তেলেংগানা, জয় কে চি আৰ শ্ল'গান কবিতাৰ ।

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰৰ কন্যা তথা বিআৰএছ নেত্ৰী কে কবিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । মঙলবাৰে ৰাউজ এভিনিউ আদালতে কবিতাক ৯ এপ্ৰিললৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা এমএলচি কে কবিতাৰ ই ডিৰ জিম্মা মঙলবাৰে সমাপ্ত হয় । তেওঁক ই ডিৰ বিষয়াসকলে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱায় । ই ডিৰ অধিবক্তা জোয়াব হুছেইনে ভাৰ্ছুৱেলী আদালতত অংশগ্ৰহণ কৰে । তেওঁ কবিতাৰ ন্যায়িক জিম্মাৰ বাবে আদালতত ১৫ দিনৰ সময় বিচাৰিছিল । অধিবক্তাগৰাকীয়ে উল্লেখ কৰে যে গোচৰটোৰ তদন্ত চলি আছে আৰু বহু অভিযুক্তক এতিয়াও সোধাপোছা কৰা হৈছে ।

আনহাতে কবিতাৰ অধিবক্তাই আদালতক কয় যে তেওঁৰ পুত্ৰৰ পৰীক্ষাৰ সময়সূচী মুকলি কৰা হৈছে । যাৰ বাবে কবিতাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিবলৈ আদালতক অনুৰোধ জনায় । দুয়োপক্ষৰ যুক্তি শুনাৰ পিচত আদালতে কবিতাক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইয়াৰ পিচতে কে কবিতাক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । আনহাতে আদালতে কয় যে ১ এপ্ৰিলত কবিতাৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

কবিতাই আদালতত হাজিৰ হোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত কয় যে এইটো এটা মিছা গোচৰ । এয়া ধন আত্মসাতৰ ঘটনা নহয় । এয়া ৰাজনৈতিক আত্মসাতৰ ঘটনা । তেওঁ লগতে কয় যে শীঘ্ৰে তেওঁ মুকলি আকাশৰ তললৈ আহিব । কবিতাই দাবী কৰে যে তেওঁক অস্থায়ীভাৱে কাৰাগাৰলৈ লৈ যাব পাৰে কিন্তু আত্মসন্মানক আঘাত কৰিব নোৱাৰে । কবিতাই লগতে কয় যে এগৰাকী অভিযুক্তই ইতিমধ্যে বিজেপিত যোগদান কৰিছে । দলটোৱে আন এজন অভিযুক্তক টিকট দিছে । তৃতীয় অভিযুক্তজনে বিজেপিক বণ্ডৰ ৰূপত ৫০ কোটি টকা দিছে । আদালতলৈ যোৱাৰ সময়ত কবিতাই জয় তেলেংগানা, জয় কেচিআৰ বুলিও শ্ল'গান দিয়ে ।

লগতে পঢ়ক :কাৰাগাৰৰ পৰাই এটাৰ পিচত আন এটা নিৰ্দেশনা কেজৰিৱালৰ - Kejriwal Directive From Jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.