ETV Bharat / bharat

বিজেপি বিধায়কক বাজেট অধিবেশনৰ পৰা নিলম্বন সন্দৰ্ভত আজি দিল্লী উচ্চ ন্যায়ালয়ত শুনানি

author img

By ANI

Published : Feb 19, 2024, 1:17 PM IST

Delhi Assembly Budget Session : দিল্লী বিধানসভাৰ বাজেট অধিবেশন ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে । এই অধিবেশনত লেফটেনেণ্ট গভৰ্ণৰে শিক্ষা, স্বাস্থ্য, পৰিবহণ, সমাজ কল্যাণ, আন্তঃগাঁথনি আদি ক্ষেত্ৰত আপ নেতৃত্বাধীন দিল্লী চৰকাৰৰ নীতি, কাৰ্যসূচী আৰু কামৰ কথা উল্লেখ কৰে । তেওঁৰ ভাষণৰ সময়তে বিজেপি বিধায়কসকলে বাধা প্ৰদানৰ অভিযোগ উঠে ।

বাজেট অধিবেশনৰ পৰা নিলম্বন সন্দৰ্ভত আজি দিল্লী উচ্চ ন্যায়ালয়ত শুনানি
বাজেট অধিবেশনৰ পৰা নিলম্বন সন্দৰ্ভত আজি দিল্লী উচ্চ ন্যায়ালয়ত শুনানি

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : দিল্লী বিধানসভাৰ বাজেট অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে দিল্লী বিজেপিৰ বিধায়কসকলক নিলম্বনৰ প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে বিধায়কসকলে ।

আনহাতে, ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমিত প্ৰীতম সিং অৰোৰাৰ বিচাৰপীঠে সোমবাৰে বিষয়টো জৰুৰীভাৱে তালিকাভুক্ত কৰাৰ অনুমতি প্ৰদান কৰে আৰু সোমবাৰে বিষয়টোৰ ওপৰত শুনানি ল'বলৈ সন্মত হয় ।

জ্যেষ্ঠ অধিবক্তা জয়ন্ত মেহতাই বিজেপি বিধায়কসকলক প্ৰতিনিধিত্ব কৰিছে । তেওঁ বিচাৰপীঠৰ আগত কয় যে বিৰোধী বিধায়কসকলৰ নিলম্বন সম্পূৰ্ণ ভুল আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ অধিকাৰ প্ৰভাৱিত হৈছে ।

মেহতাই এইটোও কয় যে বিধায়কসকলক নিলম্বন কৰাৰ প্ৰস্তাৱটো অসাংবিধানিক আৰু নিয়মৰ পৰিপন্থী ।

উল্লেখ্য যে দিল্লী বিধানসভাৰ বাজেট অধিবেশন ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে । এই অধিবেশনত লেফটেনেণ্ট গভৰ্ণৰে শিক্ষা, স্বাস্থ্য, পৰিবহণ, সমাজ কল্যাণ, আন্তঃগাঁথনি আদি ক্ষেত্ৰত আপ নেতৃত্বাধীন দিল্লী চৰকাৰৰ নীতি, কাৰ্যসূচী আৰু কামৰ কথা উল্লেখ কৰে ।

কিন্তু এইটো অভিযোগ উঠে যে লেফটেনেণ্ট গভৰ্ণৰ চাক্সেনাই আপৰ সাফল্যৰ কথা উল্লেখ কৰি ভাষণ আৰম্ভ কৰাৰ সময়ত বিজেপি বিধায়ক তথা বিৰোধী দলৰ প্ৰাক্তন নেতা বিজেন্দ্ৰ গুপ্তাই বাধা প্ৰদান কৰে । পিছত বিজেপিৰ আন বিধায়কসকলেও তেওঁৰ ভাষণত চৰকাৰৰ বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰাৰ সময়ত বাধা প্ৰদান কৰাটো অব্যাহত ৰাখে ।

আনহাতে, শুকুৰবাৰে দিল্লী বিধানসভাৰ পৰা বিজেপি বিধায়কসকলক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছত দিল্লীৰ মন্ত্ৰী তথা আপ নেতা সৌৰভ ভৰদ্বাজে কয়, "কেইদিনমান পূৰ্বে সংসদৰ উচ্চ সদন, ৰাজ্যসভাত দেখা গৈছিল যে বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন অহালৈকে কেইগৰাকীমান সদস্যক কিছু সময়ৰ বাবে নিলম্বিত কৰা হয়... এই সৰু সদনবোৰে (ৰাজ্যিক বিধানসভাসমূহ) আটাইতকৈ ডাঙৰ সদনৰ (সংসদ) পৰা অনুপ্ৰেৰণা লয়... লেফটেনেণ্ট গভৰ্ণৰৰ ভাষণত বাধা দিয়াটো এটা ডাঙৰ সমস্যা আছিল আৰু আচৰণ বিধি অনুসৰি ইয়াক সদনৰ অৱমাননাৰ ঘটনা হিচাপে চাব লাগিব ।"

লগতে পঢ়ক :ইডিৰ সন্মুখত উপস্থিত হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.