ETV Bharat / state

উৎকট গৰমে দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - Jorhat School Timing Changed

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 5:06 PM IST

School timing changes in Jorhat: উৎকট গৰমৰ বাবে যোৰহাট জিলাৰ সকলো বিদ্যালয় পাঠদানৰ সময়সূচী সলনি । চৰকাৰী , ব্যক্তিগত সকলো বিদ্যালয়ৰ ক্ষেত্ৰতে ১ জুনৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম । যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰে এই নিৰ্দেশনা ।

School timing changes in Jorhat
উৎকট গৰম দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ সময়সূচী সলনি (ETV Bharat Assam)

উৎকট গৰম দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ সময়সূচী সলনি (ETV Bharat Assam)

যোৰহাট,২২ মে': ২০২৩বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত অত্যাধিক হাৰত গৰমে দহিছে ৰাজ্যবাসীক । ফলত সাধাৰণ জীৱন যাত্ৰা তথা কাম-কাজ বিঘ্নিত হৈ পৰিছে । গৰমৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত । ঘৰৰ বাহিৰলৈ ওলোৱাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে শিক্ষাৰ্থীসকলৰ বাবে । এনে পৰিস্থিতিত যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

School timing changes in Jorhat
উৎকট গৰম দহিছে ৰাজ্য, যোৰহাটত বিদ্যালয়ৰ সময়সূচী সলনি (ETV Bharat Assam)

প্ৰচণ্ড গৰমৰ সৈতে ছাত্র ছাত্রীয়ে মোকাবিলা কৰিব পৰাকৈ বিদ্যালয়ৰ সময়সূচী সাল-সলনি কৰা হৈছে যোৰহাট জিলাত । অত্যাধিক গৰমৰ বাবে যোৰহাট জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ পাঠদানৰ নতুন সময়সূচী হ'ল, প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা ১২.৩০ বজালৈ । মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা ১ বজালৈ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান পুৱা ৮ বজাৰ পৰা ১.৩০ বজালৈ ।

যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰে এই নিদেৰ্শনা । উক্ত নিৰ্দেশনাসমূহ ১ জুনৰ পৰা কাৰ্যকৰী হ'ব বুলি পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে । যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অমান্য কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষা বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ।

উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ লগে লগে সমগ্র দেশৰ লগতে অসমতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু মে' মাহতেই ইয়াৰ প্ৰমাণ দি গৈছে । সেই কথা অনুধাৱন কৰিয়ে শিক্ষা বিভাগে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । যোৰহাট জিলা শিক্ষা বিভাগে গ্ৰহণ কৰা উক্ত পদক্ষেপে শিক্ষাৰ্থীসকলক শিক্ষাগ্ৰহণ কৰিবলৈ অলপ হলেও সকাহ দিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: উৎকট গৰম দহিছে ৰাজ্য; বিদ্যালয়ৰ সময়সূচী সলনি - Rajasthan School Timing Changed

Heatwave In Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.