অসম

assam

ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

By

Published : Sep 13, 2022, 1:44 PM IST

কোন সঁচা, কোন মিছা ! ভবেশ কলিতা নে জয়া কলিতা ? 2018 চনত ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়তে বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (BJP President Bhabesh Kalita) তেওঁৰে সমষ্টিৰ জয়া কলিতা নামৰ যুৱতীগৰাকীৰ পৰা চাকৰি দিয়াৰ নামত তিনি লাখ টকা বিচৰাৰ অভিযোগ উঠিছে ৷ ৰাজ্যৰ ৰাজনীতি এতিয়া উত্তপ্ত হৈ আছে এই অভিযোগক লৈ ৷ ইতিমধ্য়ে ভবেশ কলিতাই যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰো ৰুজু কৰিছে ৷ আনহাতে থমকি ৰোৱা নাই জয়া কলিতাও ৷ আজি ই টিভি ভাৰতৰ আগত জয়া কলিতাই কয় যে বিজেপিৰ আই টি চেলে (BJP IT Cell) সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে আৰু ইয়াৰ আঁৰত আছে স্বয়ং ভবেশ কলিতা ৷ জয়া কলিতাই কয়- "এজন লোকৰ সৈতে তোলা মোৰ এখন ফটো বিজেপি আই টি চেলে ভাইৰেল কৰি প্ৰচাৰ চলাইছে যে সেই লোকজন ড্ৰাগছৰ লগত জড়িত ৷ কিন্তু সেই একেজন লোকৰ লগত ভবেশ কলিতাৰো ফটো আছে ৷ তেন্তে ভবেশ কলিতাও ড্ৰাগছৰ সৈতে জড়িত আছিল নেকি ?" আৰু কি কি বিস্ফোৰক মন্তব্য কৰিলে জয়া কলিতাই ? চাওক এই সাক্ষাৎকাৰ-

ABOUT THE AUTHOR

...view details