ETV Bharat / bharat

CAA ৰূপায়ণ বিজেপিৰ লেতেৰা ভোট বেংকৰ ৰাজনীতি: কেজৰিৱাল

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:56 PM IST

Kejriwal Terms Implementation of CAA as 'BJP's Dirty Vote Bank Politics'; Seeks for Repeal
অৰবিন্দ কেজৰিৱাল

Arvind Kejriwal on CAA: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে CAA সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ CAA বাতিল হোৱাটো বিচাৰিছে তেওঁ ৷ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত 3.5 কোটিতকৈও অধিক সংখ্যালঘু আছে বুলি উল্লেখ কৰি তেওঁ কয় বিজেপিয়ে এনে দেশৰ দৰিদ্ৰ প্ৰব্ৰজনকাৰীসকলক ইয়াত ঘৰ আৰু চাকৰি দি বসতি স্থাপনৰ বাবে দেশৰ ধন ব্যয় কৰিব বিচাৰিছে ।

নেশ্যনেল ডেস্ক, 13 মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশৰ লোকসকলৰ বাবে দুৱাৰ মুকলি কৰি দিছে ৷ তেওঁ লগতে দাবী কৰে যে ই দেশৰ বাবে বিপজ্জনক । লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA ৰূপায়ণ বিজেপিৰ "লেতেৰা ভোট বেংকৰ ৰাজনীতি"লৈ পৰিণত হ'ল, যিটো দেশজুৰি ৰাইজে প্ৰত্যাহাৰ কৰিব বিচাৰে ।

এই আইনৰ দ্বাৰা কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে পাকিস্তান আৰু বাংলাদেশৰ পৰা বৃহৎ সংখ্যক দৰিদ্ৰ সংখ্যালঘু লোক ভাৰতলৈ অহাৰ বাবে দুৱাৰ মুকলি কৰি দিছে বুলি তেওঁ এখন সংবাদমেলত মন্তব্য কৰে ।

"পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ৩.৫ কোটি সংখ্যালঘু লোক আছে । পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা দৰিদ্ৰ প্ৰব্ৰজনকাৰীক ইয়াত ঘৰ আৰু চাকৰি দি বসতি স্থাপন কৰাত আমাৰ জনসাধাৰণৰ ধন খৰচ কৰিব বিচাৰিছে বিজেপিয়ে", আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে চৰকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ।

তেওঁ দাবী কৰে যে আগন্তুক নিৰ্বাচনত বিজেপি ভোট ল’বলৈ সাজু হৈছে ৷ চুবুৰীয়া দেশৰ দৰিদ্ৰ সংখ্যালঘু লোকসকল যি সকল ভাৰতৰ বাসিন্দা হৈ পৰিব বিজেপিৰ ভোটবেংক হ’ব । লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA কাৰ্যকৰী কৰাটো বিজেপিৰ ‘লেতেৰা ভোট বেংক ৰাজনীতি’ বুলি কেজৰিৱালে কয় ।

দেশে কা বাতিল কৰাৰ দাবী জনাইছে ৷ আইনখন বাতিল নকৰিলে মানুহক বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ তেওঁ আহ্বান জনাইছে । নাগৰিকত্ব সংশোধনী আইনে ৩১ ডিচেম্বৰ, ২০১৪ ৰ পূৰ্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নথি-পত্ৰবিহীন অমুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ।

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন; দক্ষিণ এছিয়াৰ 3 দেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.