অসম

assam

Kuri Bosor Jail to be telecast প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰ্দাত কলাগুৰুৰ কুৰি বছৰ জেইল

By

Published : Jul 28, 2022, 6:25 PM IST

Updated : Aug 13, 2022, 8:20 AM IST

()
প্ৰথমবাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক কাহিনীৰ আধাৰত প্ৰস্তুত হৈছে এখন ধাৰাবাহিক (Serial based on story of Bishnu Prasad Rabha)। অহা ৩১ জুলাইৰ পৰা গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰ হ’ব ধাৰাবাহিকখন ৷ উল্লেখ্য যে, ৰাভাৰ ফুলমণি বাগানৰ কাহিনী গল্প সংকলনৰ ‘কুৰি বছৰ জেইল’ নামৰ গল্পটোক নাট্যৰূপ দি অনুৰূপ নামেৰেই সম্প্ৰচাৰ কৰা হ’ব ধাৰাবাহিকখন ৷ গল্পটোক নাট্যৰূপ দিছে ড৹ স্বাধীনতা মহন্তই ৷ আনহাতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ হৰিবিলাস মুভিছে (Sree Haribilash Movies Tezpur) নিবেদন কৰিবলগীয়া ধাৰাবাহিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে হৰিবিলাস আগৰৱালাৰ পুত্ৰ অপৰূপ আগৰৱালাই ৷ তেজপুৰৰ নুৰবাৰী চাহ বাগিচাত(Noorbari Tea Estate) দৃশ্য গ্ৰহণ কৰা মুঠ ৫ টা খণ্ডৰ ধাৰাবাহিকখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৰিচালক অপৰূপ আগৰৱালাই কয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এনে প্ৰচাৰ আৰু প্ৰসাৰ অতিকে প্ৰয়োজনীয় । অতি কম সময়ৰ এই ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাক কাৰাগাৰলৈ বন্দী কৰি নিয়া দৃশ্যটো অন্যতম । উল্লেখ্য যে, চাহ বাগিচাৰ দৃশ্যসমূহৰ লগতে তেজপুৰ চহৰৰ দৃশ্যসমূহো বন্দী কৰিছে চিনেমাটোগ্ৰাফাৰ সিদ্ধাৰ্থ বৰুৱাই।
Last Updated :Aug 13, 2022, 8:20 AM IST

ABOUT THE AUTHOR

...view details