ETV Bharat / bharat

মণিপুৰত বিস্ফোৰণৰ ঘটনাত নিহত ১, আহত ২

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 9:59 AM IST

মণিপুৰত বিস্ফোৰণৰ ঘটনাত নিহত ১
মণিপুৰত বিস্ফোৰণৰ ঘটনাত নিহত ১

Blast in Manipur : বিস্ফোৰণত মৃত্যু হোৱা লোকজনক অইনাম কেনেগি (২৪) বুলি চিনাক্ত কৰা হৈছে । আনহাতে, আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : হিংসাজৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা । ইম্ফল পশ্চিমত এই বিস্ফোৰণৰ ঘটনা সংঘটি হোৱাৰ খবৰ পোৱা গৈছে । এই বিস্ফোৰণৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হোৱা বুলি জানিব পৰা গৈছে ।

ইম্ফল পশ্চিমৰ থাংমেইবান্দস্থিত ডিএম মহাবিদ্যালয়ৰ বাহিৰত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিস্ফোৰণ সংঘটিত হোৱা স্থানটুকুৰা সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা অলপ দূৰৈত । শুকুৰবাৰে নিশা প্ৰায় ৯.২৫ বজাত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি সূত্ৰত প্ৰকাশ ।

বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকজনক অইনাম কেনেগি (২৪) বুলি চিনাক্ত কৰা হৈছে । আনহাতে, আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহত দুয়োগৰাকী ব্যক্তিক চহৰখনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সূত্ৰ মতে, নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

অৱশ্যে, বাতৰি যুগুতোৱাৰ সময়লৈকে হতাহত সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই । আনহাতে, বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে তাৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই । ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই বিস্ফোৰণটোত কেনে ধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে যোৱা বছৰ মে' মাহৰ পৰা উত্তপ্ত হৈ আছে মণিপুৰ । প্ৰায় এবছৰ ধৰি ৰাজ্যখনত চলি থকা জাতিগত সংঘৰ্ষৰ মাজতে পুনৰ এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ।

মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ (এছটি) মৰ্যাদা প্ৰদানৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 'জনজাতীয় সংহতি সমদল' আয়োজনৰ পিছতে যোৱা বছৰ ৩ মে'ত মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে । তাৰ পিছৰ পৰায়ে অশান্ত হৈ আছে মণিপুৰ । আনহাতে, বিগত সময়ছোৱাত সংঘটিত ব্যাপক হিংসাত্মক ঘটনাত এতিয়ালৈকে ১৮০ জনৰো অধিক লোক নিহত হৈছে ।

লগতে পঢ়ক :আজি সমগ্ৰ দেশজুৰি মমবাতি সমদল; ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত দিল্লীৰ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.