ETV Bharat / bharat

তিহাৰ কাৰাগাৰত কাৰাবন্দী বি আৰ এছ নেত্ৰী কে কবিতাক গ্ৰেপ্তাৰ চি বি আইৰ - K KAVITHA ARRESTED

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 4:20 PM IST

K KAVITHA ARRESTED
ACTION ON K KAVITHA

Action on K Kavitha: ই ডিৰ পিচত এইবাৰ চি বি আয়ে তিহাৰ জেলত বন্দী বি আৰ এছ নেত্ৰী কে. কবিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে চি বি আয়ে । ইয়াৰ পূৰ্বে শনিবাৰে চিবিআইয়ে ছয় ঘণ্টা ধৰি জেৰা কৰিছিল কে. কবিতাক ।

নিউজ ডেস্ক, ১১ এপ্ৰিল: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত তিহাৰ জেলত বন্দী হৈ থকা বি আৰ এছ নেত্ৰী কে. কবিতাৰ বিপদ এতিয়া আৰু বাঢ়িছে । ই ডিয়ে পূৰ্বে কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কবিতাক গ্ৰেপ্তাৰ কৰিছিল আৰু এতিয়া চি বি আয়েও কবিতাক গ্ৰেপ্তাৰ কৰিছে ।

বুধবাৰে খোদ চি বি আয়ে দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টক জনাইছিল যে কে কবিতাক দিল্লী আবকাৰী কেলেংকাৰী অভিযোগৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত তিহাৰ জেলত জেৰা কৰিছে । এই কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ন্যায়িক জিম্মাত আছে কে. কবিতা । বৃহস্পতিবাৰে চি বি আয়ে কে. কবিতাক গ্ৰেপ্তাৰ কৰে ।

তিহাৰ কাৰাগাৰত বন্দী কবিতাই অন্তৱৰ্তীকালীন জামিনৰ বাবে ৰাউজ এভিনিউ আদালততো আবেদন দাখিল কৰিছিল । কিন্তু ৮ এপ্ৰিলত জামিন আবেদন নাকচ কৰা হয় । কে. কবিতাই নাবালক পুত্ৰৰ স্কুলীয়া পৰীক্ষাৰ ভিত্তিত অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল । কিন্তু তেওঁ জামিন নাপালে ।

উল্লেখ্য যে সুৰা কেলেংকাৰীত ইডিয়ে কে. কবিতাক গ্ৰেপ্তাৰ কৰিছে । যোৱা ১৫ মাৰ্চত হায়দৰাবাদত অভিযান চলাই গ্ৰেপ্তাৰ হৈছিল কবিতাক । ইয়াৰ পূৰ্বে তদন্তকাৰী সংস্থাই কে. কবিতাক সোধা-পোছাৰ বাবে দুবাৰকৈ চমন প্ৰেৰণ কৰিছিল যদিও কে. কবিতাই সেইবোৰক আওকাণ কৰি হাজিৰ হোৱা নাছিল ।

ইয়াৰ পিছত ই ডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ আহে । ই ডিৰ মতে, কে. কবিতা সুৰা ব্যৱসায়ীজনৰ লবী চাউথ গ্ৰুপৰ সৈতে জড়িত আছিল । এই গোচৰত চি বি আয়ে ২০২৩ চনৰ ৮ ফেব্ৰুৱাৰীত নিজেই কে. কবিতাৰ চি এ বুচিবাবু গোৰাণ্টলাক গ্ৰেপ্তাৰ কৰিছিল । একেটা গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো ।

লগতে পঢ়ক: কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক সেৱাৰ পৰা অব্যাহতি - Kejriwal PS sacked

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.