ETV Bharat / bharat

কৃষক সংগঠন-কেন্দ্ৰীয় চৰকাৰৰ আলোচনা ব্য়ৰ্থ: আজি পুনৰ ‘দিল্লী চলো’ পদযাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:19 AM IST

Farmers Delhi Chalo March
কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা

Farmers Delhi Chalo March: চণ্ডিগড়ৰ ছেক্টৰ ২৬ ৰ মহাত্মা গান্ধী ষ্টেট ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচনত অনুষ্ঠিত কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনা বিফল হোৱাত জটিল হৈছে পৰিস্থিতি । এই বৈঠকখন ৫ ঘণ্টা ধৰি চলে যদিও বিফল হয় ।

নেশ্য়নেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত কোনো চুক্তি সম্পাদন নোহোৱাত আজি দিল্লী অভিমুখে আগবাঢ়িব ‘দিল্লী চলো’ পদযাত্ৰাই । কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে পুনৰ ‘দিল্লী চলো’ পদযাত্ৰা গ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সোমবাৰে সন্ধিয়া চণ্ডিগড়ত কৃষকসকলৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে । সোমবাৰে সন্ধিয়া চণ্ডিগড়ৰ ছেক্টৰ ২৬ ৰ মহাত্মা গান্ধী ষ্টেট ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচনত এই বৈঠকখন অনুষ্ঠিত হয় । এই বৈঠকখনত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু পীয়ুষ গোৱেল উপস্থিত থাকে যদিও আলোচনা বিফল হোৱাত কৃষকসকলে পুনৰ আজি ‘দিল্লী চলো’ পদযাত্ৰা কৰাৰ সিদ্ধান্তত অটল হৈ আছে ।

কৃষক নেতা চৰৱান সিং পান্ধেৰ আৰু জগজিৎ সিং দাল্লেৱালে বৈঠকৰ পিছত ঘোষণা কৰে যে কৃষকসকলে মঙলবাৰে পুৱা ১০ বজাত দিল্লীলৈ যাত্ৰা কৰিব । সোমবাৰে অনুষ্ঠিত বৈঠকখন ৫ ঘণ্টা ধৰি চলে যদিও বিফল হয় । এই বৈঠকৰ পিছত কৃষক নেতাসকলে কয় যে চৰকাৰে আজি তেওঁলোকক কোনো নতুন প্ৰস্তাৱ দিয়া নাই। চৰকাৰে নিজৰ স্থিতিত অটল আছে আৰু সেইবাবে কৃষকসকলে এতিয়া আগবাঢ়িবলৈ বাধ্য হোৱা বুলি কয় কৃষক নেতা চৰৱান সিং পান্ধেৰ আৰু জগজিৎ সিং দাল্লেৱালে ।

কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ মাজত হোৱা আলোচনা আকৌ এবাৰ স্থগিত হৈছে । কৃষক নেতা জগজিৎ সিং দাল্লেৱাল আৰু চাৰৱান সিং পান্ধেৰে বৈঠকৰ পিছত পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে এমএছপিৰ গেৰাণ্টি, স্বামীনাথন সমিতিৰ পৰামৰ্শ আৰু ঋণ ৰেহাইৰ ওপৰত এখন নতুন সমিতি গঠন কৰিব । কৃষকসকল উচ্চ ক্ষমতাসম্পন্ন সমিতিতো থাকিব । সমিতিখনে সময় সীমাবদ্ধৰ সিদ্ধান্ত ল'ব । অৱশ্যে এই সন্দৰ্ভত শীঘ্ৰেই এক দৃঢ় ঘোষণা কৰা হ'ব তেওঁ দাবী কৰে । কৃষকসকলৰ ঋণ ৰেহাই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কয় যে সমবায় সমিতিসমূহৰ ঋণ মাফ কৰা হয় আৰু বেংকসমূহৰ ঋণ ৰেহাইৰ ওপৰত আলোচনাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব । ইপিনে,কৃষকসকলে সমবায় সমিতিৰ লগতে বেংকৰ পৰাও ঋণ মাফ কৰিব লাগে দাবী জনাইছে ।

আনহাতে, উক্ত বৈঠকৰ পিছত কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," চৰকাৰে আলোচনাৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধান বিচাৰিব বিচাৰে । সেইকাৰণে আমি ইয়াত আছো ।" কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে পুনৰ কয়," আমি বহুতো বিষয়ত সহমত তৈয়াৰ কৰিছো, কিন্তু বহুতো বিষয়ত সমিতি গঠন কৰাৰ প্ৰয়োজন আছে, যাতে সেইবোৰ স্থায়ীভাৱে সমাধান কৰিব পৰা যায় । আমি এখন সমিতি গঠন কৰি কিছুমান বিষয় সমাধান কৰিব বিচাৰো । পৰৱৰ্তী আলোচনাৰ জৰিয়তে এক চুক্তি তৈয়াৰ কৰা হ'ব বুলি আশা কৰা হৈছে । আমি কৃষকসকলৰ সৈতে পুনৰ মীমাংসা কৰিবলৈ চেষ্টা কৰিম । কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষক আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব ।"

ইয়াৰ পূৰ্বে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে । পাৰস্পৰিক আলোচনাৰ জৰিয়তে কৃষি সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি কয় । একে সময়তে, মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক পঞ্জাৱ আৰু ভাৰতৰ মাজত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন কৰাৰ বাবে সমালোচনা কৰি কয় যে বেৰ আৰু কাঁইটীয়া তাঁৰৰে ভাৰত আৰু পঞ্জাৱৰ মাজত সীমান্ত নিৰ্মাণ কৰা উচিত নহয় ।

লগতে পঢ়ক:কৃষকৰ পদযাত্ৰা ভেটিবলৈ সষ্টম আৰক্ষী; সীমান্তত স্থাপন কৰা হৈছে চিমেণ্টযুক্ত বেৰিকেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.