ETV Bharat / bharat

উৎকট গৰম দহিছে ৰাজ্য; বিদ্যালয়ৰ সময়সূচী সলনি - Rajasthan School Timing Changed

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 11:19 AM IST

Rajasthan School Timing Changed
উৎকট গৰম, ৰাজস্থানত বিদ্যালয়ৰ সময়সূচী সলনি (ETV Bharat)

Rajasthan School Timing Changed: উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য প্ৰচণ্ড গৰমৰ কবলত পৰিছে । যাৰ বাবে বহুতো ৰাজ্যত বিভিন্ন প্ৰতিষ্ঠান বন্ধৰো ঘোষণা কৰিবলগীয়া হৈছে । একে সময়তে ৰাজস্থানত বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে ।

নেশ্যনেল ডেস্ক, ৯ মে' : উৎকট গৰমে দহিছে ৰাজস্থানৰ বিভিন্ন অঞ্চল । যাৰ বাবে সৰ্বসাধাৰণ লোকসকল বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে । ঘৰৰ বাহিৰলৈ ওলোৱাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে শিক্ষাৰ্থীসকলৰ বাবেও । এনে পৰিস্থিতিত ৰাজ্যখনৰ শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজ্যখনৰ ২৬ খন জিলাত বিদ্যালয়ৰ সময় আৰু বন্ধৰ সূচী সম্পৰ্কে শিক্ষা বিভাগে নতুন নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি এই ২৬ খন জিলাত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বিদ্যালয়ৰ সময় পুৱা ৭:৩০ বজাৰ পৰা ১১:০০ বজালৈ হ'ব ।

আজমেৰ আৰু বিকানেৰত, প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শ্ৰেণীৰ সময় দুপৰীয়া ১২ বজালৈ কৰা হৈছে । ইয়াৰ উপৰিও, কিছুমান জিলাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ সময় হ্ৰাস কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে । অৱশ্যে, এই নিৰ্দেশবোৰ কেৱল বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত হে প্ৰযোজ্য হ'ব । বিদ্যালয়ৰ কৰ্মচাৰী আৰু শিক্ষকসকলৰ সময় একে থাকিব ।

ৰাজ্যখনত প্ৰচণ্ড গৰমৰ বাবে মানুহে এতিয়া কেৱল অত্যাৱশ্যকীয় কামৰ বাবেহে বাহিৰলৈ ওলাই আছে । এনে পৰিস্থিতিত, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতে এই প্ৰচণ্ড গৰমৰ বাবে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জিলা উপায়ুক্তসকলক বিদ্যালয়ৰ সময় সলনি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । লগতে নিৰ্দেশ দিয়া হৈছে যে বিদ্যালয়সমূহৰ অন্যান্য প্ৰশাসনিক কাম-কাজত বাধা হ'ব নালাগে ।

অৱশ্যে, কিছুমান জিলাত, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীৰ সময় আগৰ দৰেই থাকিব । এই নিৰ্দেশনা যদি কোনো বিদ্যালয়ে অমান্য কৰে, তেন্তে নিয়ম অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও কোৱা হৈছে ।

লগতে পঢ়ক :তেলেংগানাত প্ৰচণ্ড বৰষুণ, শিশুসহ ১৬ জনৰ মৃত্যু - Heavy Rain Hit Telangana

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.