ETV Bharat / bharat

তপত বালিত জোৱানে সেকিছে পাপৰ : ভিডিঅ’ ভাইৰেলৰ পিছতে ভিন্নজনে জনাইছে চেল্যুট - BSF Jawan Roasts Papad In Hot Sand

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:12 PM IST

Heatwave in Rajasthan: ৰাজস্থানৰ বালিত পাপৰ সেকিছে নিৰাপত্তাত নিয়োজিত জোৱানে ৷ ভাইৰেল হৈছে ভিডিঅ’ ৷ অসাধাৰণ পৰিস্থিতিৰ সন্মুখীন হৈয়ো দেশৰ সেৱাত নিয়োজিত জোৱানসকলক চেল্যুট জনাইছে ভিন্নজনে ৷

BSF JAWAN ROASTS PAPAD IN HOT SAND
তপত বালিত পাপৰ সেকিছে বি এই এফৰ জোৱানে (ETV Bharat Bikaner)

তপত বালিত পাপৰ সেকিছে বি এই এফৰ জোৱানে (ETV Bharat Bikaner)

নিউজ ডেস্ক, 22 মে’: ৰাজস্থানত অব্যাহত আছে প্ৰচণ্ড গৰম ৷ এই গৰমৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে ৰাজ্যখনৰ মৰুভূমিৰ বালিত পাপৰ সেকি থকাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত বহুলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা দেখা গৈছে ৷

ভিডিঅ’টোত দেখা গৈছে যে অসহ্যকৰ গৰমৰ মাজতে কৰ্তব্য সম্পাদন কৰি থকা জোৱানজনে গৰম বালিৰ মাজত কম সময়ৰ বাবেই এখন পাপৰ ৰাখি সেকিছে খোৱাৰ উপযোগীকৈ ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এক্সত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘ৰাজস্থানৰ মৰুভূমিৰ এই ভিডিঅ'টোৱে মোক আমাৰ জোৱানসকলৰ প্ৰতি অপৰিসীম সন্মান আৰু কৃতজ্ঞতাৰে মন ভৰাই তুলিছে ৷ এইসকল লোকে অসাধাৰণ পৰিস্থিতিৰ মাজত থাকিও আমাক সুৰক্ষিত কৰি ৰাখে ।’’

আন এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ৰাজস্থানৰ বিকানেৰত উষ্ণতা 47৹ পৰ্যন্ত বৃদ্ধি পাইছে ৷ আন্তৰ্জাতিক সীমান্তৰ বালি অঞ্চলটোৰ অগ্নিশালৰ দৰে পৰিছে ৷ কিন্তু আমাৰ সৈনিকসকলে শক্তিশালীভাৱে দেশৰ প্ৰতি সেৱা আগবঢ়াই আছে ৷ এগৰাকী বি এছ এফ জোৱানে বালিত এখন পাপৰ সেকি থকাৰ ভিডিঅ’ ভাইৰেল হৈছে । এওঁলোকক অভিবাদন জনাওক ।’’

এক্সত স্বাতী গোৱেল নামৰ আন এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে, ‘‘বি এছ এফ জোৱানে ৰাজস্থানৰ বালিত পাপৰ সেকি গৰমৰ তীব্ৰতা কিমান হৈছে সেয়া দেখুৱাইছে ৷ বি এছ এফ জোৱানসকলৰ লগতে আন জৰুৰী সেৱাত নিয়োজিত লোকসকলৰ প্ৰতি এক ডাঙৰ অভিবাদন । এই গৰমত ঘৰৰ ভিতৰত থকাটোৱেই ডাঙৰ কথা হৈছে ।’’ এওঁলোকৰ উপৰিও আন বহুতেই বিশেষ ভিডিঅ’টোৰ সন্দৰ্ভত নিজৰ নিজৰ ক’বলগীয়াখিনি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা পাঁচ দিনত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি এই ৰাজ্যসমূহৰ কেবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰাই দিনৰ ভাগত ৪৭ ডিগ্ৰী চেলচিয়াছ পাৰ কৰাৰো সম্ভাৱনা আছে আগন্তুক পাঁচদিনত ৷

লগতে পঢ়ক: উৎকট গৰমে দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.