ETV Bharat / bharat

সুৰা নীতি কেলেংকাৰী : ২৩ এপ্ৰিললৈ কেজৰিৱাল-কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - Delhi excise scam

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 4:36 PM IST

Delhi excise scam
২৩ এপ্ৰিললৈ কেজৰিৱাল আৰু কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি

Delhi excise scam: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৩ এপ্ৰিললৈ বৃদ্ধি । আনহাতে চি বি আইৰ জিম্মা শেষ হোৱাৰ পিচত সোমবাৰে বি আৰ এছ নেতা কে কবিতাৰ ন্যায়িক জিম্মা ২৩ এপ্ৰিললৈ বৃদ্ধি কৰা হয় ।

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : সুৰা নীতি কেলেংকাৰী গোচৰত দিল্লীৰ এখন আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৩ এপ্ৰিললৈ বৃদ্ধি কৰে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে । সোমবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ন্যায়িক জিম্মা সমাপ্ত হৈছিল । তাৰ পিচত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁক আদালতত হাজিৰ কৰোৱা হয় । ১ এপ্ৰিলত আদালতে তেওঁক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ২৮ মাৰ্চত, আদালতে কেজৰিৱালক ১ এপ্ৰিললৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

২৮ মাৰ্চত আদালতত হাজিৰ হোৱাৰ সময়ত কেজৰিৱালে কৈছিল যে এইটো এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ৰাইজে ইয়াৰ উত্তৰ দিব । তেওঁ নিজেই আদালতত কৈছিল যে প্ৰকৃত কেলেংকাৰীটো ই ডিৰ তদন্তৰ পিচত আৰম্ভ হৈছিল । ই ডিৰ লক্ষ্য হৈছে আম আদমি পাৰ্টীক ধ্বংস কৰা । তেওঁ অভিযোগ কৰা মতে গ্ৰেপ্তাৰ হোৱাৰ পিচত শৰদ ৰেড্ডীয়ে বিজেপিক ৫৫ কোটি টকা পৰিশোধ কৰিছিল । শৰদ ৰেড্ডীয়ে বিজেপিক নিৰ্বাচনী বণ্ডৰ ৰূপত ধন দিয়াৰ পিচত জামিন লাভ কৰিছিল বুলি তেওঁ অভিযোগ কৰিছিল ।

ইফালে দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বি আৰ এছ নেত্ৰী কে কবিতা পুনৰ এবাৰ বিফলতাৰ সন্মুখীন হয় । ৰাউজ এভিনিউ আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৩ এপ্ৰিললৈ বৃদ্ধি কৰিছে । চি বি আইৰ জিম্মা শেষ হোৱাৰ পিচত সোমবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতত, চি বি আইয়ে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাটো বিচাৰিছিল ।

তিহাৰ কাৰাগাৰত বন্দী কবিতাই তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে ৰাউজ এভিনিউ আদালতত এখন আবেদন দাখিল কৰিছিল । কিন্তু ৮ এপ্ৰিলত জামিনৰ আবেদন খাৰিজ কৰে ।

লগতে পঢ়ক :তিহাৰ কাৰাগাৰত কাৰাবন্দী বি আৰ এছ নেত্ৰী কে কবিতাক গ্ৰেপ্তাৰ চি বি আইৰ - K KAVITHA ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.