অসম

assam

Barshashree Buragohain releases: ৬৪ দিনৰ অন্তত স্ব-গৃহত উপস্থিত বর্ষাশ্ৰী বুঢ়াগোহাঁই

By

Published : Jul 22, 2022, 10:58 PM IST

৬৪ দিনৰ অন্তত টীয়কৰ আপোন গৃহত উপস্থিত হ’ল বর্ষাশ্ৰী বুঢ়াগোহাঁই ৷ দীৰ্ঘদিনৰ অন্তত জীয়ৰী কাষত পাই আৱেগিক হ’ল পিতৃ-মাতৃ ৷ উল্লেখ্য যে, ফেচবুকত কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে অৱশেষত জামিন লাভ কৰে (Barshashree Buragohain Releases) । মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বর্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰাৰ (Barshashree Buragohain granted bail) পিছতে বর্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগতে আনন্দত আত্মহাৰা হৈছিল বর্ষাশ্ৰীৰ শুভাকাংক্ষীসকলো । জামিন সম্পৰ্কীয় তথ্য পাতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনলাইন যোগে গোলাঘাট সত্ৰ ন্যায়ধীশলৈ প্ৰেৰণ কৰাৰ পিছতে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ পিতৃ অজিৎ বুঢ়াগোহাঁয়ে জীয়ৰীৰ জামিন লোৱাৰ পিছতেই মুকলি আকাশলৈ অহাৰ পথ সম্পূৰ্ণৰূপে নিশ্চিত হয় ৷ তাৰ পাচতে শুকুৰবাৰে নিশা ৯:৩০ বজাত স্বগৃহত উপস্থিত হয় বর্ষাশ্ৰী বুঢ়াগোহাঁই ৷ উল্লেখযোগ্য যে, যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় সন্মাসিকৰ ছাত্ৰী বর্ষাশ্ৰী আছিল এগৰাকী মেধা সম্পন্ন ছাত্ৰী ৷ তেওঁ ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা গোলাঘাট কাৰাগাৰতেই সম্পন্ন কৰিছিল । ইতিমধ্যে তেওঁ মানসিকভাৱে যথেষ্ট সৱল হৈ থকা পৰিলক্ষিত হৈছে আৰু আগন্তুক দিনত পঢ়া শুনাত মনোনিৱেশ কৰা সংকল্প লৈছে বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে ৷ লগতে আইনী বিচাৰ প্ৰক্ৰিয়াত নিশ্চয়কৈ নিৰ্দোষী প্ৰমাণ হ'ব বুলি আশা প্ৰকাশ কৰিছে বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে ।

ABOUT THE AUTHOR

...view details