অসম

assam

হোজাইত 60 ৰ উৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হ’ব ক’ভিডৰ বুষ্টাৰ ড’জ

By

Published : Jan 11, 2022, 4:05 PM IST

()
সমগ্ৰ দেশৰ লগতে ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ কৰা হৈছে ক'ভিড-19ৰ বুষ্টাৰ ড’জ প্ৰদান অভিযান (Assam starts COVID-19 booster dose vaccination) ৷ যিসকল ব্যক্তিৰ দ্বিতীয় পালি ভেকচিন লোৱাৰ ৯ মাহ অতিক্ৰম কৰিছে, সেইসকলে এই তৃতীয় পালি ভেকচিন গ্ৰহণ কৰিব পাৰিব ৷ এইক্ষেত্ৰত ৬০ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু প্ৰথম শাৰীৰ কর্মী, চিকিৎসক, স্বাস্থ্যকর্মীক এই ভেকচিন ল’বলৈ অগ্ৰাধিকাৰ দিয়া হৈছে ৷ সোমবাৰে আৰম্ভ হোৱা এই অভিযানটো পর্যায় ক্ৰমে ৯ মাহ সম্পূর্ণ হোৱা লোকৰ মাজত অব্যাহত থাকিব ৷ ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো ৬০ বছৰ উৰ্দ্ধৰ বৃদ্ধ, স্বাস্থ্য সেৱাকৰ্মী, আগশাৰীৰ কৰ্মী আৰু ২য় পালি ভেকচিন গ্ৰহণ কৰা ৯ মাহ ব্যৱধানৰ লোকসকলক কভিড-১৯ৰ বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে(Hojai district health department starts booster dose vaccination) ৷ হোজাই জিলাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ লগতে লংকাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো অবিৰতভাৱে ক’ভিডৰ প্ৰতিষেধক সুৰক্ষা সূচক পালি (বুষ্টাৰ ড’জ) প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে লংকা স্বাস্থ্য খণ্ডৰ দায়িত্ববাহী বিষয়া নমিতা বৰাই ৷

ABOUT THE AUTHOR

...view details