ETV Bharat / bharat

ছুটী লৈ বিপদত এয়াৰ ইণ্ডিয়াৰ ২৫ ক্ৰু সদস্য - Air India crew strike

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 12:36 PM IST

Air India crew strike
ছুটী লৈ বিপদত এয়াৰ ইণ্ডিয়াৰ ২৫ ক্ৰু সদস্য (ETV Bharat)

Air India crew strike : শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লৈছিল এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৩০০ জ্যেষ্ঠ কেবিন ক্ৰুৱে । যাৰ বাবে বৃহস্পতিবাৰে বাতিল হ'ল বহু বিমান । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেড কৰ্মচাৰী সেৱা নিয়ম উলংঘনৰ অভিযোগ ২৫ গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিলে কোম্পানীটোৱে ।

নেশ্যনেল ডেস্ক, ৯ মে' : এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৩০০ জ্যেষ্ঠ কেবিন ক্ৰুৱে শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লৈছিল । যাৰ বাবে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই প্ৰায় ১০০ খন বিমানৰ উৰণ বাতিল কৰিবলগীয়া হৈছিল । যাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল । এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈছিল যাত্ৰীসকল ।

কোম্পানীটোৰ বিৰুদ্ধে যাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে । এনে পৰিস্থিতিত এয়াৰ ইণ্ডিয়াইও কেবিন ক্ৰু সদস্যসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে । কোম্পানীটোৱে একাংশ প্ৰতিবাদকাৰী যাত্ৰীৰ বিৰুদ্ধে শান্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে একাংশ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ কথা জানিব পৰা গৈছে ।

সূত্ৰৰ মতে শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লোৱা প্ৰায় ২৫ গৰাকী ক্ৰু সদস্যক কামৰ পৰা অব্যাহতি দিয়া হৈছে । এই ক্ষেত্ৰত কোম্পানীটোৱে এক পত্ৰত লিখিছে যে কোনো যুক্তিসঙ্গত কাৰণ অবিহনে পূৰ্বে নিৰ্ধাৰিত কামৰ পৰা আঁতৰি আছিল তেওঁলোক । কৰ্মচাৰীসকলে অসুস্থতাৰ কাৰণ দৰ্শোৱা বিষয়টো এক উমৈহতীয়া বুজাবুজিৰ সৈতে সমন্বিত পদক্ষেপ, বিমান পৰিচালনা নকৰা আৰু কোম্পানীৰ সেৱা ব্যাহত কৰাৰ সমান ।

কোম্পানীটোৰ মতে, এয়া কেৱল প্ৰযোজ্য আইন উলংঘন কৰাই নহয় কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেড কৰ্মচাৰী সেৱা নিয়মো উলংঘা কৰে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে । পত্ৰখনত লগতে উল্লেখ কৰা হৈছে - যিহেতু কোম্পানীটোৱে বৃহৎ পৰিমাণৰ বিমানৰ চলাচলত ব্যাঘাতৰ সন্মুখীন হৈছিল ৷ যাৰ ফলত এয়াৰলাইনটোৰ ব্যাপক আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছে । সেয়ে কোম্পানীটোৱে পত্ৰখনৰ জৰিয়তে কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে, টাটা মালিকাধীন এআইএক্সয়ে বুধবাৰে বহু বিমান বাতিল আৰু বিলম্ব কৰিবলগীয়া হৈছিল । যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী প্ৰভাৱিত হোৱাৰ লগতে অস্থিৰতা দেখা দিছিল । ইফালে কোম্পানীটোৰ চিইঅ' আলোক সিঙে ৮ মে'ত কৰ্মচাৰীসকললৈ এক আভ্যন্তৰীণ বাৰ্তাত কৈছিল যে যদি কেবিন ক্ৰুৰ কোনো বিষয়ক লৈ সমস্যা আছে তেনেহ'লে তেওঁ আলোচনাৰ বাবে প্ৰস্তুত ।

লগতে পঢ়ক : ক্ৰুৰ সমূহীয়া ছিক লিভত বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ 86 খন বিমান - Air India Express Flights

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.