ETV Bharat / bharat

সীমান্তৱৰ্তী গাঁওবোৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা মোদীৰ

author img

By ANI

Published : Mar 9, 2024, 2:33 PM IST

Vibrant Village Program : ইণ্ডি এলায়েন্সৰ 'পৰিয়ালবাদী' নেতাসকলে মোদীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে । তেওঁলোকে সুধিছে, 'মোদী কা পৰিবাৰ কৌন হে ?'... মোদীয়ে কয়, "যিসকলে মোক গালি-গালাজ কৰিছে, তেওঁলোকে মনোযোগেৰে শুনিব । অৰুণাচল প্ৰদেশৰ পাহাৰত বাস কৰা প্ৰতিটো পৰিয়ালে কৈছে, 'য়ে মোদী কা পৰিবাৰ হে' ।"

সীমান্তৱৰ্তী গাঁওবোৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা মোদীৰ
সীমান্তৱৰ্তী গাঁওবোৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা মোদীৰ

নিউজ ডেস্ক, ৯ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তৱৰ্তী গাঁওবোৰক 'অৱহেলা' কৰাৰ বাবে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শাসনক আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ 'ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰাম'ৰ ওপৰতো আলোকপাত কৰে ।

অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত 'বিকশিত ভাৰত বিকশিত উত্তৰ-পূব' কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কংগ্ৰেছে সীমান্তৱৰ্তী গাঁওসমূহক অৱহেলা কৰিছিল আৰু সেইবোৰক অন্তিমখন গাঁও বুলি অভিহিত কৰিছিল । কিন্তু মোৰ বাবে, এইখন প্ৰথম গাঁও আৰু সেয়েহে আমি ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ।"

আনহাতে, 'পৰিয়াল নোহোৱা' বুলি প্ৰধানমন্ত্ৰীক কৰা উপহাসৰ প্ৰত্যাক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এফালে মোদীয়ে 'বিকশিত ভাৰত' নিৰ্মাণৰ বাবে ইটা একত্ৰিত কৰি আছে আৰু আনফালে যুৱসকলৰ উন্নত ভৱিষ্যতৰ বাবে দিনে-নিশাই কাম কৰি আছে...।"

কিন্তু ইণ্ডি এলায়েন্সৰ 'পৰিয়ালবাদী' নেতাসকলে মোদীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে । তেওঁলোকে সুধিছে, 'মোদী কা পৰিয়াল কৌন হে ?'... মোদীয়ে কয়, "যিসকলে মোক গালি-গালাজ কৰিছে, তেওঁলোকে মনোযোগেৰে শুনিব । অৰুণাচল প্ৰদেশৰ পাহাৰত বাস কৰা প্ৰতিটো পৰিয়ালে কৈছে, 'ইয়ে মোদী কা পৰিয়াল হে' ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰৰ ফ্লেগশ্বিপ কাৰ্যসূচীৰ ওপৰতো বক্তব্য ৰাখে । সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আপোনালোকে নিশ্চয় 'মোদী কি গেৰাণ্টি'ৰ বিষয়ে শুনিছে । কিন্তু ইয়াৰ অৰ্থ কি ? সমগ্ৰ উত্তৰ-পূবে 'মোদী কি গেৰাণ্টি'য়ে কেনেদৰে কাম কৰি আছে তাৰ সাক্ষী হৈ আছে । অৰুণাচল পোৱাৰ পিছত আপোনালোকে ইয়াৰ অৰ্থ উপলব্ধি কৰিব । সমগ্ৰ উত্তৰ-পূব ইয়াৰ সাক্ষী ।"

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ২০১৯ চনত অৰুণাচলত চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল আৰু আজি ইয়াক উদ্বোধন কৰা হৈছে । জনসাধাৰণলৈ তেওঁৰ প্ৰশ্ন, "এইটো 'পক্কী গেৰাণ্টি' নহয় নেকি ?"

উল্লেখ্য যে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী হৈছে এক কেন্দ্ৰীয় পৃষ্ঠপোষকতাত গ্ৰহণ কৰা আঁচনি, যাৰ অধীনত অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখত উত্তৰ সীমান্তত থখা 19 খন জিলাৰ 46 টা খণ্ডৰ 2,967 খন গাঁও ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে ।

প্ৰথম পৰ্যায়ত 662 খন গাঁৱক অগ্ৰাধিকাৰ ভিত্তিত উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে অৰুণাচল প্ৰদেশৰ 455 খন গাঁও ।

ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে চিনাক্ত কৰা সীমান্তৱৰ্তী গাঁওবোৰত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব আৰু তেওঁলোকক নিজৰ জন্মস্থানত থাকিবলৈ উৎসাহিত কৰিব । ইয়াৰ ফলত এই গাঁওবোৰৰ পৰা প্ৰব্ৰজন হ্ৰাস হ'ব আৰু সীমান্তৰ নিৰাপত্তা বৃদ্ধি হ'ব ।

লগতে পঢ়ক :অৰুণাচলৰ ছেলা সুৰংগ মুকলি; প্ৰায় ৫৫ কোটি টকাৰ ব্যয়সাপেক্ষে মুকলি বিভিন্ন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.