ETV Bharat / bharat

কেৰালাৰ দম্পতী আৰু বান্ধৱীক মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত - KERALA PERSONS DEATH IN ARUNACHAL

author img

By PTI

Published : Apr 3, 2024, 10:51 AM IST

Updated : Apr 3, 2024, 5:08 PM IST

কেৰালাৰ দম্পতী আৰু বান্ধৱীক মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত
কেৰালাৰ দম্পতী আৰু বান্ধৱীক মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত

Kerala Couple Death in Arunachal: অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আৰক্ষীয়ে মঙলবাৰে ৰহস্যজনক পৰিস্থিতিত এখন হোটেলৰ কোঠাৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰে । কোট্টায়ামৰ এটি দম্পতী আৰু তিৰুৱন্তপুৰমৰ তেওঁলোকৰ বান্ধৱীক জিলা সদৰ হাপোলিৰ হোটেল ব্লু পাইনৰ এটা কোঠাৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল বুলি আৰক্ষীয়ে জনায় ।

নিউজ ডেস্ক, ৩ এপ্ৰিল : কেৰালাৰ তিনি ব্যক্তিৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ এখন হোটেলৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ । এটা দম্পতী আৰু তেওঁলোকৰ বান্ধৱীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, কেৰালা আৰক্ষীয়ে মঙলবাৰে প্ৰকাশ কৰিছে যে ব্যক্তিকেইগৰাকীৰ মৃত্যুৰ আঁৰত ক'লা যাদু থাকিব পাৰে বুলি চৰ্চা চলি আছে । এই চৰ্চাৰ মাজতে ৰাজ্যখনৰ তিনিগৰাকী লোকৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত তদন্তৰ বাবে অৰুণাচল প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব ।

কেৰালা আৰক্ষীয়ে অৱশ্যে এই কথাও জনাইছে যে এয়া এই ঘটনাটো ক'লা যাদুৰ বাবেই হৈছে নেকি সেই সম্পৰ্কত এতিয়াই একো ক'ব নোৱাৰে ।

তিৰুৱন্তপুৰম মহানগৰৰ আৰক্ষী আয়ুক্ত চি নাগাৰাজুৱে কয় যে তিনিওগৰাকীৰ আচৰণত কিবা এক অস্বাভাৱিকতা দেখা গৈছে । এটি বিবাহিত দম্পতী আৰু এগৰাকী মহিলা মৃত অৱস্থাত উদ্ধাৰ হৈছে । কিন্তু তেওঁলোকৰ মোবাইল আৰু অন্যান্য বৈদ্যুতিন সঁজুলি পৰীক্ষা নকৰালৈকে চূড়ান্তভাৱে একো ক'ব নোৱাৰি ।

"আমি ক'ব নোৱাৰো যে এইটো ক'লা যাদু বা তেনেকুৱা কিবা এটাৰ বাবে হৈছিল । আমাৰ দলটো আজি নিশা তালৈ যাব । প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হোৱাৰ পিচত আমি তাৰ পৰা প্ৰমাণ আনিব পাৰোঁ । গতিকে ইয়াত কিছু সময় লাগিব ।" মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয় ।

তেওঁ এইটোও কয় যে তিনিওগৰাকী তালৈ কিয় গৈছিল আৰু কেনেকৈ তেওঁলোকৰ মৃত্যু হৈছিল সেয়া অনুসন্ধান কৰা প্ৰয়োজন । তেওঁ লগতে কয় যে প্ৰাথমিকভাৱে তেওঁলোকৰ ওচৰত এনে ধৰণৰ আন কোনো গ্ৰুপৰ বিষয়ে তথ্য নাই ।

"কিন্তু আমি অনুসন্ধান কৰিব লাগিব যে এই গ্ৰুপটো কিয় গঠন কৰা হৈছিল আৰু তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্য কি আছিল ।" আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আৰক্ষীয়ে মঙলবাৰে ৰহস্যজনক পৰিস্থিতিত এখন হোটেলৰ কোঠাৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰে ।

কোট্টায়ামৰ এটি দম্পতী আৰু তিৰুৱন্তপুৰমৰ তেওঁলোকৰ বান্ধৱীক জিলা সদৰ হাপোলিৰ হোটেল ব্লু পাইনৰ এটা কোঠাৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল বুলি আৰক্ষীয়ে জনায় ।

মৃত অৱস্থাত উদ্ধাৰ কৰা ব্যক্তিকেইগৰাকীক তিৰুৱন্তপুৰমৰ বাসিন্দা আৰ্য আৰু কোট্টায়ামৰ বাসিন্দা নবীন আৰু তেওঁৰ পত্নী দেৱী বুলি চিনাক্ত কৰা হয় ।

ইফালে দম্পতীহালৰ পৰিয়ালৰ এগৰাকী বন্ধু তথা সাংস্কৃতিক কৰ্মী সূৰ্য কৃষ্ণমূৰ্তিয়ে সাংবাদিকৰ আগত কয় যে দেৱীৰ পিতৃ এগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ । তেওঁলোকৰ মৃত্যুৰ আঁৰত ক'লা যাদু আছিল বুলিও তেওঁ মত পোষণ কৰে ।

"তেওঁলোকে আবেলি মৃত্যুৰ বিষয়ে জানিব পাৰিছিল । তেওঁ (পিতৃ) মোক কৈছিল যে দম্পতীটো ক'লা যাদুৰ কবলত পৰিছে । মৃত্যু হোৱা তিনিওগৰাকী উচ্চ শিক্ষিত আছিল । সেয়েহে যদি তেওঁলোকে এনে ধৰণৰ ফান্দত পৰিছে তেন্তে ই এক গুৰুতৰ বিষয় । ইয়াৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা প্ৰয়োজন ।" তেওঁ কয় ।

তেওঁ এইটোও কয় যে দম্পতীটো আয়ুৰ্বেদিক চিকিৎসক আছিল । আনহাতে, নবীনৰ পৰিয়ালৰ ওচৰত বাস কৰা স্থানীয় বাসিন্দাসকলে কয় যে দম্পতীটোৱে ১৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু মাজে মাজে আহি মাক-দেউতাকক লগ কৰিছিল । তিনিওগৰাকী ২৮ মাৰ্চত গৈ হোটেলখনত উপস্থিত হৈছিল ।

আনহাতে, অৰুণাচলৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্ৰাৰম্ভিক অনুসন্ধানত আত্মহত্যাৰ দিশে নিৰ্দেশ কৰিছে । কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিচতহে এক নিশ্চিত সিদ্ধান্তত উপনীত হ'ব পৰা যাব ।

উল্লেখ্য যে নবীনে অনলাইন ব্যৱসায় কৰিছিল । আনহাতে তেওঁৰ পত্নী দেৱীয়ে এখন ব্যক্তিগত বিদ্যালয়ত জাৰ্মান ভাষা শিকাইছিল আৰু আৰ্য একেখন বিদ্যালয়তে ফৰাচী শিক্ষক আছিল ।

লগতে পঢ়ক :ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মহিলাসহ ১০ নক্সালবাদী নিহত - Naxalites Killed In Chhattisgarh

Last Updated :Apr 3, 2024, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.