ETV Bharat / bharat

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:54 AM IST

Womens Day 2024
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ

Womens Day 2024: দেশৰ প্ৰতিগৰাকী গৃহিণীক সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছে । নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে নাৰী দিৱসৰ শুভেচ্ছাও জ্ঞাপন কৰে ।

নেশ্যনেল ডেস্ক,৮ মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । দেশজুৰি নাৰী দিৱসৰ ব্যাপক আয়োজন চলিছে । ইয়াৰ মাজতে দেশৰ প্ৰতিগৰাকী গৃহিণীলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখিছে, "আজি মহিলা দিৱসত আমাৰ চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বিত্তীয় বোজা যথেষ্ট হ্ৰাস পাব ৷ বিশেষকৈ আমাৰ নাৰী শক্তি উপকৃত হ'ব । ৰন্ধন গেছ অধিক সুলভ কৰি, আমি পৰিয়ালবোৰৰ কল্যাণত সহায় কৰা আৰু এক স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছো । এইটো মহিলাসকলক শক্তিশালী কৰা আৰু তেওঁলোকৰ বাবে 'জীৱন ধাৰণৰ সহজতা' নিশ্চিত কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ ।"

উল্লেখ্য যে চৰকাৰে ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ মহিলাসকলক প্ৰতি এলপিজি চিলিণ্ডাৰ ৰাজসাহায্য ৩০০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । কেন্দ্ৰই যোৱা বছৰ অক্টোবৰত প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ২০০ টকাৰ পৰা প্ৰতি চিলিণ্ডাৰত ১২ টা ৰিফিললৈ বৃদ্ধি কৰিছিল । প্ৰতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য ৩০০ টকা চলিত বিত্তীয় বৰ্ষৰ বাবে আছিল, যি ৩১ মাৰ্চত সমাপ্ত হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপনো কৰে । এক্সৰ পোষ্টত তেওঁ লিখিছে, "আমি আমাৰ নাৰী শক্তিৰ বল, সাহস আৰু স্থিতিস্থাপকতাক অভিবাদন জনাইছো আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সফলতাক প্ৰশংসা কৰিছো । আমাৰ চৰকাৰ শিক্ষা, উদ্যোগ, কৃষি, প্ৰযুক্তি আৰু বহুতো উদ্যোগৰ জৰিয়তে মহিলাসকলক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" যোৱা দশকত চৰকাৰৰ সফলতাত এয়া প্ৰতিফলিত হৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :আন্তৰ্জাতিক নাৰী দিৱস 2024; 10 সফল ভাৰতীয় মহিলা খেলুৱৈৰ সংগ্ৰামৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.