ETV Bharat / bharat

অস্ত্ৰ এৰি মূলসুঁতিলৈ 30 গৰাকী মাওবাদী বিদ্ৰোহী - Naxalites Surrender In Bijapur

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:50 PM IST

Naxalites Surrender: 30 গৰাকী মাওবাদী বিদ্ৰোহীৰ আত্মসমৰ্পণ । আত্মসমৰ্পণকাৰী মাওবাদী বিদ্ৰোহীসকলৰ ওপৰত 5 ৰ পৰা 8 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷ পুনৰ্বাসন নীতিৰ অধীনত মাওবাদী বিদ্ৰোহীসকলক আত্মসমৰ্পণৰ সময়ত আগবঢ়োৱা হৈছে 25 হাজাৰকৈ টকা ৷

30 Naxalites surrender before security forces in Chhattisgarh's Bijapur
অস্ত্ৰ এৰি মূলসুঁতিলৈ 30 গৰাকী মাওবাদী বিদ্ৰোহী (Etv bharat)

নেশ্যনেল ডেস্ক, 14 মে’: ছত্তীশগড়ত চলি থকা নক্সাল নিৰ্মূল অভিযানৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । মঙলবাৰে বিজাপুৰৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে 30 জনকৈ নক্সালবাদী বিদ্ৰোহীয়ে । এই আটাইকেইজন নক্সালবাদী বিদ্ৰোহীয়ে ছত্তীশগড় চৰকাৰৰ পুনৰ্বাসন আৰু আত্মসমৰ্পণ নীতিৰ প্ৰভাৱত আত্মসমৰ্পণ কৰিছে ।

নক্সাল সংগঠন ত্যাগ কৰাৰ কাৰণ কি: কৰ্মৰ প্ৰতি অৱহেলা, বৈষম্যমূলক আচৰণ, নিৰ্যাতন, মাওবাদীৰ ফোপোলা মতাদৰ্শ আৰু সংগঠনৰ জনজাতীয় লোকৰ ওপৰত হোৱা অত্যাচাৰ আদি দিশবোৰে আত্মসমৰ্পণকাৰী নক্সালবাদীসকলক সংগঠন ত্যাগ কৰিবলৈ উৎসাহিত কৰিছিল । সেয়ে ৰাজ্য চৰকাৰৰ আত্মসমৰ্পণ নীতিত আপ্লুত হৈ ভাৰতৰ সংবিধানৰ প্ৰতি বিশ্বাস ৰাখি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণৰ সময়ত তেওঁলোকক চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসন নীতিৰ অধীনত 25 হাজাৰ টকাকৈ নগদ ধন আগবঢ়োৱা হৈছিল ।

বিজাপুৰত আত্মসমৰ্পণ কৰা নক্সালবাদীসকল: আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ ভিতৰত 9 জন নক্সালবাদীক পুৰস্কৃত কৰা হয় । তেওঁলোকৰ ওপৰত মুঠ 35 লাখতকৈ অধিক টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

1) মিতকী কাকেম ওৰফে সৰিতা (35 বছৰ), 8 লাখ টকাৰ পুৰস্কাৰ

2) মুৰি মুহাণ্ডা ওৰফে সুখমতী (32 বছৰ), 8 লাখ টকাৰ পুৰস্কাৰ

3) ৰাজিতা ভেট্টী ওৰফে ৰামে (24 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ

4) দেৱে কোভাছি (২৪ বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ

5) সীনু পদম ওৰফে চিন্না (27 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ

6) আয়তা সোধি (22 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ

7) আয়তু কৰম (50 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ

8) মুন্না হেমলা ওৰফে চান্দু (35 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ

9) আয়তু মিডিয়াম ওৰফে ভাৰ্গেশ (38 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ

10) নক্সালবাদী ছান্নু কৰম ওৰফে ডোৰা, পিতৃ আয়তু কৰম বয়স 24 বছৰ

11) নক্সালবাদী বামন কৰম (24 বছৰ),

12) নক্সালবাদী সুখৰাম কৰম (36 বছৰ),

13) নক্সালবাদী মানকু তাঁতী (35 বছৰ),

14) নক্সালবাদী মুন্না পোটাম ওৰফে মুকেশ (40 বছৰ),

15) নক্সালবাদী সন্তু হেমলা (23 বছৰ),

16) নক্সালবাদী ৰাহুল হেমলা ওৰফে ছোতু (25 বছৰ)

17) নক্সালবাদী সুখৰাম ওৰফে সুৰেশ কৰম (30 বছৰ)

18) নক্সালবাদী মোতু হেমলা (27 বছৰ)

19) নক্সালবাদী মোটু কাৱাছি (27 বছৰ)

20) নক্সালবাদী ৰমেশ হেমলা (22 বছৰ)

21) নক্সালবাদী লখু কোৰ্ছা (25 বছৰ)

22) নক্সালবাদী নন্দু কুৰ্ছাম (21 বছৰ)

23) নক্সালবাদী সোমলু কদতি ওৰফে দিৱাকাৰ (40 বছৰ)

24) নক্সালবাদী সোমলু তাঁতী (45 বছৰ)

25) নক্সালবাদী সন্তোষ পদম (19 বছৰ)

26) নক্সালবাদী গুড্ডি হাপকা (26 বছৰ)

27) নক্সালবাদী জ্যোতি লেকাম (29 বছৰ)

28) নক্সালবাদী সোণু কুদিয়াম (21 বছৰ)

29) নক্সালবাদী ৰাজেশ কোৰ্ছা (28 বছৰ)

30) নক্সালবাদী লখমু পল্লো ওৰফে লখু (30 বছৰ)

নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক প্ৰচেষ্টা: ৰাজ্যৰ নক্সাল অধ্যুষিত অঞ্চলত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ লোকে অবিৰতভাৱে মাওবাদ বিৰোধী অভিযান চলাই আছে । ডি আৰ জি, বাষ্টাৰ ফাইটাৰ, এছ টি এফ, কোব্ৰা আৰু চি আৰ পি এফৰ দলসমূহে অহৰহ নক্সাল বিৰোধী অভিযান আৰম্ভ কৰিছে । যাৰ শেহতীয়া প্ৰভাৱ এইদৰে দেখিবলৈ পোৱা গ’ল ।

লগতে পঢ়ক: নিৰাপত্তা বাহিনীৰ অভিযানত মহাৰাষ্ট্ৰত ৪ মাওবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.