ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - daily horoscope for 1st april

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 12:41 AM IST

daily-horoscope-for 1st april
দিনটোৰ ৰাশিফল

Daily Horoscope For 1st April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : খং নিয়ন্ত্ৰণ কৰি চলক, নহ’লে কামৰ লগতে সম্পৰ্কও নষ্ট হ’ব । উদ্বেগ আৰু শত্ৰুতাই আপোনাক অমনোযোগী কৰি তুলিব । আজি আপুনি নিস্তেজ হৈ থাকিব । কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা কোনো শুভ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাব পাৰে ।

বৃষ ৰাশি : কামৰ বোজা বহুত থাকিব । কঠোৰ পৰিশ্ৰম কৰা পিচতো সফলতা নাপাব পাৰে । অসুস্থ অনুভৱ কৰিব পাৰে । নতুন প্ৰকল্পৰ বাবে মুঠেও ভাল সময় নহয় । খোৱা-বোৱাত সাৱধান হওক । ভ্ৰমণত বাধা-বিঘিনি অহাৰ যোগ আছে । লাভৰ কাৰণে দৌৰাদৌৰি কৰি থকাৰ সলনি ধ্যান কৰক আৰু আধ্যাত্মিক চিন্তা কৰক ।

মিথুন ৰাশি : দিনটো আনন্দদায়ক আপোনাৰ বাবে । কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও সুস্থ হৈ থাকিব । পৰিয়ালৰ লোক আৰু বন্ধুৰ সৈতে সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে । উৎকৃষ্ট খাদ্য ভোজন কৰিব যেন লাগিছে । লং ড্ৰাইভত ওলাই যাব পাৰে বা নিজৰ পছন্দৰ গাড়ীত উঠি ভ্ৰমণ কৰাৰ যোগ । মানুহৰ মাজত জনপ্ৰিয়তা বৃদ্ধি পাব আপোনাৰ ।

ককৰ্ট ৰাশি : ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ । সহকৰ্মীৰ পৰাও সহায় লাভ কৰিব । পৰিয়ালৰ সৈতে বহুত সময় কটাওক, আৰু তেওঁলোকক সুখী কৰি তোলক । গোটেই দিনটো আপুনি মানসিক শান্তি পাই থাকিব । নিজৰ প্ৰতিযোগীসকলতকৈ কামত উন্নত প্ৰদৰ্শন কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা নিশ্চিত । ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে

সিংহ ৰাশি : শিল্পকলাৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অনুকূল । পঢুৱৈসকলৰ বাবেও দিনটো শুভ ৷ ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব তেওঁলোক । বন্ধু আৰু প্ৰিয়জনসকলক লগ পোৱাৰ যোগ ৷ স্বাস্থ্য ভালে থাকিব । মনোযোগ অটুট ৰাখিবলৈ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ।

কন্যা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে প্ৰতিকূলতাৰে ভৰা । শাৰীৰিকভাৱে সুস্থ অনুভৱ নকৰিব পাৰে । দুশ্চিন্তাই আপোনাৰ মনক আগুৰি ধৰি ৰাখিব । স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ’ব পাৰে । মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব । মাটি আৰু সম্পত্তি সম্বন্ধীয় কাম কৰাৰ সময়ত সতৰ্ক থাকক ।

তুলা ৰাশি : গোটেই দিনটো আনন্দেৰে ভৰপূৰ । আজি আপুনি যিয়ে কাম হাতত ল’ব, তাতেই সফলতা পাব । প্ৰিয়জনক লগ পাব পাৰে । উদ্বেগমুক্তভাৱে দিনটো পাৰ হ’ব । তীৰ্থযাত্ৰা কৰি আপুনি পৰমানন্দ লাভ কৰিব । আৱেগিক সম্পৰ্কসমূহে আপোনাক বিপাঙত পেলাই ৰাখিব ।

বৃশ্চিক ৰাশি : আপুনি আজি যদি ঘৰত সুখ-শান্তি অটুট ৰাখিব বিচাৰে তেনেহ’লে কথা কওতে সাৱধান হ’ব । নিজৰ ৰুক্ষ আচৰণেৰে কাৰোবাৰ মনত আঘাত দিব পাৰে আজি আপুনি । সেয়ে নিজৰ আচৰণক লৈ সতৰ্কিত হৈ থাকক । মনত নেতিবাচক চিন্তা আহিবলৈ নিদিব । স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে । অশুভ শক্তিৰ চিকাৰ হ’ব পাৰে । পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ অসুবিধা পাব পাৰে পঢ়ুৱৈসকলে ।

ধনু ৰাশি : আজি নিশ্চিত থাকক, দিনটো আপোনাৰ পৰিকল্পনা অনুসৰিয়ে পাৰ হ’ব । আৰ্থিক লাভ নিশ্চিত । গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত অনুভৱ কৰিব । সৰুসুৰা সুখকৰ ভ্ৰমণৰ যোগ আছে । ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে সুখকৰ কিছু মুহূৰ্ত কটাব পাৰে । কোনো আনন্দদায়ক তথা শুভ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাব পাৰে । সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ প্ৰবল যোগ ।

মকৰ ৰাশি : দিনটো উৎসাহহীন আৰু হতাশাৰে পাৰ হ’ব । সামাজিক আৰু ধৰ্মীয় কাৰণত আপোনাৰ কিছু টকা খৰচ হ’ব পাৰে । ঘনিষ্ঠ আৰু প্ৰিয়জনসকলৰ পৰা কোনো ধৰণৰ সাহায্য আশা নকৰিব ৷ গ্ৰহৰ অৱস্থানে কৈ আছে যে, আজি আপোনাৰ সম্পত্তি আৰু সুনাম নষ্ট হোৱাৰ সম্ভাৱনা আছে । এইবোৰৰ কাৰণে আপুনি আজি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে । আইন সম্বন্ধীয় বিষয়ো আপোনাৰ হতাশাৰ কাৰণ হ’ব পাৰে । কথা-বতৰা কওতে সাৱধানে থাকিব ।

কুম্ভ ৰাশি : দিনটো আপোনাৰ বাবে শুভ । এই সময়ছোৱাত বহু কিবাকিবি লাভ কৰি আপুনি আনন্দিত হৈ পৰিব । নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো বৰ ভাল । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে । সন্তানৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠাৰ আশা আছে । আয় বৃদ্ধিৰ সম্ভাৱনা আছে । ভ্ৰমণত যোৱাৰো যোগ আছে ৷

মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক । ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা লাভ কৰিব । আপুনি ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ালেই হওঁক, ইতিবাচক ফল পাব । সকলো কাম যেনেকৈ হৈ গৈ থাকিব, সেয়া চাই আপুনি আনন্দ পাব । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব । ঘৰত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.